--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাছিকৰ দিল্লী পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰয়ান শুক্লাই ‘৫০টা পাঁচ অংকৰ সংখ্যা সৰ্বাধিক দ্ৰুত যোগ কৰি’ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। মাত্ৰ ২৫.১৯ ছেকেণ্ডতে তেওঁ এই কামটো সহজেই কৰিলে। 

২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত ইটালীৰ মিলানত ইটালীৰ টিভি শ্ব’ ‘লো শ্ব’ ডেই ৰেকৰ্ড’ত আৰিয়ানে এই অভিলেখ গঢ়িছিল।

আৰিয়ান শুক্লাই ৬ বছৰ বয়সৰ পৰাই সকলো গণিত আৰু গণনাৰ অনুশীলন কৰি আহিছে। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰিয়ান শুক্লা Mental Math Calculationৰ অন্যতম খেলুৱৈ। 

ইয়াৰ পূৰ্বে জাৰ্মানীৰ পেডাৰবৰ্ণ চহৰত অনুষ্ঠিত ২০২২ চনৰ Mental Math Calculation বিশ্বকাপত তেওঁ ‘বিশ্ব চেম্পিয়ন’ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ বিশ্বৰ ২০খন দেশৰ ৪০টা মানৱ কেলকুলেটৰৰ ভিতৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ।

৮ বছৰতকৈও কম বয়সতে আৰয়ানে ভাৰতক প্ৰতিনিধিত্ব কৰি ‘মেম’ৰিয়েল টাৰ্কি অ’পেন চেম্পিয়নশ্বিপ - ২০১৮’ত অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁ ৭টা সোণ, ১টা ৰূপ আৰু ২টা ব্ৰঞ্জকে ধৰি ১০টা পদক লাভ কৰি ২টা কিডছ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। আজিলৈকে মেম’ৰিয়েলত একক প্ৰতিযোগিতাত সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ আৰিয়ান শুক্লাৰ নামত আছে। 

গ্ল’বেল মেন্টেল কেলকুলেটৰ এছ’চিয়েশ্যন (জিএমচিএ)ৰ অন্যতম প্ৰতিষ্ঠাপক ব’ৰ্ডৰ সদস্য আৰয়ান। ১৩ বছৰ কম বয়সতে তেওঁ এই সংস্থাৰ প্ৰতিষ্ঠাপক ব’ৰ্ডৰ সদস্য হৈছিল।

সকলোৱে কণমানিক আৰয়ানক জিনিয়াছ আৰয়ান বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ