--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় আয়ুৰ্বেদৰ বিশ্বজুৰি নাম আছে। এতিয়া বিশ্বৰ বহু উন্নত দেশেও ভাৰতীয় আয়ুৰ্বেদক গ্ৰহণ কৰিছে। ডায়েবেটিছ এতিয়া বিশ্বৰ লগতে ভাৰতৰ বাবেও এক ডাঙৰ স্বাস্থ্যজনিত সমস্যা হৈ পৰিছে৷ তেজত শৰ্কৰাৰ পৰিমাণ কমাই ৰাখিব পাৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ  নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চাহৰ সৈতে  ডালচেনি খাব পাৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে ।

 শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত ডালচেনিয়ে সহায় কৰে৷  ইণ্টাৰনেচনেল জাৰ্নেল অফ ফুড চায়েন্সছৰ মতে যদি ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়, প্ৰতিদিনে ৩ ৰ পৰা ৬ গ্ৰাম ডালচেনিৰ গুৰি খাদ্য তালিকাত ৰাখিব পাৰি। অধ্যয়নে দেখুৱাইছে যে এই মচলাবিধে কোনো ঔষধ অবিহনেই ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ  স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বিশেষজ্ঞসকলৰ মতে  ডালচেনিয়ে কেৱল ডায়েবেটিছৰ লগতে তেজত কলেষ্টেৰল আৰু অন্যান্য খনিজ পদাৰ্থৰ ভাৰসাম্যও ৰক্ষা কৰাত সহায় কৰে। চাহৰ সৈতে খোৱাৰ লগতে  ডালচেনিৰ গুৰি বা ডালচেনিৰ টুকুৰা উতলা পানীত প্ৰায়  দুই মিনিট সময় উতলায়ো চাহৰ দৰে খাব পাৰি। ৰাতিৰ আহাৰৰ পিছত আৰু শুবলৈ যোৱাৰ এঘণ্টা বা আধা ঘণ্টা আগতে এনেদৰে খালে সুফল নিশ্চয়কৈ পাব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ