--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মহত্যা। নিজৰ জীৱন শেষ কৰি দিয়াৰ প্ৰৱণতাই যুগ যুগ ধৰি মানৱ সভ্যতাক প্ৰভাৱান্বিত কৰি আহিছে। জীৱনত সকলো সুবিধা লাভ কৰিও মানুহে আত্মহত্যা কৰিব পাৰে। ই এক মানসিক বিষয়। এই বিষয়ে সামাজিকভাৱেও বিভিন্ন অধ্যয়ন চলি আহিছে।

অপাৰ ধন-ঐশ্বৰ্য-খ্যাতিয়েও যে মানুহৰ ৰহস্যসময় মনক শান্ত কৰিব নোৱাৰে, তাৰ উদাহৰণ হৈছে কিছুমান পৃথিৱী জোকাৰি যোৱা আত্মহত্যা। শেহতীয়াকৈ কোৰিয়ান পপ মিউজিকৰ জনপ্ৰিয় গায়িকা ২৯ বৰ্ষীয়া Haesooই আত্মহত্যা কৰিছে। কিছু বছৰ পূৰ্বে একেধৰণেই বিখ্যাত ডিজে এভিচি, ৰক ষ্টাৰ ক্ৰিছ কৰ্ণেল আৰু চেষ্টাৰ বেনিংটনে আত্মহত্যা কৰিছিল। ক’ভিড মহামাৰীৰ সময়ত বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই দেশ জোকাৰি গৈছিল।

এওঁলোকে জীৱনত অশেষ জনপ্ৰিয়তা আৰু ঐশ্বৰ্য আহৰণ কৰিছিল। কি নাছিল তেওঁলোকৰ? সুশান্ত সিং ৰাজপুত আছিল বলিউডৰ অন্যতম জনপ্ৰিয় তাৰকা, আনহাতে এভিচি, চেষ্টাৰ, ক্ৰিছ কৰ্ণেল আছিল ৰক মিউজিকৰ আগশাৰীৰ তাৰকা। বিশ্বৰ চুকে-কোণে এওঁলোকৰ নাম মানুহে জানে আৰু এবাৰৰ বাবে হ’লেও চাবলে আগ্ৰহ প্ৰকাশ কৰে। সাধাৰণ মানুহৰ দৃষ্টিত এওঁলোক তাৰকা।

আচলতে জনপ্ৰিয়তা, ঐশ্বৰ্য- এইসমূহে মানুহৰ মানসিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। আত্মহত্যা কৰা জনপ্ৰিয় লোকসকলৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে এওঁলোকে জীৱনত যি বিচাৰিছে সেয়া পোৱা নাই। কিন্তু কি বিচাৰিছিল এওঁলোকে? আচলতে নিঃসংগতাৰ বাবেই নিজকে শেষ কৰি দিয়ে একোজন লোকে। তাৰ ব্যতিক্ৰম নহয় খ্যাতিৰে শিখৰত থকা তাৰকাসকলো।

মুঠৰ ওপৰত ক’ব পাৰি যে মানুহক জীয়াই থাকিবলৈ প্ৰয়োজন সংগী আৰু সুখৰ। সংগীহীনতাই মানুহৰ মনলৈ অস্থিৰতা আনে, নিজৰ প্ৰতি বিশ্বাস কমাই তোলে, ভাৱপ্ৰকাশৰ কোনো অৱকাশ নাথাকে। মানুহৰ মন-মগজু অপাৰ কথাৰে ভৰি থাকে, সেইসমূহ কাৰোবাৰ আগত ব্যক্ত কৰিলে মন-মগজুৱে উৎসাহ লাভ কৰে। এই উৎসাহেই হৈছে জীৱনশক্তিৰ মূল ছাবি কাঠি। যদি জনপ্ৰিয় আৰু ঐশ্বৰ্যশালী হৈও মনৰ সংগী পোৱা নাযায়, তেন্তে নিজকে শেষ কৰিবলৈ দিবলৈ মন যাব। কোনো ইয়াৰ ব্যতিক্ৰম নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস