--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় আয়ুৰ্বেদৰ বিশ্বজুৰি নাম আছে। এতিয়া বিশ্বৰ বহু উন্নত দেশেও ভাৰতীয় আয়ুৰ্বেদক গ্ৰহণ কৰিছে। ডায়েবেটিছ এতিয়া বিশ্বৰ লগতে ভাৰতৰ বাবেও এক ডাঙৰ স্বাস্থ্যজনিত সমস্যা হৈ পৰিছে৷ তেজত শৰ্কৰাৰ পৰিমাণ কমাই ৰাখিব পাৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ  নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চাহৰ সৈতে  ডালচেনি খাব পাৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে ।

 শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত ডালচেনিয়ে সহায় কৰে৷  ইণ্টাৰনেচনেল জাৰ্নেল অফ ফুড চায়েন্সছৰ মতে যদি ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়, প্ৰতিদিনে ৩ ৰ পৰা ৬ গ্ৰাম ডালচেনিৰ গুৰি খাদ্য তালিকাত ৰাখিব পাৰি। অধ্যয়নে দেখুৱাইছে যে এই মচলাবিধে কোনো ঔষধ অবিহনেই ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ  স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বিশেষজ্ঞসকলৰ মতে  ডালচেনিয়ে কেৱল ডায়েবেটিছৰ লগতে তেজত কলেষ্টেৰল আৰু অন্যান্য খনিজ পদাৰ্থৰ ভাৰসাম্যও ৰক্ষা কৰাত সহায় কৰে। চাহৰ সৈতে খোৱাৰ লগতে  ডালচেনিৰ গুৰি বা ডালচেনিৰ টুকুৰা উতলা পানীত প্ৰায়  দুই মিনিট সময় উতলায়ো চাহৰ দৰে খাব পাৰি। ৰাতিৰ আহাৰৰ পিছত আৰু শুবলৈ যোৱাৰ এঘণ্টা বা আধা ঘণ্টা আগতে এনেদৰে খালে সুফল নিশ্চয়কৈ পাব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল