--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি শিশুৰ পৰা বৃদ্ধলৈকে চেল্ফি লোৱাত সকলো দক্ষ হৈ পৰিছে। কিন্তু এবাৰতে বাৰু কিমান চেল্ফি ল’ব পাৰে আপপুনি? বৰ বেছি ১০-২০টা হ’ব পাৰে। তাৰপাছত পুনৰ আন কামত ব্যস্ত হৈ পৰে। কিন্তু এটা ভালুকে যি কাম কৰি দেখুৱালে, তাক লৈ স্তম্ভিত নেট দুনীয়া।

হঠাতে এটা কেমেৰা পাই এটা দুটা নহয়, একেৰাহে ৪০০ টা চেলফি ল’লে এটা ভালুকে! কিন্তু ঘটনাটো কি?

ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলোৰাডোৰ বুলডাৰৰ জংঘলত সংঘটিত হৈছিল। আন বহুতো জংঘলৰ দৰে ইয়াতো বন্যপ্ৰাণীবোৰক গোপন কেমেৰাৰে নিৰীক্ষণ কৰা হয়। এটা সংস্থাৰ সেই গোপন কেমেৰাত ভালুকৰ অগণন চেলফি ধৰা পৰিছে।

বুল্ডাৰ অপেন স্পেচ মাউণ্টেইন পাৰ্ক (বোল্ডাৰ অ’এছএমপি) নামৰ সেই সংস্থাটোৱে টুইটাৰত ভালুকটোৰ কিছু চেলফি শ্বেয়াৰ কৰিছে। কৌতুকৰ সুৰত কোম্পানীটোৱে পোষ্টটোৰ শিৰোনামত লিখিছে, “শেহতীয়াকৈ এটা ভালুকে এটা ৱাইল্ডলাইফ কেমেৰা আৱিষ্কাৰ কৰিছে যাক আমি বন্যপ্ৰাণী নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰোঁ। আৰু সেই কেমেৰাত তোলা ৫৮০ খন ফটোৰ ভিতৰত আছে ৪০০ খনেই ভালুকটোৰ চেলফি।”

উক্ত ধেমেলীয়া পোষ্টটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভালুকটো চেলফি লোৱাত ইমান ব্যস্ত আছিল যে কিছু লোকে ধেমেলীয়া ধৰণে মন্তব্য কৰি কৈছে যে কেমেৰাত চেল্ফী ল’বলৈ ভালুকটোৰ ওচৰত বাকী জন্তুবোৰে সুযোগেই নাপালে। আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কৌতুক কৰি কয়, “এই ভালুকটোক এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইল দিয়ক।‘’

FOLLOW US F
POPULAR
FEATURE
TRENDY
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি