--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে ।

ডিজিটেল ডেস্কঃ চাবুৱাত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । দীঘদিন ধৰি চাবুৱা ৰহমৰীয়া আৰক্ষী থানা অন্তৰ্গত থানাই চাহ বাগিছাত নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰিছিল। আতংকিত স্থানীয় লোকসকলে দিকবিদিক হেৰুৱাই পেলাইছিল।


অঞ্চলটোত বাঘৰ আতংক প্ৰতিৰোধৰ অৰ্থে জিলা বন বিভাগৰ তত্বাৱধানত স্থাপন কৰা হয় এটা পিঞ্জৰা। এই পিঞ্জৰাতে এটিা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আৱদ্ধ হয় ।


যোৱা শুকুৰবাৰেও দিনৰ ভাগত এই স্থানতে অন্য এটি নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল ।


উল্লেখ্য যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৱে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই পোহনীয়া হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি ভক্ষণ কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা বন বিভাগক অৱগত কৰে । ফলত ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত বাঘটো আবদ্ধ হয় ।


ইফালে উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে । বাগিছাখনত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো ওচৰ পৰা প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত