--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি শিশুৰ পৰা বৃদ্ধলৈকে চেল্ফি লোৱাত সকলো দক্ষ হৈ পৰিছে। কিন্তু এবাৰতে বাৰু কিমান চেল্ফি ল’ব পাৰে আপপুনি? বৰ বেছি ১০-২০টা হ’ব পাৰে। তাৰপাছত পুনৰ আন কামত ব্যস্ত হৈ পৰে। কিন্তু এটা ভালুকে যি কাম কৰি দেখুৱালে, তাক লৈ স্তম্ভিত নেট দুনীয়া।

হঠাতে এটা কেমেৰা পাই এটা দুটা নহয়, একেৰাহে ৪০০ টা চেলফি ল’লে এটা ভালুকে! কিন্তু ঘটনাটো কি?

ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলোৰাডোৰ বুলডাৰৰ জংঘলত সংঘটিত হৈছিল। আন বহুতো জংঘলৰ দৰে ইয়াতো বন্যপ্ৰাণীবোৰক গোপন কেমেৰাৰে নিৰীক্ষণ কৰা হয়। এটা সংস্থাৰ সেই গোপন কেমেৰাত ভালুকৰ অগণন চেলফি ধৰা পৰিছে।

বুল্ডাৰ অপেন স্পেচ মাউণ্টেইন পাৰ্ক (বোল্ডাৰ অ’এছএমপি) নামৰ সেই সংস্থাটোৱে টুইটাৰত ভালুকটোৰ কিছু চেলফি শ্বেয়াৰ কৰিছে। কৌতুকৰ সুৰত কোম্পানীটোৱে পোষ্টটোৰ শিৰোনামত লিখিছে, “শেহতীয়াকৈ এটা ভালুকে এটা ৱাইল্ডলাইফ কেমেৰা আৱিষ্কাৰ কৰিছে যাক আমি বন্যপ্ৰাণী নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰোঁ। আৰু সেই কেমেৰাত তোলা ৫৮০ খন ফটোৰ ভিতৰত আছে ৪০০ খনেই ভালুকটোৰ চেলফি।”

উক্ত ধেমেলীয়া পোষ্টটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভালুকটো চেলফি লোৱাত ইমান ব্যস্ত আছিল যে কিছু লোকে ধেমেলীয়া ধৰণে মন্তব্য কৰি কৈছে যে কেমেৰাত চেল্ফী ল’বলৈ ভালুকটোৰ ওচৰত বাকী জন্তুবোৰে সুযোগেই নাপালে। আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কৌতুক কৰি কয়, “এই ভালুকটোক এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইল দিয়ক।‘’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ