--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৬৭ চনৰ মধ্যপ্ৰাচ্যৰ যুদ্ধত নিহত হোৱা কমেও ৮০ জন ইজিপ্তৰ সৈন্যৰ গণ কবৰ ইজৰাইলৰ এখন জনপ্ৰিয় বিনোদন উদ্যানত উদ্ধাৰ হৈছে। ইজৰাইলৰ কাকত হাৰেটজে এই কথা প্ৰকাশ কৰিছে।

কাকতখনত প্ৰকাশিত তথ্য অনুসৰি, নব্বৈৰ দশকত প্ৰত্যক্ষদৰ্শীয়ে এই বিষয়টো প্ৰকাশ কৰিব বিচাৰিছিল যদিও ইজৰাইলী সেনাৰ হস্তক্ষেপৰ বাবে সেই বিষয়টো প্ৰকাশ কৰা হোৱা নাছিল।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইহুদ অলমাৰ্টে এই ঘটনাৰ তদন্তৰ আহ্বান জনাইছে।
ইজৰাইলে ১৯৬৭ চনৰ যুদ্ধত ছিৰিয়া, ইজিপ্ত আৰু জৰ্ডানৰ বিৰুদ্ধে জয়লাভ কৰিছিল। এই সময়ছোৱাত তেওঁলোকে চিনাই উপত্যকা, গোলান হাইটছ, গাজা উপত্যকা, পশ্চিম আৰু পূব জেৰুজালেম দখল কৰে। সেই যুদ্ধত প্ৰায় ১১ হাজাৰ মিচৰীয় যোদ্ধা নিহত হৈছিল।  

সেই বৰ্ষৰে ৫ জুনত ইজৰাইলী সেনা আৰু ১০০ জন ইজিপ্তৰ সৈন্যৰ এক অভিজাত গোটৰ মাজত ব্যাপক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। ১৯৪৮ চনৰ ইজৰাইল সীমান্তত থকা নোমানছ লেণ্ডৰ কিবুট্জ নাহছান নামৰ বসতিস্থলত সংঘটিত হৈছিল এই সংঘৰ্ষ। এই স্থান এতিয়া অবৈধভাৱে দখল কৰা পশ্চিম তীৰৰ অন্তৰ্গত বুলি জানিবলৈ পোৱা গৈছে।

বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰী লাপিডে ইজৰাইলী সেনাক বিষয়টো গভীৰভাৱে তদন্ত কৰিবলৈ আৰু ইজিপ্তৰ কৰ্তৃপক্ষক আপডেট জনাই থাকিবলৈ নিৰ্দেশ দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি