--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই চি চি চেম্পিয়ন্‌ছ ট্রফীৰ আজি গ্রুপ পর্যায়ৰ আটাইতকৈ আকষর্ণীয় মেচখনত ভাৰতে পাকিস্তানক প্রত্যাহ্বান জনাব। হাইপ্রফাইল এই  মেচখনত ৰোহিত শৰ্মাৰ নেতৃত্বৰ টীম ইণ্ডিয়াৰ লক্ষ্য হ'ব পাকিস্তানক পৰাজিত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰা। আনহাতে মহম্মদ বিজবানৰ নেতৃত্বৰ পাকিস্তানে এই মেচখনত জয়েৰে প্ৰতিযোগিতাৰ আগতীয়া প্রস্থান প্রতিৰোধ কৰিবলৈ চেষ্টা কৰিব। প্রতিযোগিতাৰ উদ্বোধনী মেচখনত পাকিস্তান নিউজিলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। সেয়েহে আজি ভাৰতৰ হাতত পৰাজিত হোৱাৰ অৰ্থ হ'ল প্ৰতিযোগিতাৰ আয়োজক দেশখনে আগতীয়াকৈ বিদায় লোৱা। 

আজিৰ মেচখনত ভাৰতে ২০১৭ চনৰ চেম্পিয়ন্‌ছ ট্ৰফীৰ ফাইনেলত পৰাজিত হোৱাৰ মধুৰ প্ৰতিশোধ লোৱাৰ এক সুযোগ লাভ কৰিছে। সেইবাৰ পাকিস্তানে ভাৰতক পৰাজিত কৰিছিল। উল্লেখযোগ্য যে গ্রুপ-এত ভাৰতে নিজৰ প্ৰথমখন মেচত বাংলাদেশক পৰাজিত কৰিছিল। অৱশ্যে এই মেচখন পূৰ্বৰ দৰে বহুচৰ্চিত হোৱা নাই। ফলত আজি দুয়োটা দলে সহজভাৱে খেলপথাৰত নামিব বুলি আশা কৰা হৈছে। ভাৰতীয় দলে ডুবাইৰ পৰিৱেশৰ সৈতে ইতিমধ্যে খাপ খুৱাই লৈছে। আনহাতে পাকিস্তানে কৰাচীত নিউজিলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পাছত ইয়াত উপস্থিত হৈছে। ভাৰতৰ বাবে প্রধান চিন্তাৰ বিষয় আছিল অধিনায়ক ৰোহিত শৰ্মাৰ ফৰ্ম। বাংলাদেশৰ বিৰুদ্ধে মেচখনত তেওঁ ধুমুহাৰ গতিৰে ৪১ ৰান সংগ্ৰহ কৰি ভাৰতৰ বাবে সুন্দৰ আৰম্ভণি কৰে। অৱশ্যে বিৰাট কোহলীৰ ফৰ্ম এতিয়াও চিন্তাৰ কাৰণ হৈ আছে। কালি কোহলীয়ে নিৰ্ধাৰিত সময়তকৈ এঘণ্টাৰ আগৰ পৰা বেটিং অনুশীলন আৰম্ভ কৰে। তেওঁ বিশেষকৈ স্পীনাৰৰ বলত বেটিং অনুশীলন কৰে। শুভমন গিলে বাংলাদেশৰ বিৰুদ্ধে চেঞ্চুৰী কৰি নিজৰ ফৰ্মৰ ইংগিত দি থৈছে। উদ্বোধনী মেচখনত পাকিস্তানী বলিং বিভাগে আশা কৰা মতে বলিং কৰিব পৰা নাছিল। ভাৰতীয় বেটাৰসকলে আজি পাকিস্তানী বলাৰৰ দুৰ্বলতাৰ সুযোগ লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বিপৰীতে ভাৰতৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন কৰি নিজৰ শক্তিৰ উমান দি থৈছে। আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰা মহম্মদ ছামীয়ে সুন্দৰ প্ৰদৰ্শন কৰি পাঁচটা উইকেট দখল কৰিছে। হৰ্ষিত ৰাণাই তেওঁক সুন্দৰ সহযোগ কৰিছে। অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ পাকিস্তানৰ বিৰুদ্ধে প্রদর্শন ভাল। ডুবাইৰ পিটচে স্পীনাৰক সহায় কৰাৰ আশা কৰা হৈছে। ডুবাইত ভাৰত আৰু পাকিস্তানে পূর্বতে খেলা দুখন এদিনীয়াৰ দুয়োখনতে ভাৰত জয়ী হৈছে। 

উল্লেখযোগ্য যে ভাৰতে ইয়াৰ আগলৈকে ডুবাইত সাতখন মেচ খেলিছে আৰু ইয়াৰে ছয়খনত জয়ী হৈছে। এখন মেচ টাই হৈছে। আন কথাত ভাৰত এতিয়ালৈকে পৰাজিত হোৱা নাই। ইফালে জুৱাৰীৰ বজাৰত কাইলৈৰ ফেভাৰিট টীম ইণ্ডিয়া। ভাৰতৰ পক্ষে দৰ হ'ল ৪১-৪২। অৰ্থাৎ ভাৰতৰ জয়ৰ পক্ষে দহ হাজাৰ টকাৰ বাজি ধৰিলে আৰু ভাৰত জয়ী হ'লে তেওঁ ৪১ হাজাৰ টকা লাভ কৰিৱ। বর। আনহাতে পাকিস্তান জয়ী হোৱাৰ পক্ষে ৪২০০ টকাৰ বাজি ধৰিলে ১০ হাজাৰ টকা লাভ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক