--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহৰ দুখ- বেদনা নানান কাৰণত হ’ব পাৰে৷ এক কথাত ক’বলৈ গ’লে প্ৰাপ্তি-অপ্ৰাপ্তিয়েই হৈছে জীৱন৷প্ৰায় ২৫০০ বছৰ আগতেই  চাণক্যই মানুহৰ হিতৰ বাবে নানান কথা কৈ গৈছিল৷ যিবোৰ কথাৰ প্ৰাসংগিকতা আজিও আছে৷ চাণক্যই কৈছিল যে জীৱনত দুটা বস্তু আছে, যি দুটাৰ  অভাৱৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও অনুশোচনা বা দুখ কৰিব নালাগে৷ কিয়নো ই ভৱিষ্যতে ব্যক্তিজনক দুবাৰ লাভাৱান্বিত  কৰিব। আচাৰ্য চাণক্যই  কি বিষয়ৰ বিষয়ে উল্লেখ কৰিছিল জানো আহক।

চাণক্যই কৈ গৈছে  যে যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু সততাৰে কাম সমাধা কৰাৰ  পিছতো প্ৰাপ্য সন্মান বা প্ৰশংসা নাপায়, তেন্তে  দুখ নকৰিব। যদি আপুনি কামৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম সম্পূৰ্ণ কৰিছে, কিন্তু তাৰ পাছতো আপুনি উপযুক্ত সন্মান আৰু প্ৰাপ্য  নাপায়, বিচলিত নহ'ব। কাৰণ  ভৱিষ্যতে এই কঠোৰ পৰিশ্ৰমে আপোনাক অধিক  উচ্চতালৈ লৈ যাঅৰ্থাৎ যদি আপুনি ভাল কামৰ বাবে খ্যাতি বা প্ৰশংসা নাপায়, তেন্তে দুখ কৰাটো সমীচিন নহয়৷যিদৰে তেল পানীৰ সৈতে মিহলি কৰিলেও  তেলে  ইয়াৰ অস্তিত্বনেহেৰুৱায় , ঠিক তেনেদৰে  এজন উদাৰ,  পৰিশ্ৰমী, সৎ আৰু মানসিকভাবে সু-সজ্জিত ব্যক্তিয়ে তেওঁৰ কামৰ জৰিয়তে পৃথিৱীত তেওঁৰ পৰিচয় সৃষ্টি গঢ়ি তুলিবলৈ সক্ষম হয়৷ তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ 

দান হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। প্ৰতিজন মানুহে তেওঁৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, সেয়েহে যিমান সম্ভৱ দান কৰিব লাগে ৷কিন্তু এক আন্তৰিক হৃদয়েৰে দান কৰিব লাগে৷   দাতব্য ধন দান কৰাৰ আনন্দ,তেতিয়াহে পোৱা যায় যেতিয়া যিকোনো বস্তু  স্বাৰ্থপৰ উদ্দেশ্য অবিহনে দান কৰা হয়। কেতিয়াও দুখ নকৰিব যে আপোনাৰ  দান কৰাৰ ক্ষমতা তেনেই সীমিত৷ কিয়নো আপুনি নিস্বাৰ্থ মনোভাৱৰ সৈতে এমুঠি খাদ্যশস্য দান কৰিলেও হাজাৰ বাৰ দিয়াৰ দৰে একেগুণ লাভ কৰিব। দান কৰাৰ বিনিময়ত একো পোৱাৰ ইচ্ছা কৰা উচিত নহয়।দান কৰা বস্তুকলৈ কেতিয়াও অনুশোচনা বা দুখ নকৰিব৷ দেখিব সুখ-সম্পদেৰে ভৰি পৰিছে আপোনাৰ জীৱন৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ