--°C
Loading...
Listen to Article
2 min read
80%

পশ্চিম বংগঃ কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী এগৰাকীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰসংগত কৰা এটা মন্তব্যই তিক্ত বিতৰ্কৰ সৃষ্টি কৰিছে। শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ মন্ত্ৰী ড০ সুভাষ সৰকাৰে ৰবীন্দ্ৰনাথৰ দ্বাৰা স্থাপিত ‘বিশ্ব ভাৰতী’ অনুষ্ঠানলৈ গৈছিল আৰু সেই অনুষ্ঠানতে বিতৰ্কিত মন্তব্য কৰা বুলি প্ৰকাশ পাইছে। বক্তব্য প্ৰদানৰ সময়ত কবিগুৰুৰ প্ৰসংগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছালৰ ৰং ক’লা আছিল বাবে মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ কথা সদৰী কৰিছে। ইফালে, ঠাকুৰ পৰিয়ালৰ সদস্যৰ পৰা শান্তি নিকেতনৰ কৰ্মীলৈকে, প্ৰাক্তন ছাত্ৰ বা বিশিষ্ট লেখকসকলৰ মতে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছালৰ ৰং কিছু পৰিমাণে ক’লা আছিল, কিন্তু তেওঁ মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ কোনো তথ্য নাই বুলি স্পষ্টীকৰণ দিছে।


শেহতীয়াকৈ মন্ত্ৰীজনৰ এটা ভিডিঅ’ ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সেই ক্লিপটোত, ড০ সৰকাৰক কোৱা শুনা গৈছিল যে, ‘তেওঁৰ মাতৃৰ লগতে তেওঁৰ পৰিয়ালৰ বহুতে তেওঁক কোলাত লোৱা নাছিল কাৰণ ৰবীন্দ্ৰনাথৰ ছালৰ বৰণ ক’লা আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ বাবে বিশ্ব জয় কৰিছে।’


উল্লেখ্য যে, ৰবীন্দ্ৰনাথ ঠাকুৰে মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ কোনো তথ্য ইয়াৰ পূৰ্বে প্ৰকাশ পোৱা নাছিল। আনকি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জীৱন স্মৃতি’ আৰু ‘ছেলেবেলা’ অৰ্থাত ‘শৈশৱ’ দুখন কিতাপত মাতৃৰ সৈতে তেওঁৰ কেনে মধুৰ সম্পৰ্ক আছিল সেয়া উল্লেখ আছে। শাসনাধিষ্ঠ চৰকাৰখনৰ এগৰাকী দ্বায়িত্বশীল মন্ত্ৰীৰ এনে তিৰ্যক মন্তব্যৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠা সময়ছোৱাত তেওঁৰ দলে বিজেপি মন্ত্ৰীগৰাকীৰ কাষত থিয় দিয়া কাৰ্যক গৰিহণা দিছে সচেতন নাগৰিকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ