--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ফুটবলাৰ আন্দ্ৰেছ ব্ৰেমৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ। ১৯৯০ চনৰ বিশ্বকাপৰ ফাইনেলত আন্দ্ৰেছ ব্ৰেমে একমাত্ৰ গ’লটো দিছিল। তেওঁৰ গ’লে পশ্চিম জাৰ্মানীয়ে ডিয়েগো মাৰাডোনাৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিশ্বকাপ জয় কৰাত সহায় কৰে। ব্ৰেমে মাৰাডোনাৰ সপোন ভাঙি পেলাইছিল।

জাৰ্মান প্ৰেছ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে ব্ৰেমৰ ঘৰতে হাৰ্ট এটেকত মৃত্যু হয়। কিংবদন্তি ফুটবলাৰগৰাকীৰ মৃত্যুত ফুটবল জগতত শোকৰ ছাঁ। ছচিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাক্তন আৰু বৰ্তমানৰ ফুটবলাৰ।

ব্ৰেমৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ মুহূৰ্ত আছিল ১৯৯০ চনৰ বিশ্বকাপৰ ফাইনেলত পেনাল্টি গ’ল। বাওঁফালৰ বেক বা মিডফিল্ডাৰ হিচাপে খেলিলেও ব্ৰেমে গ’ল দিব পাৰিছিল। বিশেষকৈ ফ্ৰী কিক বা পেনাল্টি লোৱাৰ দায়িত্ব তেওঁৰ আছিল। ছেমি ফাইনেলত বব ৰবছনৰ ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত পশ্চিম জাৰ্মানীয়ে ফাইনেলত আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হয়।

১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈকে ব্ৰেমে পশ্চিম জাৰ্মানীৰ হৈ খেলিছিল। তেওঁৰ কেৰিয়াৰত তিনিখন বিশ্বকাপ (১৯৮৬, ১৯৯০, ১৯৯৪) আৰু তিনিটা ইউৰো কাপ (১৯৮৪, ১৯৮৮, ১৯৯২) খেলিছিল। ১৯৮৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতো খেলিছিল। ১৯৮৪ চনৰ ইউৰোৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে পৰিগণিত হয় ব্ৰেমে। পশ্চিম জাৰ্মানীৰ হৈ ৮৬খন খেলত ৮টা গ’ল দিয়ে। ব্ৰেমে ক্লাব ফুটবলত বায়াৰ্ন মিউনিখ, ইণ্টাৰ মিলানৰ দৰে ক্লাবৰ হৈও খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু