--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালখনে আমাৰ দেহটোক সুৰক্ষা দি আহিছে। ছালে আমাৰ দেহৰ সৌন্দৰ্যও বৃদ্ধি কৰে। সতেজ-নিমজ ছালে দেহত বয়সৰ ছাপ পৰাৰ কথাটো লুকুৱাই ৰাখিব পাৰে।? যৌৱনক ধৰি ৰাখিবলৈ সেয়ে ছাল খনৰ যত্ন লোৱাটো অতি জৰুৰী। সচৰাচৰ আমি আমাৰ ছাল খনৰ যত্নৰ কথা প্ৰায়ে চিন্তা নকৰে। ছালৰ যত্ন হিচাবে ছালখন পৰিস্কাৰ কৰি ৰখাৰ লগতে ছালক সতেজ কৰি ৰাখিবলৈ কেতবোৰ বিশেষ খাদ্য খোৱা উচিৎ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে। 

বয়সৰ ছাপৰ পৰা ছাল খনক মুক্ত কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।

 প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে  জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।

প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও  মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে। 

নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায়  একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব।  চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব। বিলাহীৰ কেইবাটাও উপাদানে বয়সৰ ছাপ প্ৰতিহত কৰে। এনেবোৰ খাদ্য গ্ৰহণ ছালৰ সতেজতা ৰক্ষা পৰে আৰু ছাল খন উজ্জ্বলৈ হৈ থাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল