--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷ বছৰৰ পিছত বছৰ ধৰি চীনে অৰ্জন কৰি থকা এই অভিলেখ এতিয়া চীনে ভংগ কৰিলে৷ উল্লেখ্য বিগত ছয়  দশকত প্ৰথমবাৰৰ বাবে  চীনৰ  জনসংখ্যা হ্ৰাস হোৱা বুলি চীনৰ চৰকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ লগে লগে  বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰি ভাৰত প্ৰথম স্থানত থাকিব বুলি সমীক্ষকসকলে প্ৰকাশ কৰিছে৷ 

চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।চীনত হৈ যোৱা  দুৰ্ভিক্ষৰ ফলত   লাখ লাখ লোকৰ মৃত্যু ঘটিছিল। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে যোৱা বছৰ ভৱিষ্যতবাণী কৰিছিল যে ভাৰতৰ জনসংখ্যা শীঘ্ৰে ১.৪১২ বিলিয়নত উপনীত হ'ব। কিন্তু ভাৰতে এতিয়াও  জনসংখ্যাৰ শেহতীয়া  তথ্য সংগ্ৰহ কৰিব পৰা নাই৷ কিয়নো কোভিডৰ বাবেই  ২০২১  চনত কৰিবলগীয়া  লোকপিয়ল  বিলম্বিত হৈছে৷  উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু চীনৰ জন্ম নীতিৰ বিশিষ্ট সমালোচক য়ি ফুক্সিয়ানে চীনৰ জনসংখ্যাৰ বৃদ্ধিৰ হ্ৰাসক "আশা কৰাতকৈ  বহুত বেয়া" বুলি বৰ্ণনা কৰিছে। 

 ৰাষ্ট্ৰসংঘৰ অনুমানতকৈ ৯-১০  বছৰ আগৰে পৰাই চীনৰ জনসংখ্যা  হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল বুলি তেওঁ কয়৷  চীনৰ জনসংখ্যা কমাৰ আঁৰত  ত্ৰুটিপূৰ্ণ অৰ্থনৈতিক, সামাজিক, প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিকো বহুতে দায়ী কৰিছে৷   

জনসংখ্যা হ্ৰাস হোৱাৰ বাবেই চীনে ২০১৬  চনত এক সন্তান নীতি প্ৰত্যাহাৰ কৰিছিল  আৰু জনসংখ্যা বৃদ্ধিৰ বাবে ২০২১ চনত পৰিয়ালৰ আকাৰৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা আঁতৰ কৰিছিল। চৰকাৰে প্ৰজননক উৎসাহিত কৰাৰ বাবে বহু উদগনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ সেইবোৰৰ ভিতৰত কৰ ৰেহাই দিয়া , দীঘলীয়া মাতৃত্বকালীন ছুটিৰ অধিকাৰ,  গৃহ সাহায্য আদি অন্যতম৷  অক্টোবৰত ৰাষ্ট্ৰপতি জি জিনপিঙে পৰামৰ্শ দিছিল যে অতি সোনকালে জনসংখ্যা বৃদ্ধিৰ বাবে অধিক কাৰ্যকৰী  নীতি গ্ৰহণ কৰা হ'ব। 

কিন্তু সকলো  পদক্ষেপেই  অসফল হৈছে। চীনৰ জন্মৰ হাৰ ২০২১ চনত  ৭.৫২ শতাংশৰ পৰা  ৬.৭৭ শতাংশৈ   হ্ৰাস পাইছে৷   লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ (এছ.ও.এ.এছ.) চীন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ষ্টিভ চাঙে কয়, "চীনৰ চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ ফলপ্ৰসূ হোৱা নাই "৷ চীনৰ যুৱক-যুৱতীসকলে এতিয়া নানান কাৰণত বিয়াৰ প্ৰতিও অনীহা প্ৰদৰ্শ কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement