--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই বয়সৰ চাপ লুকুৱাই ৰাখিব বিচাৰে। ছালত বয়সৰ ফলত পৰা কোঁচ আৰু বাৰ্ধক্যৰ অন্যান্য বাহ্যিক লক্ষণকলৈ বহুতেই চিন্তা কৰে।  এনেবোৰ কথাই বহুতৰে উদ্বেগো বৃদ্ধি কৰে।  শেহতীয়া ফৰ্বছ হেল্থ চাৰ্ভেত প্ৰকাশ পোৱা অনুসৰি   প্ৰায় ৫০  শতাংশ মাৰ্কিন লোকে বয়স বৃদ্ধি হোৱাৰ বাবে আতংকিত হৈ পৰে,ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতও ইয়াৰ   প্ৰভাৱ পৰিছে। ভাৰততো একে ধৰণৰ পৰিস্থিতিয়েই দেখিবলৈ পোৱা যায়। 

 আমাৰ দেশতো বহুলোকে বয়স হোৱাৰ বিষয়ে চিন্তিত হৈ পৰে। তেওঁলোকে পাৰিলে যিকোনো প্ৰকাৰে  বাৰ্ধক্য প্ৰক্ৰিয়াটো বন্ধ কৰিব বিচাৰে। এই সমাস্যাৰ সমাধান পোনপটীয়া: যদিও বাৰ্ধক্যৰ লক্ষণ বোৰ সম্পূৰ্ণৰূপে নোহোৱা  কৰিব নোৱাৰি, সেইবোৰ পিছে লেহেম কৰিব পাৰি । আপুনি কেতিয়াবা এজন ৬০ বছৰীয়া যুৱকৰ দৰে চেহেৰাৰ বৃদ্ধক লোকক দেখিছেনে? সন্তুলিত আহাৰ, নিয়মীয়া ব্যায়াম, আৰু এক সক্ৰিয় জীৱনশৈলীয়ে আপোনাকএনে চেহেৰা বজাই ৰখাত  সহায় কৰিব পাৰে। অৱশ্যে, যদি আপোনাৰ ক্ষেত্ৰত  ইতিমধ্যে বাৰ্ধক্যৰ লক্ষণ বোৰ দেখিবলৈ আৰম্ভ কৰিছে তেনেহ'লে আপুনি এই প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিবলৈ কিছুমান পদ্ধতি ল'ব পাৰে। 

হাইলুৰোনিক এচিডৰ দৰে পৰিপূৰক ব্যৱহাৰ কৰিলেও এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।  বয়স বৃদ্ধিৰ লক্ষণবোৰ প্ৰতিহত কৰিবলৈ হাইলুৰোনিক এচিড ব্যৱহাৰ কৰা হৈ আহিছে। শৰীৰত হাইলুৰোনিক এচিড (এইচএ) নামৰ এক আঠাযুক্ত তৰল থাকে। ই হৈছে এক প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এচিড, যি শৰীৰৰ গাঁঠি আৰু অন্যান্য কোষকলাত লুব্ৰিকেণ্ট হিচাপে কাম কৰে। যদিও হাইলুৰোনিক এচিড (এইচ.এ.) হৈছে মুখ্যতঃ এক ময়শ্চাৰাইজাৰ, যিয়ে ছালক আৰ্দ্ৰ আৰু উজ্জ্বল  কৰি ৰাখে। 

 বাৰ্ধক্যৰ ফলত এইচ.এ.-ৰ স্তৰ হ্ৰাস হ'ব পাৰে। বয়স হোৱাৰ লগে লগে ছালখন কম বয়সীয়া আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ  প্ৰয়োজন হোৱা কোমলতা আৰু সমৃদ্ধি এইচ.এ.-ৰ দ্বাৰা প্ৰদান কৰিব পাৰি।হাইলুৰোনিক এচিড চিকিৎসাত এক জৈৱ-পুনৰ্নিৰ্মাণযোগ্য বেজী  ছালৰ কোষকলাবোৰ পুনৰ নিৰ্মাণ কৰিবলৈ সঠিক পৰিমাণত ব্যৱহাৰ কৰা হয়। বেজীৰে যথা স্থানত এই এচিড প্ৰয়োগ কৰাৰ পিছত সেয়া হাত, থুঁতৰি, ডিঙি, আৰু চকুৰ তল আদিলৈ বিয়পি পৰে। । আৰ্দ্ৰতাৰ অভাৱ হৈছে ছালৰ বয়স আৰম্ভ হোৱাৰ এটা কাৰণ।

সঠিক পৰিমাণৰ আৰ্দ্ৰতা অবিহনে ছাল পাতল হোৱাটো অনিবাৰ্য। অৱশ্যে বিশেষজ্ঞৰ পৰামৰ্শৰ মতেহে এই চিকিৎআ গ্ৰহণ কৰা উচিৎ।  এই চিকিৎসাই ছালৰ এপিডাৰ্মিছক কোমল কৰাৰ বাবে প্ৰয়োজনীয় আৰ্দ্ৰতা সৃষ্টি কৰিশৰীৰৰ ফ্লেচপইণ্টবোৰ দৃঢ় কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু