--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালখনে আমাৰ দেহটোক সুৰক্ষা দি আহিছে। ছালে আমাৰ দেহৰ সৌন্দৰ্যও বৃদ্ধি কৰে। সতেজ-নিমজ ছালে দেহত বয়সৰ ছাপ পৰাৰ কথাটো লুকুৱাই ৰাখিব পাৰে।? যৌৱনক ধৰি ৰাখিবলৈ সেয়ে ছাল খনৰ যত্ন লোৱাটো অতি জৰুৰী। সচৰাচৰ আমি আমাৰ ছাল খনৰ যত্নৰ কথা প্ৰায়ে চিন্তা নকৰে। ছালৰ যত্ন হিচাবে ছালখন পৰিস্কাৰ কৰি ৰখাৰ লগতে ছালক সতেজ কৰি ৰাখিবলৈ কেতবোৰ বিশেষ খাদ্য খোৱা উচিৎ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে। 

বয়সৰ ছাপৰ পৰা ছাল খনক মুক্ত কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।

 প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে  জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।

প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও  মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে। 

নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায়  একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব।  চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব। বিলাহীৰ কেইবাটাও উপাদানে বয়সৰ ছাপ প্ৰতিহত কৰে। এনেবোৰ খাদ্য গ্ৰহণ ছালৰ সতেজতা ৰক্ষা পৰে আৰু ছাল খন উজ্জ্বলৈ হৈ থাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ