--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন অতি গুৰুত্বপূৰ্ণ ৰাজ্যত অৱশেষত ঘোষণা কৰা হ’ল  বিধানসভা নিৰ্বাচনৰ দিন৷   ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয় , এই তিনিওখন ৰাজ্যতে ৬০ খন কৈ বিধানসভা আসন আছে। আজি নিৰ্বাচন আয়োগে তিনিওখন ৰাজ্যৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব।

 ইয়াৰ উপৰি ফেব্ৰুৱাৰীৰ  ২৭  তাৰিখে নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। তিনিওখন ৰাজ্যত ভোটগণনা  ২ মাৰ্চত অনুষ্ঠিত হ'ব।২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ সহযোগী জনজাতীয় দল আইপিএফটিয়ে  বাঙালী লোকৰ  সংখ্যাগৰিষ্ঠতা থকা  ৰাজ্য ত্ৰিপুৰাত ক্ষমতালৈ আহিছিল৷ বিজেপি মিত্ৰজোঁটে ত্ৰিপুৰাত  ২৫  বছৰীয়া  বাওঁ শাসনৰ সমাপ্তি ঘটাই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল৷ 

ৰাজ্যখনৰ ৬০  খন আসনৰ ভিতৰত বিজেপিয়ে ৩৬  খন আৰু আইপিএফটিয়ে আঠখন আসন লাভ কৰিছিল।  মানিক সৰকাৰৰ নেতৃত্বত চিপিআই(এম)য়ে মাত্ৰ ১৬ খন আসন লাভ কৰিছিল।এইবাৰ তিপ্ৰা মাথাই ত্ৰিপুৰাৰ জনজাতীয় অধ্যুষিত অঞ্চলবোৰত আইপিএফটিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে৷ৰাজ্য খনৰ  ৰাজধানী আগৰতলাকে ধৰি কেইবাটাও বাঙালী সংখ্যাগৰিষ্ঠ অঞ্চলত বিজেপিৰ সৈতে বাওঁপন্থী আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে। তৃণমূলেও ৰাজ্য খনত শক্তিশালী ভেটি গঢ়িবলৈ সক্ষম হৈছে৷  ৰাজ্য খনত ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এখনো  আসন লাভ কৰা নাছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু