--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ চীনে ভাৰতৰ বিৰুদ্ধে অহৰহ ভাবে ষড়যন্ত্ৰ ৰচনা কৰি গৈছে৷ সীমান্তৰ লাডাখ এলেকাত চীনৰ সেনাই ভাৰতৰ বিশাল ভূ খণ্ড দখল কৰি আছে৷ ভাৰতৰ সৈতে লাডাখ বিবাদ সন্দৰ্ভত চীনৰ ১৬ লানি আলোচনা হৈছে যদিও চীনে লাডাখৰ পৰা সেনা আঁতৰাই নিয়া নাই৷ ইয়াৰ বিপৰীতে চীনে লাডাখ এলেকাত ৫ জি নেটৱৰ্কহে সৃষ্টি কৰিছে৷ লাডাখত চীনৰ সেনাই এনে অতি দ্ৰুত মোবাইল ফোনৰ সেৱা মুকলি কৰাৰ সময়তে ভাৰতীয় সেনায়ো দুৰ্গম পাহাৰীয়া এলেকাত ৪ জি আৰু ৫ জি নেটৱৰ্ক সৃষ্টিৰ পোষকতা কৰিছে৷ সেইমৰ্মে ভাৰতীয় সেনাৰ তৰফৰ পৰা নিবিদাও আহ্বান কৰা হৈছে৷

চীনৰ সৈতে তাল মিলাই ভাৰতীয় সেনাই দূৰৱৰ্তী উচ্চ উচ্চতাৰ অঞ্চলত ইয়াৰ যোগাযোগ আন্তঃগাঁথনি বৃদ্ধি কৰি থকাৰ কথা সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৮,০০০ ফুট উচ্চতাতো যাতে দ্ৰুত মোবাইল ফোনৰ সেৱা লাভ কৰিব পৰা যায় তাৰ বাবে বিশাল বিশাল টাৱাৰ স্থাপন কৰা হ’ব৷  চীনে কেইবাটাও ঠাইত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত ৫জি নেটৱৰ্কস্থাপন কৰাৰ পিছতে ভাৰতেও তেনে কৰিবলৈ ওলাইছে৷।

 উল্লেখ্য ২০২০  চনত লাডাখত চীনৰ  সামৰিক বাহিনীয়ে ভাৰতৰ বহু ঠাই দখল কৰিছিল৷ ইয়াৰ পিছতে চীনে লাডাখত নিজৰ দেশৰ সেনাৰ বাবে ৫ জি নেটৱৰ্কৰ ব্যৱস্থা কৰে৷ ভাৰতীয় সেনায়ো  ৪ জি আৰু ৫জি মোবাইল চেলুলাৰ নেটৱৰ্কৰ বাবে প্ৰযুক্তি প্ৰদান কৰিবলৈ কোম্পানীবোৰৰ পৰা নিবিদা বিচাৰিছে৷ 

চীনৰ তুলনাত সীমান্তত ভাৰতৰ মোবাইল ফোনৰ নেটৱৰ্ক দুৰ্বল বুলি আলোচনা হৈ আহিছে৷ এনে সময়তে ভাৰতীয় সেনাই সুউচ্চ সীমান্তত উন্নত মোবাইল ফোনৰ সেৱা আৰম্ভ কৰিবলৈ বিচৰা কথাই সীমান্তত কৰ্মৰত সেনাক সহায় কৰিব বুলি ধাৰণা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ