--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ মানুহেই বয়সৰ চাপ লুকুৱাই ৰাখিব বিচাৰে। ছালত বয়সৰ ফলত পৰা কোঁচ আৰু বাৰ্ধক্যৰ অন্যান্য বাহ্যিক লক্ষণকলৈ বহুতেই চিন্তা কৰে।  এনেবোৰ কথাই বহুতৰে উদ্বেগো বৃদ্ধি কৰে।  শেহতীয়া ফৰ্বছ হেল্থ চাৰ্ভেত প্ৰকাশ পোৱা অনুসৰি   প্ৰায় ৫০  শতাংশ মাৰ্কিন লোকে বয়স বৃদ্ধি হোৱাৰ বাবে আতংকিত হৈ পৰে,ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতও ইয়াৰ   প্ৰভাৱ পৰিছে। ভাৰততো একে ধৰণৰ পৰিস্থিতিয়েই দেখিবলৈ পোৱা যায়। 

 আমাৰ দেশতো বহুলোকে বয়স হোৱাৰ বিষয়ে চিন্তিত হৈ পৰে। তেওঁলোকে পাৰিলে যিকোনো প্ৰকাৰে  বাৰ্ধক্য প্ৰক্ৰিয়াটো বন্ধ কৰিব বিচাৰে। এই সমাস্যাৰ সমাধান পোনপটীয়া: যদিও বাৰ্ধক্যৰ লক্ষণ বোৰ সম্পূৰ্ণৰূপে নোহোৱা  কৰিব নোৱাৰি, সেইবোৰ পিছে লেহেম কৰিব পাৰি । আপুনি কেতিয়াবা এজন ৬০ বছৰীয়া যুৱকৰ দৰে চেহেৰাৰ বৃদ্ধক লোকক দেখিছেনে? সন্তুলিত আহাৰ, নিয়মীয়া ব্যায়াম, আৰু এক সক্ৰিয় জীৱনশৈলীয়ে আপোনাকএনে চেহেৰা বজাই ৰখাত  সহায় কৰিব পাৰে। অৱশ্যে, যদি আপোনাৰ ক্ষেত্ৰত  ইতিমধ্যে বাৰ্ধক্যৰ লক্ষণ বোৰ দেখিবলৈ আৰম্ভ কৰিছে তেনেহ'লে আপুনি এই প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিবলৈ কিছুমান পদ্ধতি ল'ব পাৰে। 

হাইলুৰোনিক এচিডৰ দৰে পৰিপূৰক ব্যৱহাৰ কৰিলেও এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।  বয়স বৃদ্ধিৰ লক্ষণবোৰ প্ৰতিহত কৰিবলৈ হাইলুৰোনিক এচিড ব্যৱহাৰ কৰা হৈ আহিছে। শৰীৰত হাইলুৰোনিক এচিড (এইচএ) নামৰ এক আঠাযুক্ত তৰল থাকে। ই হৈছে এক প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এচিড, যি শৰীৰৰ গাঁঠি আৰু অন্যান্য কোষকলাত লুব্ৰিকেণ্ট হিচাপে কাম কৰে। যদিও হাইলুৰোনিক এচিড (এইচ.এ.) হৈছে মুখ্যতঃ এক ময়শ্চাৰাইজাৰ, যিয়ে ছালক আৰ্দ্ৰ আৰু উজ্জ্বল  কৰি ৰাখে। 

 বাৰ্ধক্যৰ ফলত এইচ.এ.-ৰ স্তৰ হ্ৰাস হ'ব পাৰে। বয়স হোৱাৰ লগে লগে ছালখন কম বয়সীয়া আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ  প্ৰয়োজন হোৱা কোমলতা আৰু সমৃদ্ধি এইচ.এ.-ৰ দ্বাৰা প্ৰদান কৰিব পাৰি।হাইলুৰোনিক এচিড চিকিৎসাত এক জৈৱ-পুনৰ্নিৰ্মাণযোগ্য বেজী  ছালৰ কোষকলাবোৰ পুনৰ নিৰ্মাণ কৰিবলৈ সঠিক পৰিমাণত ব্যৱহাৰ কৰা হয়। বেজীৰে যথা স্থানত এই এচিড প্ৰয়োগ কৰাৰ পিছত সেয়া হাত, থুঁতৰি, ডিঙি, আৰু চকুৰ তল আদিলৈ বিয়পি পৰে। । আৰ্দ্ৰতাৰ অভাৱ হৈছে ছালৰ বয়স আৰম্ভ হোৱাৰ এটা কাৰণ।

সঠিক পৰিমাণৰ আৰ্দ্ৰতা অবিহনে ছাল পাতল হোৱাটো অনিবাৰ্য। অৱশ্যে বিশেষজ্ঞৰ পৰামৰ্শৰ মতেহে এই চিকিৎআ গ্ৰহণ কৰা উচিৎ।  এই চিকিৎসাই ছালৰ এপিডাৰ্মিছক কোমল কৰাৰ বাবে প্ৰয়োজনীয় আৰ্দ্ৰতা সৃষ্টি কৰিশৰীৰৰ ফ্লেচপইণ্টবোৰ দৃঢ় কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক