--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেন্নাইৰ ৰাজপথত বিদেশৰ এজন নাগৰিকে আতংকৰ সৃষ্টি কৰিছে৷ সুৰামত্ত এজন বিদেশী নাগৰিকে সুৰাৰ নিচাত খুলিছে গাৰ কাপোৰ৷ 

আৰু বিবস্ত্ৰ হৈ ঘূৰি ফুৰিছে ৰাজপথত৷ সুৰাৰ নিচাত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে লোকজনে৷ এজন মটৰচাইকেল আৰোহীক কামুৰিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ ‘এক্স’ত শ্বেয়াৰ কৰা এতিয়া ভাইৰেল হোৱা ভিডিঅ’টোত বিদেশীজনক ৰয়াপেট্টা অঞ্চলত বাইকত এজন মানুহৰ ফালে দৌৰি গৈ ডিঙিত কামুৰিবলৈ চেষ্টা কৰা দেখা গৈছে৷ 

অৱশ্যে, আৰক্ষী বিষয়াসকলে সুৰাপান কৰা লোকজনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি বাধা দিয়ে। ভিডিঅ’টো এজন ব্যৱহাৰকাৰী প্ৰমোদ মাধৱে এক্সত শ্বেয়াৰ কৰি লিখিছে এনেদৰে, এই ঘটনাটো চেন্নাইত ঘটিছিল। খবৰ অনুসৰি এজন বিদেশী নাগৰিক নিচাগ্ৰস্ত অৱস্থাত আছে, যাত্ৰীসকলক কামুৰিবলৈ চেষ্টা কৰি দৌৰি ফুৰিছে।

অৱশ্যে স্থানীয় ৰাইজে ঘটনাস্থলীলৈ আৰক্ষীক মাতি পঠিয়ায় আৰু অভিযুক্ত ৰাছিয়ান নাগৰিকজনক অৱশেষত অৱশেষত আটক কৰা হয় বুলি এজন ব্যৱহাৰকাৰীয়ে দাবী কৰে।

আন এজন ব্যৱহাৰকাৰীয়ে কয়, যদি এজন ভাৰতীয়ই লণ্ডন বা নিউয়ৰ্কত এনে কৰিলেহেঁতেন, তেন্তে পৰ্যটক আৰু প্ৰব্ৰজনৰ কঠোৰ আইনৰ বাবে গোটেই অনুপ্ৰৱেশকাৰীক দোষাৰোপ কৰা হ'লহেঁতেন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু