--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মহত্যা। নিজৰ জীৱন শেষ কৰি দিয়াৰ প্ৰৱণতাই যুগ যুগ ধৰি মানৱ সভ্যতাক প্ৰভাৱান্বিত কৰি আহিছে। জীৱনত সকলো সুবিধা লাভ কৰিও মানুহে আত্মহত্যা কৰিব পাৰে। ই এক মানসিক বিষয়। এই বিষয়ে সামাজিকভাৱেও বিভিন্ন অধ্যয়ন চলি আহিছে।

অপাৰ ধন-ঐশ্বৰ্য-খ্যাতিয়েও যে মানুহৰ ৰহস্যসময় মনক শান্ত কৰিব নোৱাৰে, তাৰ উদাহৰণ হৈছে কিছুমান পৃথিৱী জোকাৰি যোৱা আত্মহত্যা। শেহতীয়াকৈ কোৰিয়ান পপ মিউজিকৰ জনপ্ৰিয় গায়িকা ২৯ বৰ্ষীয়া Haesooই আত্মহত্যা কৰিছে। কিছু বছৰ পূৰ্বে একেধৰণেই বিখ্যাত ডিজে এভিচি, ৰক ষ্টাৰ ক্ৰিছ কৰ্ণেল আৰু চেষ্টাৰ বেনিংটনে আত্মহত্যা কৰিছিল। ক’ভিড মহামাৰীৰ সময়ত বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই দেশ জোকাৰি গৈছিল।

এওঁলোকে জীৱনত অশেষ জনপ্ৰিয়তা আৰু ঐশ্বৰ্য আহৰণ কৰিছিল। কি নাছিল তেওঁলোকৰ? সুশান্ত সিং ৰাজপুত আছিল বলিউডৰ অন্যতম জনপ্ৰিয় তাৰকা, আনহাতে এভিচি, চেষ্টাৰ, ক্ৰিছ কৰ্ণেল আছিল ৰক মিউজিকৰ আগশাৰীৰ তাৰকা। বিশ্বৰ চুকে-কোণে এওঁলোকৰ নাম মানুহে জানে আৰু এবাৰৰ বাবে হ’লেও চাবলে আগ্ৰহ প্ৰকাশ কৰে। সাধাৰণ মানুহৰ দৃষ্টিত এওঁলোক তাৰকা।

আচলতে জনপ্ৰিয়তা, ঐশ্বৰ্য- এইসমূহে মানুহৰ মানসিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। আত্মহত্যা কৰা জনপ্ৰিয় লোকসকলৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে এওঁলোকে জীৱনত যি বিচাৰিছে সেয়া পোৱা নাই। কিন্তু কি বিচাৰিছিল এওঁলোকে? আচলতে নিঃসংগতাৰ বাবেই নিজকে শেষ কৰি দিয়ে একোজন লোকে। তাৰ ব্যতিক্ৰম নহয় খ্যাতিৰে শিখৰত থকা তাৰকাসকলো।

মুঠৰ ওপৰত ক’ব পাৰি যে মানুহক জীয়াই থাকিবলৈ প্ৰয়োজন সংগী আৰু সুখৰ। সংগীহীনতাই মানুহৰ মনলৈ অস্থিৰতা আনে, নিজৰ প্ৰতি বিশ্বাস কমাই তোলে, ভাৱপ্ৰকাশৰ কোনো অৱকাশ নাথাকে। মানুহৰ মন-মগজু অপাৰ কথাৰে ভৰি থাকে, সেইসমূহ কাৰোবাৰ আগত ব্যক্ত কৰিলে মন-মগজুৱে উৎসাহ লাভ কৰে। এই উৎসাহেই হৈছে জীৱনশক্তিৰ মূল ছাবি কাঠি। যদি জনপ্ৰিয় আৰু ঐশ্বৰ্যশালী হৈও মনৰ সংগী পোৱা নাযায়, তেন্তে নিজকে শেষ কৰিবলৈ দিবলৈ মন যাব। কোনো ইয়াৰ ব্যতিক্ৰম নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি