--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  চাণক্যই তেওঁৰ বহু শ্লোকৰ জৰিয়তে নাৰী চৰিত্ৰৰ বিষয়ে বর্ণনা কৰিছে। এনে শ্লোকত চাণক্যই পতিব্রতা পত্নীৰ কথাও উল্লেখ কৰিছে। চাণক্যৰ  মতে যি পত্নীয়ে মনে প্রাণে পতিব্রতা হয় আৰু কামৰ জৰিয়তে সেই কথাৰ প্রমাণ দিয়ে তেৱেই শ্রেষ্ঠ পত্নী। তেনে পত্নী সদায় সত্যবাদী হয় আৰু স্বামীক সকলো কথাই খুলি-ভাঙি কয়। 

তেনে পত্নীয়ে কেতিয়াও চলনাৰ আশ্ৰয় নলয় । আৰু স্বামীক বিপথে পৰিচালিত নকৰে। তেনে পত্নীকেই শ্রেষ্ঠ পত্নী হিচাপে মর্যাদা দিছে চাণক্যই।চাণক্যই লগতে কৈছে যে পুত্রহীন ব্যক্তিৰ গৃহ শূন্য, বন্ধু-বান্ধৱ নথকা ব্যক্তিৰ দিশ শুন্য, মুৰ্খতাই কৰে হৃদয় শূন্য আৰু দৰিদ্ৰতাই সকলো শূন্য কৰি পেলায়। মানুহে সংসাৰ কৰে পুত্ৰ-কন্যা সন্তানেৰে ঘৰ সুশোভিত কৰি তুলিবলৈ। কিন্তু সকলো লোকৰ ভাগ্যত পুত্র লাভৰ যোগ নাথাকে।

 বহুতে  পৰম আগ্ৰহেৰে সংসাৰ কৰিলেও ঈশ্বৰে তেওঁলোকক পুত্র সন্তান নিদিয়ে। কোনো পুত্ৰ নথকা ঘৰ সেয়ে সকলো থাকিও শূন্য হৈ পৰে বুলি চাণক্যই কৈছে। চাণক্যই  পুত্রহীন গৃহক শূন্য গৃহ বুলি কৈছে। একেদৰে যি লোকৰ কোনো বন্ধু-বান্ধৱ নাই তেনে লোকো দিশহাৰা হৈ পৰে। বন্ধু-বান্ধৱে লোক এজনক বিপদ তথা সম্পদৰ সময়ত সংগ দি যায়। 

প্রতিকূল পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়ত লোক এজনক যদি পৰামৰ্শ দিবলৈ অথবা সহায় কৰিবলৈ বন্ধু-বান্ধৱ নাথাকে তেন্তে তেওঁ বিপদৰ পৰা উদ্ধাৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। একেদৰে মুৰ্খতাই হৃদয় শূন্য কৰি পেলায়। মুৰ্খতাৰ বাবেই মানুহে হিত-অহিতৰ বিচাৰ কৰিব নোৱাৰে। দৰিত্ৰতাই সকলো পুৰি চাৰখাৰ কৰে বুলিও চাণক্যই কৈছে।দৰিদ্ৰ লোক এজনে কোনো পৰিকল্পনাই ধনৰ অভাৱত সফল কৰিব নোৱাৰে। সেয়ে চাণক্যই সকলোকে যোগ্যতা আৰু সামৰ্থ অনুসৰি দেহত বল থকালৈকে কাম কৰি যোৱাৰ কথা কৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন