--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ফুটবলাৰ আন্দ্ৰেছ ব্ৰেমৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ। ১৯৯০ চনৰ বিশ্বকাপৰ ফাইনেলত আন্দ্ৰেছ ব্ৰেমে একমাত্ৰ গ’লটো দিছিল। তেওঁৰ গ’লে পশ্চিম জাৰ্মানীয়ে ডিয়েগো মাৰাডোনাৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিশ্বকাপ জয় কৰাত সহায় কৰে। ব্ৰেমে মাৰাডোনাৰ সপোন ভাঙি পেলাইছিল।

জাৰ্মান প্ৰেছ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে ব্ৰেমৰ ঘৰতে হাৰ্ট এটেকত মৃত্যু হয়। কিংবদন্তি ফুটবলাৰগৰাকীৰ মৃত্যুত ফুটবল জগতত শোকৰ ছাঁ। ছচিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাক্তন আৰু বৰ্তমানৰ ফুটবলাৰ।

ব্ৰেমৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ মুহূৰ্ত আছিল ১৯৯০ চনৰ বিশ্বকাপৰ ফাইনেলত পেনাল্টি গ’ল। বাওঁফালৰ বেক বা মিডফিল্ডাৰ হিচাপে খেলিলেও ব্ৰেমে গ’ল দিব পাৰিছিল। বিশেষকৈ ফ্ৰী কিক বা পেনাল্টি লোৱাৰ দায়িত্ব তেওঁৰ আছিল। ছেমি ফাইনেলত বব ৰবছনৰ ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত পশ্চিম জাৰ্মানীয়ে ফাইনেলত আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হয়।

১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈকে ব্ৰেমে পশ্চিম জাৰ্মানীৰ হৈ খেলিছিল। তেওঁৰ কেৰিয়াৰত তিনিখন বিশ্বকাপ (১৯৮৬, ১৯৯০, ১৯৯৪) আৰু তিনিটা ইউৰো কাপ (১৯৮৪, ১৯৮৮, ১৯৯২) খেলিছিল। ১৯৮৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতো খেলিছিল। ১৯৮৪ চনৰ ইউৰোৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে পৰিগণিত হয় ব্ৰেমে। পশ্চিম জাৰ্মানীৰ হৈ ৮৬খন খেলত ৮টা গ’ল দিয়ে। ব্ৰেমে ক্লাব ফুটবলত বায়াৰ্ন মিউনিখ, ইণ্টাৰ মিলানৰ দৰে ক্লাবৰ হৈও খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ