--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰথম ছিজনৰ পৰাই মহেন্দ্ৰ সিং ধোনীয়ে খেলি আহিছে। তাৰ মাজতে দুবছৰৰ বাহিৰে প্ৰতিবাৰেই চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে আই পি এলৰ ১৬ বছৰ সম্পূৰ্ণ কৰিছে। চেন্নাই ফ্ৰেঞ্চাইজিয়ে তেওঁৰ এই কৃতিত্ব উদযাপন কৰে।

ঠিক ১৬ বছৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰীত চেন্নাই ছুপাৰ কিংছে ধোনী ক্ৰয় কৰিছিল ৯ কোটি ৫০ লাখ টকাত। সেইবাৰ তেওঁৰ নূন্যতম মূল্য আছিল ৩ কোটি। তেতিয়া তেওঁ আছিল চেন্নাইয়ে ক্ৰয় কৰা আটাইতকৈ দামী ক্ৰিকেটাৰ। 

আই পি এলৰ প্ৰথম নিলামৰ সেই স্মৃতি চেন্নাইয়ে ঘূৰাই আনিলে। ২০০৮ চনৰ নিলামত ধোনীক নিশ্চিত কৰা এখন নথি ছ’চিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। নথিখনত ​​শ্বেন ৱাৰ্ণ, এডাম গিলখ্ৰীষ্ট, শ্বোয়াইব আখতাৰ, মুটিয়া মুৰলীথাৰণ, মহেলা জয়ৱৰ্ধনেৰ সৈতে ধোনিৰ নাম সন্নিবিষ্ট কৰা হৈছে। 

কিন্তু আই পি এলৰ প্ৰথম নিলামত ধোনীক লৈ কোনো পৰিকল্পনা নাছিল চেন্নাই কৰ্তৃপক্ষৰ। প্ৰাক্তন ক্ৰিকেটাৰ ভি বি চন্দ্ৰশেখৰে এই প্ৰসংগত এবাৰ কৈছিল, "এন শ্ৰীনিবাসনে মোক ২০০৮ চনত নিলামৰ পূৰ্বে সুধিছিল, আপুনি কাৰ ল’ব বিচাৰে? মই ধোনিৰ নাম কলো। শুনি শ্ৰীনিবাসনে সুধিলে, বীৰেন্দ্ৰ সেহৱাগৰ বাবে চেষ্টা নকৰিলে কিয়? মই ক’লো, সেহৱাগে দৰ্শকক ইমান অনুপ্ৰাণিত কৰিব নোৱাৰিব। বগা বল ক্ৰিকেটত এতিয়া ধোনী দেশৰ অধিনায়ক। তেওঁৰ প্ৰতি আগ্ৰহ বেছি হ’ব। ইয়াৰ বাহিৰেও ধোনীক লৈ গ’লে বেটছমেনৰ লগতে উইকেটকীপাৰো পাব। সেইটোৱে এককভাৱে মেচৰ ৰং সলনি কৰিব পাৰে। তেতিয়া আমি কিয় ধোনিৰ বাবে জপিয়াই নাযাওঁ! শ্ৰীনিবাসনে মোৰ যুক্তি প্ৰথমতে ভাল নাপালে। পিছদিনা ৰাতিপুৱা সি মন সলনি কৰি ধোনিৰ বাবে জপিয়াই দিবলৈ ক'লে।''

শেষত আই পি এলৰ প্ৰথম নিলামত ধোনিৰ বাবে জপিয়াই পৰে চেন্নাই কৰ্তৃপক্ষ। তাৰ পিছৰে পৰা ধোনীয়ে চেন্নাই ফ্ৰেঞ্চাইজিৰ হৈ ১৩ বছৰ ধৰি খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ