--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ‘আজিকালি চেলিব্ৰেটীসকলৰ মৃত্যু এক কৌতুক হৈ পৰিছে’এই মন্তব্য কৰিছে এগৰাকী অভিনেত্ৰীয়ে। মানৱতাক পৰ্দাৰ আঁৰত লুকুৱাই ৰখাসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তেওঁ। কিন্তু হঠাতে কিয় সৰৱ হৈ পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী? এনে মন্তব্যৰ সামগ্ৰিক প্ৰেক্ষাপট কি? চেলিব্ৰিটীসকলৰ ৰহস্যজনক মৃত্যুৰ খবৰে সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে। বিগত সময়ছোৱাত ড্ৰাগছ সেৱন পৰা আৰম্ভ কৰি অভিনেতাৰ আকস্মিক মৃত্যুৰ বাতৰিকলৈকে হিন্দী ছবিজগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে দিছে গভীৰ দুখ। সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু সম্পৰ্কে নেটিজেনসকলৰ মাজত নানা মুখৰোচক কথা-কাহিনীৰ চৰ্চা চলিছে। সৃষ্টি কৰা হৈছে অন্তহীন কল্পকাহিনীৰ।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বাবে একাংশই যদি প্ৰেয়সী শ্বেহনাজ গীলক দোষাৰোপ কৰিছে, আন কোনোবাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুক সিদ্ধাৰ্থৰ মৃত্যুৰ সৈতে ৰিজাইছে। জনপ্ৰিয় টেলি-অভিনেতাজনৰ অকাল মৃত্যু নিঃসন্দেহে বেদনাদায়ক। সিদ্ধাৰ্থ অনুৰাগীৰ সমান্তৰালকৈ অনুষ্কা শৰ্মাও শোকাহত অভিনেতাগৰাকীৰ অকাল মৃত্যুত। তাৰ মাজতে একাংশ লোকৰ অবাঞ্ছিত আচৰণ একেবাৰে সহ্য কৰিব পৰা নাই অনুষ্কা শৰ্মাই। অভিনেত্ৰীগৰাকীয়ে জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান জাকিৰ খানৰ এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰতিবাদতমুখৰ হৈ পৰে।

অনুষ্কাই শ্বেয়াৰ কৰা পোষ্টটোত জাকিৰে লিখিছে, ‘তেওঁলোকে আপোনাক মানুহ বুলি নাভাবে। সীমাবদ্ধতা ইয়াৰ কাৰণ নহয়। দৰাচলতে, তেওঁলোকৰ আপোনাৰ শৰীৰৰ আত্মাৰ সৈতে একাত্ম হ’বলৈ অপাৰগ। কেৱল এখন আলোকচিত্ৰ সংগ্ৰহৰ বাবেহে ইমান লৰা-ঢপৰা! এইটো জ্বলন্ত কোঠাৰ ভিতৰৰ পৰা বাচন চুৰি কৰাৰ দৰে কথা। কাৰণ তাৰ পাছত আপুনি তেওঁলোকৰ বাবে আৰু একো কামত নাহে। বৰ বেছি ১০খন ছবি, ৫টা বাতৰি, ৩ টা ভিডিঅ', ২ টা ইনষ্টা ষ্ট'ৰী আৰু ১ টা পোষ্ট, ইয়াতেই আপুনি শেষ! সেইকাৰণে আপোনাৰ মৃত্যু তেওঁলোকৰ বাবে এটা কৌতুক হৈয়ে ৰ’ব।’ জাকিৰে লগতে লিখিছে, ‘আপোনাৰ মাতৃৰ কান্দোন , টোপনিৰ পৰা সাৰ পোৱা পিতৃৰ কান্দোন সকলো এক কৌতুক। আপোনাক ভাল পোৱা সকলোৱে তেওঁলোকৰ বাবে এক কৌতুক। যদি আপুনি জীয়াই থাকিলহেঁতেন, কথা বেলেগ আছিল।‘ প্ৰিয়বন্ধুৰ অকাল বিয়োগত আৱেগ-বিহ্বল হৈ পৰা জাকিৰে এনেদৰে প্ৰকাশ কৰিছে সীমাহীন মনৰ শোক। আৰু শেহতীয়াকৈ অনুষ্কা শৰ্মাই কৌতুক অভিনেতাগৰাকীয়ে লিখা পোষ্টটো শ্বেয়াৰ কৰি স্বাৰ্থপৰ সমাজখনৰ গালত একপ্ৰকাৰ প্ৰচণ্ড চৰ শোধাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ