--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ‘আজিকালি চেলিব্ৰেটীসকলৰ মৃত্যু এক কৌতুক হৈ পৰিছে’এই মন্তব্য কৰিছে এগৰাকী অভিনেত্ৰীয়ে। মানৱতাক পৰ্দাৰ আঁৰত লুকুৱাই ৰখাসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তেওঁ। কিন্তু হঠাতে কিয় সৰৱ হৈ পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী? এনে মন্তব্যৰ সামগ্ৰিক প্ৰেক্ষাপট কি? চেলিব্ৰিটীসকলৰ ৰহস্যজনক মৃত্যুৰ খবৰে সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে। বিগত সময়ছোৱাত ড্ৰাগছ সেৱন পৰা আৰম্ভ কৰি অভিনেতাৰ আকস্মিক মৃত্যুৰ বাতৰিকলৈকে হিন্দী ছবিজগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে দিছে গভীৰ দুখ। সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু সম্পৰ্কে নেটিজেনসকলৰ মাজত নানা মুখৰোচক কথা-কাহিনীৰ চৰ্চা চলিছে। সৃষ্টি কৰা হৈছে অন্তহীন কল্পকাহিনীৰ।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বাবে একাংশই যদি প্ৰেয়সী শ্বেহনাজ গীলক দোষাৰোপ কৰিছে, আন কোনোবাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুক সিদ্ধাৰ্থৰ মৃত্যুৰ সৈতে ৰিজাইছে। জনপ্ৰিয় টেলি-অভিনেতাজনৰ অকাল মৃত্যু নিঃসন্দেহে বেদনাদায়ক। সিদ্ধাৰ্থ অনুৰাগীৰ সমান্তৰালকৈ অনুষ্কা শৰ্মাও শোকাহত অভিনেতাগৰাকীৰ অকাল মৃত্যুত। তাৰ মাজতে একাংশ লোকৰ অবাঞ্ছিত আচৰণ একেবাৰে সহ্য কৰিব পৰা নাই অনুষ্কা শৰ্মাই। অভিনেত্ৰীগৰাকীয়ে জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান জাকিৰ খানৰ এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰতিবাদতমুখৰ হৈ পৰে।

অনুষ্কাই শ্বেয়াৰ কৰা পোষ্টটোত জাকিৰে লিখিছে, ‘তেওঁলোকে আপোনাক মানুহ বুলি নাভাবে। সীমাবদ্ধতা ইয়াৰ কাৰণ নহয়। দৰাচলতে, তেওঁলোকৰ আপোনাৰ শৰীৰৰ আত্মাৰ সৈতে একাত্ম হ’বলৈ অপাৰগ। কেৱল এখন আলোকচিত্ৰ সংগ্ৰহৰ বাবেহে ইমান লৰা-ঢপৰা! এইটো জ্বলন্ত কোঠাৰ ভিতৰৰ পৰা বাচন চুৰি কৰাৰ দৰে কথা। কাৰণ তাৰ পাছত আপুনি তেওঁলোকৰ বাবে আৰু একো কামত নাহে। বৰ বেছি ১০খন ছবি, ৫টা বাতৰি, ৩ টা ভিডিঅ', ২ টা ইনষ্টা ষ্ট'ৰী আৰু ১ টা পোষ্ট, ইয়াতেই আপুনি শেষ! সেইকাৰণে আপোনাৰ মৃত্যু তেওঁলোকৰ বাবে এটা কৌতুক হৈয়ে ৰ’ব।’ জাকিৰে লগতে লিখিছে, ‘আপোনাৰ মাতৃৰ কান্দোন , টোপনিৰ পৰা সাৰ পোৱা পিতৃৰ কান্দোন সকলো এক কৌতুক। আপোনাক ভাল পোৱা সকলোৱে তেওঁলোকৰ বাবে এক কৌতুক। যদি আপুনি জীয়াই থাকিলহেঁতেন, কথা বেলেগ আছিল।‘ প্ৰিয়বন্ধুৰ অকাল বিয়োগত আৱেগ-বিহ্বল হৈ পৰা জাকিৰে এনেদৰে প্ৰকাশ কৰিছে সীমাহীন মনৰ শোক। আৰু শেহতীয়াকৈ অনুষ্কা শৰ্মাই কৌতুক অভিনেতাগৰাকীয়ে লিখা পোষ্টটো শ্বেয়াৰ কৰি স্বাৰ্থপৰ সমাজখনৰ গালত একপ্ৰকাৰ প্ৰচণ্ড চৰ শোধাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু