--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভয়াৱহ দুৰ্ঘটনাৰ পাছতো সদর্পে ক্রীড়া ক্ষেত্রলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ভাৰতৰ তাৰকা বেটাৰ-কীপাৰ ঋষভ পণ্ট 'লৰিয়াছ' বিশ্ব বঁটাৰ বাবে মনোনীত হৈছে। ২০২২ চনৰ ৩০ ডিচেম্বৰত ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হোৱা পণ্ট সন্মানীয় 'লৰিয়াছ' বিশ্ব ক্ৰীড়া বঁটা ২০২৫ৰ বাবে মনোনীত হৈছে। 

মাদ্রিদত অহা ২১ এপ্রিলত উক্ত বঁটা প্ৰদান কৰা হ'ব। দিল্লীৰ পৰা নিজৰ ঘৰুৱা চহৰ ৰুৰকীলৈ গাড়ী চলাই যোৱাৰ সময়তে ভয়ানক দুর্ঘটনাত পতিত হয় পণ্ট। উক্ত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা পণ্টক প্রথমে ডেৰাডুনত প্রাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিল, য'ত বি চি চি আইৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা চলে।

পৰৱৰ্তী সময়ত বেংগালুৰুত পণ্ট পুনৰ সংস্থাপনত ব্যস্ত হয়। দ্রুত সুস্থ হৈ উঠা পন্টে যোৱা বছৰত মুলানপুৰত পঞ্জাব কিংছৰ বিৰুদ্ধে তেতিয়াৰ তেওঁৰ আই পি এলৰ দল দিল্লী কেপিটেলছৰ হৈ খেলপথাৰলৈ উভতি আহে। পন্টে ইয়াৰ পাছত টেষ্টলৈ উভতি আহে। দুৰ্ঘটনাৰ পাছত নিজৰ প্ৰথমখন টেষ্টত বাংলাদেশৰ বিৰুদ্ধে শতৰান গোটায় পন্টে। পণ্টৰ প্ৰদৰ্শনৰ জোৰতে ভাৰতে টেষ্টখনত জয়লাভ কৰে।

উৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক