--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতা অসমকে ধৰি বিশ্বৰ প্ৰায়ভাগ দেশতে পোৱা এবিধ ফল৷ ইয়াক পাচলি হিচাবেও ব্যৱহাৰ কৰা হয়৷ ফল তথা পাচলিৰ ভিতৰত অমিতা অন্যতম।  অমিতাক ফল আৰু পাচলিৰূপে দুয়ো ধৰণে ব্যৱহাৰ কৰিব পাৰিব।

কেঁচাকৈ আৰু পাচলিৰূপে  অমিতা খোৱা দেখা যায়। ফল আৰু পাচলি হিচাপে অমিতাৰ বহুতো ঔষধি গুণ আছে।

কেঁচা অমিতা খালে মানুহৰ ছালখন অতি মসৃণ হৈ থাকে। কেঁচা আৰু পকা অমিতা পেটৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। অমিতাৰ জুচে বদহজম,কৌষ্ঠকাঠিন্য, পেটৰ বিষ আদি পেটৰ ৰোগ নিৰাময় কৰাতসহায় কৰে।

পকা অমিতাৰ ৰস  খালে দেহৰ সতেজতাও বৃদ্ধি পায়।
 
কিশোৰ-কিশোৰী আৰু মহিলাসকলে গা ধোৱা পানীত এটুকুৰা অমিতা ডুবাই লৈ গা ধুব পাৰিলে ভাল। অমিতা খালে পাচনক্ৰিয়া সঠিকমতে হয়।

ডায়েবেটিছ ৰোগীৰ বাবেও অমিতা অতি উপাদেয়। অমিতাত ভিটামিন ‘চি’ আৰু প’টেছিয়াম, মেগনেছিয়াম আদিৰ লগতে ভিটামিন ‘বি’ও পোৱা যায়। ভিটামিন এ’ও উপলব্ধ হয় অমিতাত।

অমিতাৰ আঁহোবাৰ এখন ডাঙৰ চামুচত মৌ ৰস মিহলাই গালত ঘঁহি ১০ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই দিলে মুখৰ ছাল অতি সতেজ হৈ থকাৰ লগতে মসৃণ কৰি ৰাখে। অমিতা খালে শৰীৰ সবল কৰাৰ লগতে শক্তি অটুট  ৰাখে। অমিতা খালে পেট চাফা কৰি ৰখাতো  সহায়ক হয়। ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ কৰা মহিলাই অমিতা খালে বিষৰ পৰা উপশম পাব পাৰে।

অমিতাই অম্লপিত্তৰ পৰা মানুহক সকাহ দিব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা এণ্টি অক্সিডেণ্টো ইয়াত প্ৰচুৰ পৰিমাণে থাকে।সেয়ে নিয়মিত খাদ্য তালিকাত অমিকা ৰাখিব পাৰিলে ভাল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ