--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন অতি গুৰুত্বপূৰ্ণ ৰাজ্যত অৱশেষত ঘোষণা কৰা হ’ল  বিধানসভা নিৰ্বাচনৰ দিন৷   ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয় , এই তিনিওখন ৰাজ্যতে ৬০ খন কৈ বিধানসভা আসন আছে। আজি নিৰ্বাচন আয়োগে তিনিওখন ৰাজ্যৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব।

 ইয়াৰ উপৰি ফেব্ৰুৱাৰীৰ  ২৭  তাৰিখে নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। তিনিওখন ৰাজ্যত ভোটগণনা  ২ মাৰ্চত অনুষ্ঠিত হ'ব।২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ সহযোগী জনজাতীয় দল আইপিএফটিয়ে  বাঙালী লোকৰ  সংখ্যাগৰিষ্ঠতা থকা  ৰাজ্য ত্ৰিপুৰাত ক্ষমতালৈ আহিছিল৷ বিজেপি মিত্ৰজোঁটে ত্ৰিপুৰাত  ২৫  বছৰীয়া  বাওঁ শাসনৰ সমাপ্তি ঘটাই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল৷ 

ৰাজ্যখনৰ ৬০  খন আসনৰ ভিতৰত বিজেপিয়ে ৩৬  খন আৰু আইপিএফটিয়ে আঠখন আসন লাভ কৰিছিল।  মানিক সৰকাৰৰ নেতৃত্বত চিপিআই(এম)য়ে মাত্ৰ ১৬ খন আসন লাভ কৰিছিল।এইবাৰ তিপ্ৰা মাথাই ত্ৰিপুৰাৰ জনজাতীয় অধ্যুষিত অঞ্চলবোৰত আইপিএফটিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে৷ৰাজ্য খনৰ  ৰাজধানী আগৰতলাকে ধৰি কেইবাটাও বাঙালী সংখ্যাগৰিষ্ঠ অঞ্চলত বিজেপিৰ সৈতে বাওঁপন্থী আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে। তৃণমূলেও ৰাজ্য খনত শক্তিশালী ভেটি গঢ়িবলৈ সক্ষম হৈছে৷  ৰাজ্য খনত ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এখনো  আসন লাভ কৰা নাছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক