--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাছিকৰ দিল্লী পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰয়ান শুক্লাই ‘৫০টা পাঁচ অংকৰ সংখ্যা সৰ্বাধিক দ্ৰুত যোগ কৰি’ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। মাত্ৰ ২৫.১৯ ছেকেণ্ডতে তেওঁ এই কামটো সহজেই কৰিলে। 

২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত ইটালীৰ মিলানত ইটালীৰ টিভি শ্ব’ ‘লো শ্ব’ ডেই ৰেকৰ্ড’ত আৰিয়ানে এই অভিলেখ গঢ়িছিল।

আৰিয়ান শুক্লাই ৬ বছৰ বয়সৰ পৰাই সকলো গণিত আৰু গণনাৰ অনুশীলন কৰি আহিছে। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰিয়ান শুক্লা Mental Math Calculationৰ অন্যতম খেলুৱৈ। 

ইয়াৰ পূৰ্বে জাৰ্মানীৰ পেডাৰবৰ্ণ চহৰত অনুষ্ঠিত ২০২২ চনৰ Mental Math Calculation বিশ্বকাপত তেওঁ ‘বিশ্ব চেম্পিয়ন’ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ বিশ্বৰ ২০খন দেশৰ ৪০টা মানৱ কেলকুলেটৰৰ ভিতৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ।

৮ বছৰতকৈও কম বয়সতে আৰয়ানে ভাৰতক প্ৰতিনিধিত্ব কৰি ‘মেম’ৰিয়েল টাৰ্কি অ’পেন চেম্পিয়নশ্বিপ - ২০১৮’ত অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁ ৭টা সোণ, ১টা ৰূপ আৰু ২টা ব্ৰঞ্জকে ধৰি ১০টা পদক লাভ কৰি ২টা কিডছ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। আজিলৈকে মেম’ৰিয়েলত একক প্ৰতিযোগিতাত সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ আৰিয়ান শুক্লাৰ নামত আছে। 

গ্ল’বেল মেন্টেল কেলকুলেটৰ এছ’চিয়েশ্যন (জিএমচিএ)ৰ অন্যতম প্ৰতিষ্ঠাপক ব’ৰ্ডৰ সদস্য আৰয়ান। ১৩ বছৰ কম বয়সতে তেওঁ এই সংস্থাৰ প্ৰতিষ্ঠাপক ব’ৰ্ডৰ সদস্য হৈছিল।

সকলোৱে কণমানিক আৰয়ানক জিনিয়াছ আৰয়ান বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু