--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰটোৰ আৰম্ভণিতেই ৰাজ্যখনলৈ আহিল এটা আনন্দৰ খবৰ। আগন্তুক পঞ্চম 'চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱ'ৰ বাবে অসমৰ 'চেলেঞ্জ' তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বাবে মনোনয়ন লাভ কৰিছে। মহোৎসৱ কৰ্তৃপক্ষই আনুষ্ঠানিকভাবে এই খবৰ জনাইছে৷ 

অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ হাৰিয়ানাৰ পঞ্চকুলাত এই মহোৎসৱ অনুষ্ঠিত হ'ব। অহা ২৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে মহোৎসৱত প্ৰদৰ্শিত হ'ব 'চেলেঞ্জ'৷ উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰত ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হৈ 'গ'ল্ডেন ৰয়েল বেংগল টাইগাৰ এৱাৰ্ড' লাভ কৰিছিল 'চেলেঞ্জ' তথ্যচিত্ৰখনে (স্মাৰক, ৩ লাখ টকা আৰু চাৰ্টিফিকেট)৷ 

শিৱাণু বৰাৰ কনচেপ্টক লৈ কামৰূপা ক্ৰিয়েচনচৰ বেনাৰত নিৰ্মিত 'চেলেঞ্জ' প্ৰযোজনা কৰিছে ভৰত কলিতাই। তথ্যচিত্ৰখন পৰিচালনা কৰিছে ৰমেন বৰা আৰু শিৱাণু বৰাই। চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই৷ চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ। ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ। ধাৰাভাষ্য পবিত্ৰ মাৰ্ঘেৰিটা আৰু জীতেন্দ্ৰ ৰামপ্ৰকাশৰ৷ ডি আই ৰতন শীল শৰ্মাৰ। এনে এটি মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত 'চেলেঞ্জ' তথ্যচিত্ৰখনে মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে তথ্যচিত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যলৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে তথ্যচিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক