--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ছবিজগতত নিজৰ অভিনয়ৰ বাবে তেওঁ যিমান চৰ্চিত তথা প্ৰশংসিত হৈছিল, এতিয়া তেওঁ বিভিন্ন বিতৰ্কিত মন্তব্যৰ বাবেহে অধিক চৰ্চিত। কিন্তু অভিনয় জগততো তেওঁৰ সবল উপস্থিতি অব্যাহত আছে। এইবাৰ আন এক চমক দিবলৈ সাজু হৈছে বলীউডৰ ‘কণ্ট্ৰোভাৰ্ছী কুইন’ কংগনা ৰানাৱট। মুক্তিৰ বাবে সাজু হৈ উঠিছে কংগনা অভিনীত নতুন ছবি ‘থালাইৱী’।

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰী জয়াললিতাৰ জীৱন আধাৰিত এই ছবিয়ে ছবিঘৰত মুক্তি লাভ কৰিব ১০ ছেপ্টেম্বৰত। বহু চৰ্চিত এই ছবিৰ প্ৰথম জলকতে কংগনাই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিগৃহত মুক্তিৰ লগতে তেওঁৰ এই ছবিখনে দুটাকৈ অনলাইন প্লেটফৰ্ম ক্ৰমে ‘এমাজন প্ৰাইম’ আৰু ‘নেটফ্লিক্স’তো মুক্তি পাব। প্ৰায় ৫৫ কোটি টকাত অনলাইন প্লেটফৰ্মৰ বাবে বিক্ৰী হৈছে ছবিখন।

একেখন ছবি দুটাকৈ অনলাইন প্লেটফৰ্মত একে সময়তে প্ৰচাৰৰ হোৱাটো এটা অভিলেখ হিচাপে চিহ্নিত হৈছে। পূ্ৰ্বে এনে ঘটনা সংঘটিত হোৱা নাই। কংগনাৰ থালাইৱীয়ে হিন্দী ছবিজগতৰ ইতিহাসত নতুন নজিৰ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে। ১০ ছেপ্টেম্বৰ ডাঙৰ পৰ্দাত মুকলি হোৱাৰ এমাহৰ পাছত অনলাইনত মুক্তি দিয়া হ’ব থালাইৱী। নিজৰ চৰিত্ৰক ন্যায় দিবলৈ কঠোৰ পৰিশ্ৰম কৰা তথা সাইলাখ জনপ্ৰিয় তামিল অভিনেত্ৰী তথা ৰাজনীতিকগৰাকীৰ দৰে চেহেৰাৰে এই ছবিত কংগনাক অসাধাৰণ ৰূপত দেখা গৈছে। এই ছবিৰ জৰিয়তে কংগনাই তেওঁৰ ক্ৰমাৎ স্থবিৰ হ’বলৈ ধৰা কেৰিয়াৰকো গতি দিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ