--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আনৰ কাজিয়াৰ মাজত সোমালে নিজৰ ক্ষতি হয় বুলি এটা কথা আছে। এনে এটা ঘটনা পোহৰলৈ আহিছে যত স্বামী-স্ত্ৰীৰ কাজিয়া ভাঙিব যোৱা বাবে এজন ওচৰ-চুবুৰীয়াৰ মৃত্যু হয়। ছাগলী মাংস বনোৱাক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল।

এই ঘটনাটো মধ্যপ্ৰদেশৰ ভূপালৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূপালৰ বিলখিৰীয়াত পাপ্পু নামৰ এজন লোকে পত্নী কুন্তীৰ সৈতে কাজিয়া কৰি আছিল। মাটন বনোৱাক লৈ দুয়োৰে মাজত এই কাজিয়া সংঘটিত হৈছিল। ১৮ অক্টোবৰ মঙলবাৰে পাপ্পুৱে ঘৰতে মাটন বনাই আছিল। এই কথাত তেওঁৰ পত্নীৰ খং উঠিল আৰু মঙলবাৰ হোৱাৰ বাবে তেওঁ স্বামীক মাংস ৰন্ধা বন্ধ কৰিবলৈ ক'লে। মঙলবাৰে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰে কিন্তু সেইদিনা স্বামীয়ে ছাগলী মাংস ৰন্ধা বাবে খং উঠে পত্নীৰ।

বাৰে বাৰে কোৱাৰ পাছতো স্বামীয়ে সন্মত নোহোৱাত পত্নীৰ লগত সংঘৰ্ষ হয় আৰু দুয়োৰে মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। ইয়াৰ পিছতে স্বামীয়ে পত্নীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। পত্নীৰ চিঞৰ শুনি চুবুৰীটোত থকা বল্লুৱে দুয়োৰে মাজত হোৱা কাজিয়া শান্ত কৰিবলৈ তাত উপস্থিত হয়। কিন্তু এনে কৰিলে যে নিজৰ জীৱন হেৰুৱাব, সেই কথা সপোনতো ভবা নাছিল বল্লুৱে।

কাজিয়াখন শান্ত কৰাই পুনৰ ঘৰলৈ ঘূৰি আহিছিল বল্লু। কিন্তু কিছু সময়ৰ পাছত মহিলাগৰাকীৰ স্বামীয়ে লাঠি লৈ চুবুৰীয়া বল্লুৰ ঘৰলৈ গৈ আক্ৰমণ কৰে। মূৰত আঘাত পাই আহত হোৱা বল্লুৰ কিছু সময়ৰ পিছতে মৃত্যু হয়। ইয়াৰ পিছত পত্নীয়ে আৰক্ষীক অভিযোগ কৰে আৰু তাৰপাছত অভিযুক্তক আটক কৰে আৰক্ষীয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক