--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে সকলো বস্তুৰে কপি বনাব পাৰে। এছিয়াৰ দেশখনে মোবাইল, টেলিভিছন, ঘড়ী, চাউল, কণী আদি বহু বস্তু জাল কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ ভুৱা ক্রিষ্টিয়ানো ৰোনাল্ডোও তাত দেখা গ’ল৷

আল নাছেৰে দুখন মেচ খেলিবলৈ চীন ভ্ৰমণ কৰাৰ কথা আছিল। ছৌদি আৰৱত থকা ক্লাবটোৰ কৰ্তৃপক্ষই ৰোনাল্ডোৰ আঘাতৰ বাবে চীন ভ্ৰমণ বাতিল কৰিছে। ৰোনাল্ডোৱে এই ভ্ৰমণ বাতিলৰ বাবে চীনৰ ফুটবল অনুৰাগীৰ ওচৰতো ক্ষমা বিচাৰিছিল।

অৱশ্যে সেই দেশৰ ফুটবল প্ৰেমীসকলে ৰোনাল্ডোক হাতৰ মুঠিতে পালে। বহুতে ৰোনাল্ডোৰ অটোগ্ৰাফে পালে। কিছুমানে কাষত থিয় হৈ ফটো উঠিছিল। আল নাছেৰৰ জাৰ্চি পিন্ধি ৰোনাল্ডোৱেও অনুৰাগীৰ সকলো প্ৰয়োজন হাঁহি হাঁহি পূৰণ কৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

চি আৰ চেভেনে চীনৰ ৰাজপথত অকলে খোজো কাঢ়িছে! পৰ্তুগালৰ ফুটবল অধিনায়কৰ বাবে নাই কোনো নিৰাপত্তাৰক্ষী।

প্ৰকৃততে সেয়া নহয়। ৰোনাল্ডো চীনলৈ অহা নাছিল। দেখাত হুবহু পৰ্তুগীজ ষ্ট্ৰাইকাৰজনৰ দৰেই আন এজন লোকেহে ৰোণাল্ডোৰ দৰে ঘূৰি ফুৰিছে। পোছাকটোও তেওঁৰ দৰেই। ফুটবল প্ৰেমীসকল ভুৱা ৰোনাল্ডোৰ ওপৰত আকৰ্ষিত হৈ পৰে। এজন ফুটবল অনুৰাগীয়ে কয়- ''আমি প্ৰকৃত ৰোনাল্ডোক খেলা চাবলৈ নাপালোঁ। লাজৰ কথা, হতাশাৰ কথা। কিন্তু এইটো নিশ্চিতভাৱে আকৰ্ষণীয়। বিশ্বাস কৰিব নোৱাৰা কিন্তু ভুৱা ৰোনাল্ডো দেখাত হুবহু প্ৰকৃত ৰোনাল্ডোৰ দৰেই।’’

পৰ্তুগীজ তাৰকাগৰাকী অহা নাই, চীনৰ ফুটবল অনুৰাগীসকলে এতিয়াৰ বাবে ভুৱা ৰোনাল্ডোৰ অটোগ্ৰাফ, ফটোৰেই ধন্য হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু