--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে ।

ডিজিটেল ডেস্কঃ চাবুৱাত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । দীঘদিন ধৰি চাবুৱা ৰহমৰীয়া আৰক্ষী থানা অন্তৰ্গত থানাই চাহ বাগিছাত নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰিছিল। আতংকিত স্থানীয় লোকসকলে দিকবিদিক হেৰুৱাই পেলাইছিল।


অঞ্চলটোত বাঘৰ আতংক প্ৰতিৰোধৰ অৰ্থে জিলা বন বিভাগৰ তত্বাৱধানত স্থাপন কৰা হয় এটা পিঞ্জৰা। এই পিঞ্জৰাতে এটিা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আৱদ্ধ হয় ।


যোৱা শুকুৰবাৰেও দিনৰ ভাগত এই স্থানতে অন্য এটি নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল ।


উল্লেখ্য যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৱে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই পোহনীয়া হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি ভক্ষণ কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা বন বিভাগক অৱগত কৰে । ফলত ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত বাঘটো আবদ্ধ হয় ।


ইফালে উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে । বাগিছাখনত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো ওচৰ পৰা প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ