--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰটোৰ আৰম্ভণিতেই ৰাজ্যখনলৈ আহিল এটা আনন্দৰ খবৰ। আগন্তুক পঞ্চম 'চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱ'ৰ বাবে অসমৰ 'চেলেঞ্জ' তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বাবে মনোনয়ন লাভ কৰিছে। মহোৎসৱ কৰ্তৃপক্ষই আনুষ্ঠানিকভাবে এই খবৰ জনাইছে৷ 

অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ হাৰিয়ানাৰ পঞ্চকুলাত এই মহোৎসৱ অনুষ্ঠিত হ'ব। অহা ২৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে মহোৎসৱত প্ৰদৰ্শিত হ'ব 'চেলেঞ্জ'৷ উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰত ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হৈ 'গ'ল্ডেন ৰয়েল বেংগল টাইগাৰ এৱাৰ্ড' লাভ কৰিছিল 'চেলেঞ্জ' তথ্যচিত্ৰখনে (স্মাৰক, ৩ লাখ টকা আৰু চাৰ্টিফিকেট)৷ 

শিৱাণু বৰাৰ কনচেপ্টক লৈ কামৰূপা ক্ৰিয়েচনচৰ বেনাৰত নিৰ্মিত 'চেলেঞ্জ' প্ৰযোজনা কৰিছে ভৰত কলিতাই। তথ্যচিত্ৰখন পৰিচালনা কৰিছে ৰমেন বৰা আৰু শিৱাণু বৰাই। চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই৷ চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ। ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ। ধাৰাভাষ্য পবিত্ৰ মাৰ্ঘেৰিটা আৰু জীতেন্দ্ৰ ৰামপ্ৰকাশৰ৷ ডি আই ৰতন শীল শৰ্মাৰ। এনে এটি মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত 'চেলেঞ্জ' তথ্যচিত্ৰখনে মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে তথ্যচিত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যলৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে তথ্যচিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু