--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত আজি ভাৰতৰ বনাম অষ্ট্ৰেলিয়া। চেম্পিয়নছ ট্ৰফীত ভাৰতে  আটাইকেইখন খেল আন্তঃৰাষ্ট্ৰীয় ডুবাই ষ্টেডিয়ামত খেলি আহিছে। বিচিচিআয়ে ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।পৰৱৰ্তী পৰ্যায়ত আইচিচিয়ে হাইব্ৰিড মডেলত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।আটাইকেইখন মেচতে জয়ী হৈ ভাৰতে প্ৰৱেশ কৰিছে ছেমি ফাইনেলত। এই খেলত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। 

গ্ৰুপ পৰ্যায়ৰ তিনিখনে খেলত ইতিমধ্যে ভাৰতীয় দলটোৱে জয়লাভ কৰিছে। কিন্তু অষ্ট্ৰেলিয়াক সহজভাৱে ল’ব নোৱাৰি। অষ্ট্ৰেলিয়াৰ দলটোক নকআউট মেচত পৰাস্ত কৰাটো অতি কঠিন। একে সময়তে এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে, যাৰ বাবে ই ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো ডুবাইৰ এই খেলপথাৰত অষ্ট্ৰেলিয়া দলটোৱে আধিপত্য বিস্তাৰ কৰি আহিছে। ১৬ বছৰ পূৰ্বে এই খেলপথাৰত অন্তিমখন আৰু একমাত্ৰ মেচত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াই এতিয়ালৈকে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৫ খন এদিনীয়া খেল খেলিছে। এই সময়ছোৱাত অষ্ট্ৰেলিয়াই ৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ এখনত পৰাস্ত হৈছে। ২০১৯ চনত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। ইয়াৰ পাছৰ আটাইকেখনে মেচতে জয়লাভ কৰি আহিছে। এই সময়চোৱাত অষ্ট্ৰেলিয়াই কেইবাখনো মেচ খেলিছে যদিও ডুবাইত ৬ বছৰৰ মূৰত এদিনীয়া খেলিব।

ইয়াৰ বিপৰীতে,ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হ’ল যে বিগত ১৪ বছৰত এখন নকআউট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পৰা নাই। ভাৰতীয় ক্ৰিকেট দলে শেষবাৰৰ বাবে ২০১১ চনৰ বিশ্বকাপত নকআউট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। ইয়াৰ পিছত এই দুটা দলৰ মাজত ৩ খন আই চি চি নকআউট মেচ অনুষ্ঠিত হৈছে আৰু আটাইকেইখনতে ভাৰত পৰাস্ত হৈছে। 

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্ভাৱ্য একাদশ

ভাৰত: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছামী, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী ।

অষ্ট্ৰেলিয়া: মেথিউ শ্বৰ্ট, ট্ৰেভিছ হেড, ষ্টিভ স্মিথ (অধিনায়ক), মাৰ্নাছ লাবুশ্বেন, জোছ ইংলিছ (উইকেটকীপাৰ), এলেক্স কেৰী, গ্লেন মেক্সৱেল, বেন দ্বাৰশ্বিছ, নাথান এলিছ, এডাম জাম্পা, স্পেন্সৰ জনছন ।

গতিকে পৰাজয়ৰ এই ধাৰা ভাৰতে সলনি কৰিব পাৰে নে নাই সেয়া হ’ব লক্ষণীয়। ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি আজি টিম ইণ্ডিয়াৰ ওপৰত নিৱদ্ধ। কোটি কোটি ক্ৰিকেট অনুৰাগীৰ মনৰ আশা পূৰণ কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰে নে নাই ইয়াক লৈ সকলোৰে উৎকণ্ঠা দুগুনে বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা