--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে সকলো বস্তুৰে কপি বনাব পাৰে। এছিয়াৰ দেশখনে মোবাইল, টেলিভিছন, ঘড়ী, চাউল, কণী আদি বহু বস্তু জাল কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ ভুৱা ক্রিষ্টিয়ানো ৰোনাল্ডোও তাত দেখা গ’ল৷

আল নাছেৰে দুখন মেচ খেলিবলৈ চীন ভ্ৰমণ কৰাৰ কথা আছিল। ছৌদি আৰৱত থকা ক্লাবটোৰ কৰ্তৃপক্ষই ৰোনাল্ডোৰ আঘাতৰ বাবে চীন ভ্ৰমণ বাতিল কৰিছে। ৰোনাল্ডোৱে এই ভ্ৰমণ বাতিলৰ বাবে চীনৰ ফুটবল অনুৰাগীৰ ওচৰতো ক্ষমা বিচাৰিছিল।

অৱশ্যে সেই দেশৰ ফুটবল প্ৰেমীসকলে ৰোনাল্ডোক হাতৰ মুঠিতে পালে। বহুতে ৰোনাল্ডোৰ অটোগ্ৰাফে পালে। কিছুমানে কাষত থিয় হৈ ফটো উঠিছিল। আল নাছেৰৰ জাৰ্চি পিন্ধি ৰোনাল্ডোৱেও অনুৰাগীৰ সকলো প্ৰয়োজন হাঁহি হাঁহি পূৰণ কৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

চি আৰ চেভেনে চীনৰ ৰাজপথত অকলে খোজো কাঢ়িছে! পৰ্তুগালৰ ফুটবল অধিনায়কৰ বাবে নাই কোনো নিৰাপত্তাৰক্ষী।

প্ৰকৃততে সেয়া নহয়। ৰোনাল্ডো চীনলৈ অহা নাছিল। দেখাত হুবহু পৰ্তুগীজ ষ্ট্ৰাইকাৰজনৰ দৰেই আন এজন লোকেহে ৰোণাল্ডোৰ দৰে ঘূৰি ফুৰিছে। পোছাকটোও তেওঁৰ দৰেই। ফুটবল প্ৰেমীসকল ভুৱা ৰোনাল্ডোৰ ওপৰত আকৰ্ষিত হৈ পৰে। এজন ফুটবল অনুৰাগীয়ে কয়- ''আমি প্ৰকৃত ৰোনাল্ডোক খেলা চাবলৈ নাপালোঁ। লাজৰ কথা, হতাশাৰ কথা। কিন্তু এইটো নিশ্চিতভাৱে আকৰ্ষণীয়। বিশ্বাস কৰিব নোৱাৰা কিন্তু ভুৱা ৰোনাল্ডো দেখাত হুবহু প্ৰকৃত ৰোনাল্ডোৰ দৰেই।’’

পৰ্তুগীজ তাৰকাগৰাকী অহা নাই, চীনৰ ফুটবল অনুৰাগীসকলে এতিয়াৰ বাবে ভুৱা ৰোনাল্ডোৰ অটোগ্ৰাফ, ফটোৰেই ধন্য হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক