--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আনৰ কাজিয়াৰ মাজত সোমালে নিজৰ ক্ষতি হয় বুলি এটা কথা আছে। এনে এটা ঘটনা পোহৰলৈ আহিছে যত স্বামী-স্ত্ৰীৰ কাজিয়া ভাঙিব যোৱা বাবে এজন ওচৰ-চুবুৰীয়াৰ মৃত্যু হয়। ছাগলী মাংস বনোৱাক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল।

এই ঘটনাটো মধ্যপ্ৰদেশৰ ভূপালৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূপালৰ বিলখিৰীয়াত পাপ্পু নামৰ এজন লোকে পত্নী কুন্তীৰ সৈতে কাজিয়া কৰি আছিল। মাটন বনোৱাক লৈ দুয়োৰে মাজত এই কাজিয়া সংঘটিত হৈছিল। ১৮ অক্টোবৰ মঙলবাৰে পাপ্পুৱে ঘৰতে মাটন বনাই আছিল। এই কথাত তেওঁৰ পত্নীৰ খং উঠিল আৰু মঙলবাৰ হোৱাৰ বাবে তেওঁ স্বামীক মাংস ৰন্ধা বন্ধ কৰিবলৈ ক'লে। মঙলবাৰে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰে কিন্তু সেইদিনা স্বামীয়ে ছাগলী মাংস ৰন্ধা বাবে খং উঠে পত্নীৰ।

বাৰে বাৰে কোৱাৰ পাছতো স্বামীয়ে সন্মত নোহোৱাত পত্নীৰ লগত সংঘৰ্ষ হয় আৰু দুয়োৰে মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। ইয়াৰ পিছতে স্বামীয়ে পত্নীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। পত্নীৰ চিঞৰ শুনি চুবুৰীটোত থকা বল্লুৱে দুয়োৰে মাজত হোৱা কাজিয়া শান্ত কৰিবলৈ তাত উপস্থিত হয়। কিন্তু এনে কৰিলে যে নিজৰ জীৱন হেৰুৱাব, সেই কথা সপোনতো ভবা নাছিল বল্লুৱে।

কাজিয়াখন শান্ত কৰাই পুনৰ ঘৰলৈ ঘূৰি আহিছিল বল্লু। কিন্তু কিছু সময়ৰ পাছত মহিলাগৰাকীৰ স্বামীয়ে লাঠি লৈ চুবুৰীয়া বল্লুৰ ঘৰলৈ গৈ আক্ৰমণ কৰে। মূৰত আঘাত পাই আহত হোৱা বল্লুৰ কিছু সময়ৰ পিছতে মৃত্যু হয়। ইয়াৰ পিছত পত্নীয়ে আৰক্ষীক অভিযোগ কৰে আৰু তাৰপাছত অভিযুক্তক আটক কৰে আৰক্ষীয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু