--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷ বছৰৰ পিছত বছৰ ধৰি চীনে অৰ্জন কৰি থকা এই অভিলেখ এতিয়া চীনে ভংগ কৰিলে৷ উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 

চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব। কিন্তু ভাৰতে এতিয়াও  জনসংখ্যাৰ শেহতীয়া  তথ্য সংগ্ৰহ কৰিব পৰা নাই৷ কিয়নো কোভিডৰ বাবেই  ২০২১  চনত কৰিবলগীয়া  লোকপিয়ল  বিলম্বিত হৈছে৷  উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু চীনৰ জন্ম নীতিৰ বিশিষ্ট সমালোচক য়ি ফুক্সিয়ানে চীনৰ জনসংখ্যাৰ বৃদ্ধিৰ হ্ৰাসক "আশা কৰাতকৈ  বহুত বেয়া" বুলি বৰ্ণনা কৰিছে। 

 ৰাষ্ট্ৰসংঘৰ অনুমানতকৈ ৯-১০  বছৰ আগৰে পৰাই চীনৰ জনসংখ্যা  হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল বুলি তেওঁ কয়৷  চীনৰ জনসংখ্যা কমাৰ আঁৰত  ত্ৰুটিপূৰ্ণ অৰ্থনৈতিক, সামাজিক, প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিকো বহুতে দায়ী কৰিছে৷   

জনসংখ্যা হ্ৰাস হোৱাৰ বাবেই চীনে ২০১৬  চনত এক সন্তান নীতি প্ৰত্যাহাৰ কৰিছিল  আৰু জনসংখ্যা বৃদ্ধিৰ বাবে ২০২১ চনত পৰিয়ালৰ আকাৰৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা আঁতৰ কৰিছিল। চৰকাৰে প্ৰজননক উৎসাহিত কৰাৰ বাবে বহু উদগনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ সেইবোৰৰ ভিতৰত কৰ ৰেহাই দিয়া , দীঘলীয়া মাতৃত্বকালীন ছুটিৰ অধিকাৰ,  গৃহ সাহায্য আদি অন্যতম৷  অক্টোবৰত ৰাষ্ট্ৰপতি জি জিনপিঙে পৰামৰ্শ দিছিল যে অতি সোনকালে জনসংখ্যা বৃদ্ধিৰ বাবে অধিক কাৰ্যকৰী  নীতি গ্ৰহণ কৰা হ'ব। 

কিন্তু সকলো  পদক্ষেপেই  অসফল হৈছে। চীনৰ জন্মৰ হাৰ ২০২১ চনত  ৭.৫২ শতাংশৰ পৰা  ৬.৭৭ শতাংশৈ   হ্ৰাস পাইছে৷   লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ (এছ.ও.এ.এছ.) চীন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ষ্টিভ চাঙে কয়, "চীনৰ চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ ফলপ্ৰসূ হোৱা নাই "৷ চীনৰ যুৱক-যুৱতীসকলে এতিয়া নানান কাৰণত বিয়াৰ প্ৰতিও অনীহা প্ৰদৰ্শ কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু