--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰথম ছিজনৰ পৰাই মহেন্দ্ৰ সিং ধোনীয়ে খেলি আহিছে। তাৰ মাজতে দুবছৰৰ বাহিৰে প্ৰতিবাৰেই চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে আই পি এলৰ ১৬ বছৰ সম্পূৰ্ণ কৰিছে। চেন্নাই ফ্ৰেঞ্চাইজিয়ে তেওঁৰ এই কৃতিত্ব উদযাপন কৰে।

ঠিক ১৬ বছৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰীত চেন্নাই ছুপাৰ কিংছে ধোনী ক্ৰয় কৰিছিল ৯ কোটি ৫০ লাখ টকাত। সেইবাৰ তেওঁৰ নূন্যতম মূল্য আছিল ৩ কোটি। তেতিয়া তেওঁ আছিল চেন্নাইয়ে ক্ৰয় কৰা আটাইতকৈ দামী ক্ৰিকেটাৰ। 

আই পি এলৰ প্ৰথম নিলামৰ সেই স্মৃতি চেন্নাইয়ে ঘূৰাই আনিলে। ২০০৮ চনৰ নিলামত ধোনীক নিশ্চিত কৰা এখন নথি ছ’চিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। নথিখনত ​​শ্বেন ৱাৰ্ণ, এডাম গিলখ্ৰীষ্ট, শ্বোয়াইব আখতাৰ, মুটিয়া মুৰলীথাৰণ, মহেলা জয়ৱৰ্ধনেৰ সৈতে ধোনিৰ নাম সন্নিবিষ্ট কৰা হৈছে। 

কিন্তু আই পি এলৰ প্ৰথম নিলামত ধোনীক লৈ কোনো পৰিকল্পনা নাছিল চেন্নাই কৰ্তৃপক্ষৰ। প্ৰাক্তন ক্ৰিকেটাৰ ভি বি চন্দ্ৰশেখৰে এই প্ৰসংগত এবাৰ কৈছিল, "এন শ্ৰীনিবাসনে মোক ২০০৮ চনত নিলামৰ পূৰ্বে সুধিছিল, আপুনি কাৰ ল’ব বিচাৰে? মই ধোনিৰ নাম কলো। শুনি শ্ৰীনিবাসনে সুধিলে, বীৰেন্দ্ৰ সেহৱাগৰ বাবে চেষ্টা নকৰিলে কিয়? মই ক’লো, সেহৱাগে দৰ্শকক ইমান অনুপ্ৰাণিত কৰিব নোৱাৰিব। বগা বল ক্ৰিকেটত এতিয়া ধোনী দেশৰ অধিনায়ক। তেওঁৰ প্ৰতি আগ্ৰহ বেছি হ’ব। ইয়াৰ বাহিৰেও ধোনীক লৈ গ’লে বেটছমেনৰ লগতে উইকেটকীপাৰো পাব। সেইটোৱে এককভাৱে মেচৰ ৰং সলনি কৰিব পাৰে। তেতিয়া আমি কিয় ধোনিৰ বাবে জপিয়াই নাযাওঁ! শ্ৰীনিবাসনে মোৰ যুক্তি প্ৰথমতে ভাল নাপালে। পিছদিনা ৰাতিপুৱা সি মন সলনি কৰি ধোনিৰ বাবে জপিয়াই দিবলৈ ক'লে।''

শেষত আই পি এলৰ প্ৰথম নিলামত ধোনিৰ বাবে জপিয়াই পৰে চেন্নাই কৰ্তৃপক্ষ। তাৰ পিছৰে পৰা ধোনীয়ে চেন্নাই ফ্ৰেঞ্চাইজিৰ হৈ ১৩ বছৰ ধৰি খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু