--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ নেদাৰলেণ্ডত এখন টুৰ্ণামেণ্ট খেলিবলৈ গৈছিল। প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে তেওঁ দৰ্শকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। দিব্যাই মাত্ৰ ১৮ বছৰ সম্পূৰ্ণ কৰিছে। কিন্তু তেওঁৰ অভিযোগ খেলখন নহয়, তেওঁৰ চেহেৰাত অধিক মত্ত হোৱা দৰ্শকৰ ওপৰতহে। দিব্যাৰ কথা হ’ল, তাইৰ খেলৰ কথা নহয়, তাইৰ যৌন আবেদনৰ কথাহে মানুহে ভাবে।

প্ৰতিযোগিতাখনত দিব্যই ১২ নম্বৰ স্থান দখল কৰে। ১৩ পইণ্টৰ ভিতৰত ৪.৫ পইণ্ট লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত দিব্যই ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে। কয়, ‘এই বিষয়টোৰ ওপৰত বহুদিনৰ পৰা কথা পাতিবলৈ চিন্তা কৰি আহিছো। এই প্ৰতিযোগিতা শেষ হোৱালৈ অপেক্ষা কৰি আছিলো। বহুতে মোক কৈছে আৰু মই নিজেই দেখিছো যে মহিলাৰ দবা খেলখনক কেনেকৈ হেয়জ্ঞান কৰা হয়। আমি কেনেকুৱা দেখা যায়, সেয়া দৰ্শকৰ বাবে অধিক আলোচনাৰ বিষয় হৈ পৰে।”

দিব্যাৰ মতে, দৰ্শকে কেনেদৰে খেলে তাক লৈ কোনো গুৰুত্ব নিদিয়ে। তেওঁ কয়, ‘মই ইয়াত কেইবাখনো মেচ খেলিছো, যাৰ বাবে মই গৌৰৱান্বিত। কিন্তু সকলোৰে কথা কোৱা নহয়। দৰ্শকে দেখিছে মই কি পিন্ধিছো, মোৰ চুলিখিনি কেনেকুৱা, মই কেনেকৈ কথা কওঁ। কিন্তু এই সকলোবোৰ কথা অগুৰুত্বপূৰ্ণ। মই কেনেকৈ খেলো সেয়া গুৰুত্বপূৰ্ণ। কিন্তু দৰ্শকে সেইটো দেখা নাপায়। শুনি মোৰ দুখ লাগিল।"

ল’ৰাৰ ক্ষেত্ৰত এনে নহয় বুলিও দাবী কৰে দিব্যাই। তেওঁ কয়, ‘মই যদি কোনো ল’ৰা খেলুৱৈৰ সাক্ষাৎকাৰ লৈছো তেন্তে তেওঁ খেলৰ কথা কৈছে। কিন্তু ছোৱালীয়ে খেলা উচিত নহয়। ৰূপৰ কথা কোৱা হয়। হোৱা উচিত নহয়। মই ভাবো ছোৱালীয়েও সমান অগ্ৰাধিকাৰ পোৱা উচিত।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক