--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লী : শাসকীয় বিজেপিৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা প্ৰখ্যাত কবি-গীতিকাৰ জাভেদ আখতাৰ এইবাৰ বিজেপিৰ ৰোষৰ বলি হৈছে। আৰএছএছ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিৰ ৰোষত পৰিছে চেলিব্ৰিটি লেখকগৰাকী। সংবাদ মাধ্যমৰ আগত দিয়া এটা সাক্ষাতকাৰত আখতাৰে আৰএছএছৰ তালিবানৰ সৈতে তুলনা কৰিছিল। এই বিতৰ্কিত মন্তব্যৰ পাছতে জাভেদ আখতাৰৰ বিৰুদ্ধে যুযুধান ৰূপ লৈছে বিজেপি দলে।

জাভেদ আখতাৰ জড়িত থকা কোনো চলচ্চিত্ৰ দেশত চলিবলৈ নিদিয়াৰ হুংকাৰ দিছে মহাৰাষ্ট্ৰ বিজেপিয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্বৰ ওচৰত ক্ষমা নোখোজাপৰ্যন্ত গীতিকাৰগৰাকীক একপ্ৰকাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মহাৰাষ্ট্ৰ বিজেপিয়ে। মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ ৰাম কাদমে আজি এই মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনৰ সময়ত আখতাৰে তালিবান আৰু যিসকলে হিন্দু ৰাষ্ট্ৰ বিচাৰে তেওঁলোকক সমদৰ্শী বুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, তালিবান বৰ্বৰ, তেওঁলোকে যিবোৰ কথা-কাণ্ড সংঘটিত কৰিছে সেয়া নিন্দনীয় । সমান্তৰালভাৱে আৰএছএছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল আদিৰ দৰে কট্টৰ হিন্দুত্ববাদী সংগঠনৰ সমৰ্থকসকলো তালিবানৰ লেখীয়াই বুলি তেওঁ মন্তব্য কৰিছিল। তালিবান আৰু তালিবানৰ দৰে হোৱাৰ ইচ্ছা কৰা লোকসকলৰ মাজত এক অহেতুক সাদৃশ্য থকা বুলি উল্লেখ কৰি আখতাৰে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাকো সমালোচনা কৰিছিল। তাৰ এদিনৰ পাছতে জাভেদ আখতাৰৰ বিৰুদ্ধে বিজেপি আক্ৰমণাত্মক হৈ উঠিছে।

স্মৰ্তব্য যে, বিজেপিৰ আদৰ্শগত পিতৃ হিচাপে চিহ্নিত আৰএছএছে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাক দীৰ্ঘদিনে এটা ৰূপ দিবলৈ চেষ্টা কৰি আছে আৰু এই ধাৰণাই এতিয়া প্ৰসাৰ লাভ কৰিছে। এনে পদক্ষেপক সমালোচনা কৰিছিল আখতাৰে। তেওঁক প্ৰত্যুত্তৰ দি কাদমে শনিবাৰে মন্তব্য কৰে যে, আখতাৰৰ মন্তব্য কেৱল লজ্জাজনকেই নহয় বৰং ই অতি দুখদায়ক আৰু আৰএছএছ তথা বিশ্ব হিন্দু পৰিষদৰ কোটি কোটি কৰ্মীৰ বাবে অপমানজনক। লগতে এই আদৰ্শৰ বিশ্বজুৰি থকা কোটি কোটি সমৰ্থকৰ প্ৰতিও ই ঘোৰ অপমান। এনে মন্তব্য কৰাৰ আগতে তেওঁ ভাবিব লাগিছিল যে, আৰএছএছৰ অনুৰূপ আদৰ্শত বিশ্বাসী লোকে এতিয়া দেশ চলাই আছে আৰু ৰাজধৰ্ম পালন কৰি গৈছে। যদি এই আদৰ্শ তালিবানী হ’লহেঁতেন তেন্তে তেওঁ এই মন্তব্য কৰিবলৈ সক্ষম হ’লহেঁতেননে? তেওঁ লগতে হুংকাৰ দিয়ে যে, যদিহে তেওঁ আৰএছএছৰ ওচৰত ক্ষমা নিবিচাৰে তেন্তে তেওঁ জড়িত থকা কোনো চলচ্চিত্ৰ দেশত চলিবলৈ নিদিয়ে বুলিও কাদমে হুংকাৰ দিয়ে। এক অৰ্থত জাভেদ আখতাৰৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশতে বিজেপিয়ে জাৰি কৰিলে কঠোৰ নিষেধাজ্ঞা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি