--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সমঘটিত হৈছে এক  ভয়াৱহ ঘটনা।ডেংগুত আক্ৰান্ত  ৰোগীৰ দেহত  প্লাজমাৰ সলনি প্ৰয়োগ কৰা হ'ল    মৌচুমীৰ ৰস । ফলত অতি গুৰুতৰ ভাবে অসুস্থ হৈ পৰা ৰোগীজনৰ  মৃত্যু ঘটে। এই ঘটনাকলৈ সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য উত্তৰ প্ৰদেশত ডেংগু ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। 

 যোগী আদিত্যনাথৰ  চৰকাৰে ৰাজ্যখনৰ সকলো চিকিৎসকৰ ছুটি বাতিল কৰাৰ নিৰ্দেশ দিছিল। কিন্তু এনে সতৰ্কতাৰ মাজতো এক অভূতপূৰ্ব অভিযোগ উত্থাপন হ'ল। উত্তৰ প্ৰদেশৰ এটা পৰিয়ালে দাবী কৰিছে যে তেওঁলোকৰ পৰিয়ালৰ সদস্য এজন ডেংগু ৰোগীত আক্ৰান্ত। তেওঁক  প্লাজমাৰ নামত  মৌচুমীৰ  ৰসহে  প্ৰদান কৰা হৈছিল। প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীজনৰ শৰীৰত মোচুমীৰ ৰস প্ৰয়োগ কৰাৰ পিছতে তেওঁৰ  মৃত্যু হয়। এনে অভিযোগে এতিয়া  এক আলোড়নৰ সৃষ্টি কৰিছে। 

বিষয়টো পৰীক্ষা কৰি চাবলৈ ইতিমধ্যে এটা তদন্তকাৰীৰ দল গঠন কৰা হৈছে।ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই বিষয়ক  এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে তেজৰ পেকেটৰ ভিতৰত হালধীয়া মৌচুমীৰ ৰস আছে। ভিডিঅ'টোত এজন ব্যক্তিক কোৱা শুনা গৈছে যে প্লাজমাৰ অভাৱৰ বাবেই  স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে মৌচুমীৰ ৰসেই ব্যৱহাৰ কৰিবলগীয়া হৈছে। ইফালে আৰক্ষী মহাপৰিদৰ্শক ৰাকেশ সিঙে সংবাদ সংস্থাক  জনায় যে তদন্তকাৰী দলে ভুৱা প্লাজমা চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কৈছে যে যোগী চৰকাৰে সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

শেহতীয়াকৈ, উত্তৰ প্ৰদেশত ডেংগু বিয়পি পৰিছে। আক্ৰান্তৰ সংখ্যা নিতৌ বাঢ়িছে। সেয়েহে জ্যখনৰ সকলো চিকিৎসক আৰু পেৰা ডিকেল কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। উপ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে  যোৱাবাৰৰ তুলনাত এইবাৰ পৰিস্থিতি ইমান বেয়া নহয়। চিকিৎসালয়ত পৃথক বিচনা ৰখাৰ উপৰিও পৰ্যাপ্ত প্লেটলেটৰ ব্যৱস্থাও কৰা হৈছে বুলি তেওঁ কয়।

শেহতীয়াকৈ জানিব পৰা মতে এটা স্থানীয় ব্লাড বেংকে ভুৱা প্লাজমা চক্ৰৰ লগ লাগি মোচুমীৰ ৰসকে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। প্লাজমা আৰু মৌচুমীৰ ৰসৰ ৰং প্ৰায় একে হোৱা বাবে চিকিৎসকৰো কোনো সন্দেহ হোৱা নাছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু