--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃছালত ক'লা দাগ পৰাটো কেৱল সৌন্দৰ্যৰ নষ্ট কৰা কথাই নহয়, ই হ'ব পাৰে বিভিন্ন ৰোগৰো লক্ষণ। সেয়ে ছালত ক'লা  দাগ কিয় পৰিছে সেয়া জানিবলৈ চিকিৎসকৰ পৰামৰ্শ নিতান্তই গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সকলো ক্ষেত্ৰতে ছালত ক'লা দাগ পৰাটো একে কাৰণটে নহ'বও পাৰে। চৰ্মৰোগ বিশেষজ্ঞই এই ক্ষেত্ৰত কেতবোৰ পৰামৰ্শ দিছে। যদি ছালত কোনো ধৰণৰ দাগ থাকে, তেন্তে ই সৌন্দৰ্য় হ্ৰাস কৰে।বহুতে আকৌ ছালৰ দাগৰ বিষয়ে মুঠেও চিন্তা নকৰে। এই অৱহেলাৰ বাবেনানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে।  যদি ছালত অলপ বেছিকৈ ক'লা দাগ পৰে তেন্তে  আপুনি ইয়াৰ বিষয়ে সাৱধান হোৱা উচিত। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লওঁক।

ক'লা দাগৰ কাৰণ

টেনিং – যদি সূৰ্যৰ তাপত দীঘলীয়া সময় থাকে, শৰীৰৰ উন্মুক্ত অংশৰ ছাল ক'লা হৈ পৰে।
মানুহৰ ছালত মেলানোচাইট নামৰ এক প্ৰকাৰৰ কোষ থাকে যাৰ পৰা মেলানিন নামৰ ৰঞ্জক এটা তৈয়াৰ  হয়। ছালৰ  ৰং নিৰ্ধাৰণত মেলানিনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ছালৰ ৰং নিৰ্ভৰ কৰে কিমান মেলানোচাইট আছে আৰু ছালত কিমান মেলানিন উৎপন্ন হৈছে তাৰ ওপৰত।
মেচেটা – মেচেটা সাধাৰণতে গালত থাকে আৰু কিছুমান ক্ষেত্ৰত আন কিছুমান ঠাইতো হ'ব পাৰে। এই ক্ষেত্ৰত ক'লা, ধূসৰ বা মুগা দাগ দেখা যায়। মেচেটা মুখ্যতঃ যুৱতীসকলৰ  বেছিকৈ হয় । আনকি আপুনি দীঘলীয়া সময়ৰ বাবে নিয়মীয়া হৰমনৰ ঔষধ গ্ৰহণ কৰিলেও, এনে ধৰণৰ মেচেটা হ'ব পাৰে।

 হাইপাৰ-পিগমেণ্টেচন – যদি কোনো ঠাইত প্ৰদাহ হয়, সেই নিৰ্দিষ্ট স্থানৰ ছাল প্ৰায়ে ক'লা হৈ পৰে। ইয়াক পোষ্ট-ইনফ্লেমেটৰী হাইপাৰ-পিগমেণ্টেচন বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, শালমইনা, ফোঁহা আদি  আৰোগ্য হ'লেও, ছালত এনে ক'লা হোৱা দেখা যায়।

চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক - যদি এজন ব্যক্তিৰ কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি এলাৰ্জি থাকে, যদি শৰীৰৰ কোনো অংশ সেই এলাৰ্জি-প্ৰৱণ বস্তুটোৰ সংস্পৰ্শলৈ আহে, ছালত খজুৱতি হৈ ৰঙা বা ক'লা হ'ব পাৰে। উদাহৰণ স্বৰূপে, যদি বহুতে  সেন্দুৰ বা চুলিৰ ৰং আদি  ব্যৱহাৰ কৰিলেও সেই ঠাইত এলাৰ্জি বা খজুৱতি হ'ব পাৰে।
এগান্থোচিছ নিগ্ৰিকেন - ই এক হৰমনজনিত ৰোগ। এই ধৰণৰ সমস্যাৰ ফলত  গালৰ কাষত দাগ হ'ব পাৰে, ডিঙিতো পথালিকৈ দাগ হৈ যায়, ডিঙিৰ ছাল ডাঠ হয় আৰু ক'লা হৈ পৰে। ইয়াৰ বাহিৰেও, শৰীৰৰ আন কিছুমান অংশতো ক'লা দাগ হ'ব পাৰে।

কেনেদৰে প্ৰতিৰোধ কৰিব লাগে
এনেবোৰ কাৰকৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি কিছুমান বস্তুৰ পৰা আঁতৰি থাকিব লাগিব। যদি সেন্দুৰ বা চুলিৰ কৃত্ৰিম ৰঙৰ বাবে  ছালত এলাৰ্জী হৈ দাগ পৰে তেন্তে সেন্দুৰ বা চুলিৰ ৰঙৰ সলনি আন কিবা বিকল্প ব্যৱহাৰ কৰিব পাৰে। ৰ'দত বাহিৰলৈ ওলাই যাওঁতে চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।

ঘৰুৱা উপায়েৰে দাগ কিদৰে আঁতৰাব?
ঘৰুৱা উপায়েৰেও ছালৰ দাগ আঁতৰাব পাৰি। ইয়াৰ বাবে টেনিং  কৰিব পাৰে। এই ক্ষেত্ৰত কেঁচা গাখীৰ ৫-৭ মিনিটৰ বাবে গোটেই মুখত নিয়মীয়াকৈ মালিচ কৰক। তাৰ পিছত ইয়াক ১০ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ  দিয়ক পিছত  আৰু পানীৰে ধুই দিয়ক। যদি আপুনি বিচাৰে, আপুনি এলো ভেৰা জেলো প্ৰয়োগ কৰিব পাৰে। গাখীৰ আৰু কেঁচা হালধি মিহলি কৰি আৰু ইয়াক একেৰাহে কিছুদিন ক'লা দাগ পৰা স্থানত সানিলেও সুফল পোৱা যায়। ক'লা তুলসীৰ ৰস সানিলেও সুফল পাব পাৰি। পানী, ফলমূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে।

ছালত ক'লা দাগ পৰাৰ সমস্যাটো কি কাৰণত হৈছে  সেয়া চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰক। কেতিয়াবা যকৃতৰ সমস্যাৰ বাবেও ছালত ক'লা দাগ পৰিব পাৰে। এই ক্ষেত্ৰত চিকিৎসকে সঠিক বিধান দিব পাৰিব।সেয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিৎ হ'ব।
বহু সময়ত  ৰাসায়নিক পিল থেৰাপী, লেজাৰ থেৰাপী বা অন্যান্য পদ্ধতি প্ৰয়োগ কৰি ছালৰ দাগ আঁতৰাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement