--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সমঘটিত হৈছে এক  ভয়াৱহ ঘটনা।ডেংগুত আক্ৰান্ত  ৰোগীৰ দেহত  প্লাজমাৰ সলনি প্ৰয়োগ কৰা হ'ল    মৌচুমীৰ ৰস । ফলত অতি গুৰুতৰ ভাবে অসুস্থ হৈ পৰা ৰোগীজনৰ  মৃত্যু ঘটে। এই ঘটনাকলৈ সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য উত্তৰ প্ৰদেশত ডেংগু ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। 

 যোগী আদিত্যনাথৰ  চৰকাৰে ৰাজ্যখনৰ সকলো চিকিৎসকৰ ছুটি বাতিল কৰাৰ নিৰ্দেশ দিছিল। কিন্তু এনে সতৰ্কতাৰ মাজতো এক অভূতপূৰ্ব অভিযোগ উত্থাপন হ'ল। উত্তৰ প্ৰদেশৰ এটা পৰিয়ালে দাবী কৰিছে যে তেওঁলোকৰ পৰিয়ালৰ সদস্য এজন ডেংগু ৰোগীত আক্ৰান্ত। তেওঁক  প্লাজমাৰ নামত  মৌচুমীৰ  ৰসহে  প্ৰদান কৰা হৈছিল। প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীজনৰ শৰীৰত মোচুমীৰ ৰস প্ৰয়োগ কৰাৰ পিছতে তেওঁৰ  মৃত্যু হয়। এনে অভিযোগে এতিয়া  এক আলোড়নৰ সৃষ্টি কৰিছে। 

বিষয়টো পৰীক্ষা কৰি চাবলৈ ইতিমধ্যে এটা তদন্তকাৰীৰ দল গঠন কৰা হৈছে।ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই বিষয়ক  এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে তেজৰ পেকেটৰ ভিতৰত হালধীয়া মৌচুমীৰ ৰস আছে। ভিডিঅ'টোত এজন ব্যক্তিক কোৱা শুনা গৈছে যে প্লাজমাৰ অভাৱৰ বাবেই  স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে মৌচুমীৰ ৰসেই ব্যৱহাৰ কৰিবলগীয়া হৈছে। ইফালে আৰক্ষী মহাপৰিদৰ্শক ৰাকেশ সিঙে সংবাদ সংস্থাক  জনায় যে তদন্তকাৰী দলে ভুৱা প্লাজমা চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কৈছে যে যোগী চৰকাৰে সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

শেহতীয়াকৈ, উত্তৰ প্ৰদেশত ডেংগু বিয়পি পৰিছে। আক্ৰান্তৰ সংখ্যা নিতৌ বাঢ়িছে। সেয়েহে জ্যখনৰ সকলো চিকিৎসক আৰু পেৰা ডিকেল কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। উপ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে  যোৱাবাৰৰ তুলনাত এইবাৰ পৰিস্থিতি ইমান বেয়া নহয়। চিকিৎসালয়ত পৃথক বিচনা ৰখাৰ উপৰিও পৰ্যাপ্ত প্লেটলেটৰ ব্যৱস্থাও কৰা হৈছে বুলি তেওঁ কয়।

শেহতীয়াকৈ জানিব পৰা মতে এটা স্থানীয় ব্লাড বেংকে ভুৱা প্লাজমা চক্ৰৰ লগ লাগি মোচুমীৰ ৰসকে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। প্লাজমা আৰু মৌচুমীৰ ৰসৰ ৰং প্ৰায় একে হোৱা বাবে চিকিৎসকৰো কোনো সন্দেহ হোৱা নাছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক