--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত আজি ভাৰতৰ বনাম অষ্ট্ৰেলিয়া। চেম্পিয়নছ ট্ৰফীত ভাৰতে  আটাইকেইখন খেল আন্তঃৰাষ্ট্ৰীয় ডুবাই ষ্টেডিয়ামত খেলি আহিছে। বিচিচিআয়ে ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।পৰৱৰ্তী পৰ্যায়ত আইচিচিয়ে হাইব্ৰিড মডেলত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।আটাইকেইখন মেচতে জয়ী হৈ ভাৰতে প্ৰৱেশ কৰিছে ছেমি ফাইনেলত। এই খেলত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। 

গ্ৰুপ পৰ্যায়ৰ তিনিখনে খেলত ইতিমধ্যে ভাৰতীয় দলটোৱে জয়লাভ কৰিছে। কিন্তু অষ্ট্ৰেলিয়াক সহজভাৱে ল’ব নোৱাৰি। অষ্ট্ৰেলিয়াৰ দলটোক নকআউট মেচত পৰাস্ত কৰাটো অতি কঠিন। একে সময়তে এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে, যাৰ বাবে ই ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো ডুবাইৰ এই খেলপথাৰত অষ্ট্ৰেলিয়া দলটোৱে আধিপত্য বিস্তাৰ কৰি আহিছে। ১৬ বছৰ পূৰ্বে এই খেলপথাৰত অন্তিমখন আৰু একমাত্ৰ মেচত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াই এতিয়ালৈকে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৫ খন এদিনীয়া খেল খেলিছে। এই সময়ছোৱাত অষ্ট্ৰেলিয়াই ৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ এখনত পৰাস্ত হৈছে। ২০১৯ চনত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। ইয়াৰ পাছৰ আটাইকেখনে মেচতে জয়লাভ কৰি আহিছে। এই সময়চোৱাত অষ্ট্ৰেলিয়াই কেইবাখনো মেচ খেলিছে যদিও ডুবাইত ৬ বছৰৰ মূৰত এদিনীয়া খেলিব।

ইয়াৰ বিপৰীতে,ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হ’ল যে বিগত ১৪ বছৰত এখন নকআউট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পৰা নাই। ভাৰতীয় ক্ৰিকেট দলে শেষবাৰৰ বাবে ২০১১ চনৰ বিশ্বকাপত নকআউট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। ইয়াৰ পিছত এই দুটা দলৰ মাজত ৩ খন আই চি চি নকআউট মেচ অনুষ্ঠিত হৈছে আৰু আটাইকেইখনতে ভাৰত পৰাস্ত হৈছে। 

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্ভাৱ্য একাদশ

ভাৰত: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছামী, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী ।

অষ্ট্ৰেলিয়া: মেথিউ শ্বৰ্ট, ট্ৰেভিছ হেড, ষ্টিভ স্মিথ (অধিনায়ক), মাৰ্নাছ লাবুশ্বেন, জোছ ইংলিছ (উইকেটকীপাৰ), এলেক্স কেৰী, গ্লেন মেক্সৱেল, বেন দ্বাৰশ্বিছ, নাথান এলিছ, এডাম জাম্পা, স্পেন্সৰ জনছন ।

গতিকে পৰাজয়ৰ এই ধাৰা ভাৰতে সলনি কৰিব পাৰে নে নাই সেয়া হ’ব লক্ষণীয়। ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি আজি টিম ইণ্ডিয়াৰ ওপৰত নিৱদ্ধ। কোটি কোটি ক্ৰিকেট অনুৰাগীৰ মনৰ আশা পূৰণ কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰে নে নাই ইয়াক লৈ সকলোৰে উৎকণ্ঠা দুগুনে বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক