--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ চীনে ভাৰতৰ বিৰুদ্ধে অহৰহ ভাবে ষড়যন্ত্ৰ ৰচনা কৰি গৈছে৷ সীমান্তৰ লাডাখ এলেকাত চীনৰ সেনাই ভাৰতৰ বিশাল ভূ খণ্ড দখল কৰি আছে৷ ভাৰতৰ সৈতে লাডাখ বিবাদ সন্দৰ্ভত চীনৰ ১৬ লানি আলোচনা হৈছে যদিও চীনে লাডাখৰ পৰা সেনা আঁতৰাই নিয়া নাই৷ ইয়াৰ বিপৰীতে চীনে লাডাখ এলেকাত ৫ জি নেটৱৰ্কহে সৃষ্টি কৰিছে৷ লাডাখত চীনৰ সেনাই এনে অতি দ্ৰুত মোবাইল ফোনৰ সেৱা মুকলি কৰাৰ সময়তে ভাৰতীয় সেনায়ো দুৰ্গম পাহাৰীয়া এলেকাত ৪ জি আৰু ৫ জি নেটৱৰ্ক সৃষ্টিৰ পোষকতা কৰিছে৷ সেইমৰ্মে ভাৰতীয় সেনাৰ তৰফৰ পৰা নিবিদাও আহ্বান কৰা হৈছে৷

চীনৰ সৈতে তাল মিলাই ভাৰতীয় সেনাই দূৰৱৰ্তী উচ্চ উচ্চতাৰ অঞ্চলত ইয়াৰ যোগাযোগ আন্তঃগাঁথনি বৃদ্ধি কৰি থকাৰ কথা সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৮,০০০ ফুট উচ্চতাতো যাতে দ্ৰুত মোবাইল ফোনৰ সেৱা লাভ কৰিব পৰা যায় তাৰ বাবে বিশাল বিশাল টাৱাৰ স্থাপন কৰা হ’ব৷  চীনে কেইবাটাও ঠাইত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত ৫জি নেটৱৰ্কস্থাপন কৰাৰ পিছতে ভাৰতেও তেনে কৰিবলৈ ওলাইছে৷।

 উল্লেখ্য ২০২০  চনত লাডাখত চীনৰ  সামৰিক বাহিনীয়ে ভাৰতৰ বহু ঠাই দখল কৰিছিল৷ ইয়াৰ পিছতে চীনে লাডাখত নিজৰ দেশৰ সেনাৰ বাবে ৫ জি নেটৱৰ্কৰ ব্যৱস্থা কৰে৷ ভাৰতীয় সেনায়ো  ৪ জি আৰু ৫জি মোবাইল চেলুলাৰ নেটৱৰ্কৰ বাবে প্ৰযুক্তি প্ৰদান কৰিবলৈ কোম্পানীবোৰৰ পৰা নিবিদা বিচাৰিছে৷ 

চীনৰ তুলনাত সীমান্তত ভাৰতৰ মোবাইল ফোনৰ নেটৱৰ্ক দুৰ্বল বুলি আলোচনা হৈ আহিছে৷ এনে সময়তে ভাৰতীয় সেনাই সুউচ্চ সীমান্তত উন্নত মোবাইল ফোনৰ সেৱা আৰম্ভ কৰিবলৈ বিচৰা কথাই সীমান্তত কৰ্মৰত সেনাক সহায় কৰিব বুলি ধাৰণা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু