--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  চাণক্যই তেওঁৰ বহু শ্লোকৰ জৰিয়তে নাৰী চৰিত্ৰৰ বিষয়ে বর্ণনা কৰিছে। এনে শ্লোকত চাণক্যই পতিব্রতা পত্নীৰ কথাও উল্লেখ কৰিছে। চাণক্যৰ  মতে যি পত্নীয়ে মনে প্রাণে পতিব্রতা হয় আৰু কামৰ জৰিয়তে সেই কথাৰ প্রমাণ দিয়ে তেৱেই শ্রেষ্ঠ পত্নী। তেনে পত্নী সদায় সত্যবাদী হয় আৰু স্বামীক সকলো কথাই খুলি-ভাঙি কয়। 

তেনে পত্নীয়ে কেতিয়াও চলনাৰ আশ্ৰয় নলয় । আৰু স্বামীক বিপথে পৰিচালিত নকৰে। তেনে পত্নীকেই শ্রেষ্ঠ পত্নী হিচাপে মর্যাদা দিছে চাণক্যই।চাণক্যই লগতে কৈছে যে পুত্রহীন ব্যক্তিৰ গৃহ শূন্য, বন্ধু-বান্ধৱ নথকা ব্যক্তিৰ দিশ শুন্য, মুৰ্খতাই কৰে হৃদয় শূন্য আৰু দৰিদ্ৰতাই সকলো শূন্য কৰি পেলায়। মানুহে সংসাৰ কৰে পুত্ৰ-কন্যা সন্তানেৰে ঘৰ সুশোভিত কৰি তুলিবলৈ। কিন্তু সকলো লোকৰ ভাগ্যত পুত্র লাভৰ যোগ নাথাকে।

 বহুতে  পৰম আগ্ৰহেৰে সংসাৰ কৰিলেও ঈশ্বৰে তেওঁলোকক পুত্র সন্তান নিদিয়ে। কোনো পুত্ৰ নথকা ঘৰ সেয়ে সকলো থাকিও শূন্য হৈ পৰে বুলি চাণক্যই কৈছে। চাণক্যই  পুত্রহীন গৃহক শূন্য গৃহ বুলি কৈছে। একেদৰে যি লোকৰ কোনো বন্ধু-বান্ধৱ নাই তেনে লোকো দিশহাৰা হৈ পৰে। বন্ধু-বান্ধৱে লোক এজনক বিপদ তথা সম্পদৰ সময়ত সংগ দি যায়। 

প্রতিকূল পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়ত লোক এজনক যদি পৰামৰ্শ দিবলৈ অথবা সহায় কৰিবলৈ বন্ধু-বান্ধৱ নাথাকে তেন্তে তেওঁ বিপদৰ পৰা উদ্ধাৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। একেদৰে মুৰ্খতাই হৃদয় শূন্য কৰি পেলায়। মুৰ্খতাৰ বাবেই মানুহে হিত-অহিতৰ বিচাৰ কৰিব নোৱাৰে। দৰিত্ৰতাই সকলো পুৰি চাৰখাৰ কৰে বুলিও চাণক্যই কৈছে।দৰিদ্ৰ লোক এজনে কোনো পৰিকল্পনাই ধনৰ অভাৱত সফল কৰিব নোৱাৰে। সেয়ে চাণক্যই সকলোকে যোগ্যতা আৰু সামৰ্থ অনুসৰি দেহত বল থকালৈকে কাম কৰি যোৱাৰ কথা কৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে