--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুতে বিশ্বাস কৰে যে কাণত তেল দিলে কাণৰ লেটেৰা অতি সহজে ওলাই আহে আৰু কাণত বিষ নাথাকে। কিন্তু চিকিৎসকৰ মতে এই বিশ্বাস ভুল, কাণত তেল লগালে কাণৰ সংক্ৰমণ হ’ব পাৰে। কেৱল এয়াই নহয় কাণত তেল লগালে কাণৰ হ’ব পাৰে বিভিন্ন ক্ষতি । চিকিৎসকৰ মতে  তেল কেতিয়াও কাণত লগাব নালাগে। তেল কেইটা নহৰুৰ লগত উতলাই তাৰ পাছত ঠাণ্ডা কৰি বা আন যিকোনো তেলৰ লগত মিহলাই কাণত দিব লাগে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, কাণত তেল দিব নালাগে। তেলত বহু ধৰণৰ বেক্টেৰিয়া থাকে, যাৰ ফলত কাণৰ সংক্ৰমণ হ’ব পাৰে আৰু বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। চিকিৎসকৰ মতে, কাণত তেল লগোৱাৰ পাছতো বহু দিন কাণত আৰ্দ্ৰতা থাকি যায়। এনে অৱস্থাত আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ, ধূলি আৰু প্ৰদূষণৰ বাবে কাণত মলি জমা হ’বলৈ ধৰে।

কাণত তেল দিয়াৰ অসুবিধাসমূহ :

১) কাণৰ বিষ বা শ্ৰৱণ ক্ষমতা কমিলে বহুতে কাণত তেল লগাই দিয়ে। কিন্তু ইয়াৰ ফলত আপোনাৰ কাণৰ পৰ্দাৰ ক্ষতি হ’ব পাৰে আৰু আপুনি স্থায়ী বধিৰতাৰ বলিও হ’ব পাৰে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কাণত কেতিয়াও তেল নিদিব।

২) কাণত তেল লগালে অটোমাইক’ছিছ হ’ব পাৰে, যাৰ ফলত স্থায়ীভাৱে শ্ৰৱণ ক্ষমতা অক্ষমতাৰ ৰূপ ল'ব পাৰে।

৩) কাণৰ লেতেৰা আঁতৰাবলৈ বহুতে কাণত তেল লগাই দিয়ে, কিন্তু ইয়াৰ ফলত ধূলি আৰু মলি পুনৰ কাণত মলি হিচাপে জমা হ’ব পাৰে। ইয়াৰ ফলত কাণৰ পৰা লেতেৰা ওলোৱাৰ পৰিৱৰ্তে অধিক জমা হ’ব পাৰে।

৪) গা ধোৱাৰ সময়ত যদি কাণত পানী সোমাই যায়, তেন্তে কাণত তেল দিবলৈ নাপাহৰিব। ইয়াৰ ফলত আপোনাৰ কাণত সংক্ৰমণ হ’ব পাৰে আৰু গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৫) নিজৰ ইচ্ছামতে কেতিয়াও সৰু ল’ৰা-ছোৱালীৰ কাণত কোনো তেল নিদিব। ইয়াৰ ফলত শিশুৰ কাণৰ পৰা পূজ ওলাব পাৰে আৰু কাণৰ পৰ্দাতো বেয়া প্ৰভাৱ পেলাব পাৰে। চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পাছতহে সদায় কাণত তেল দিব লাগে।

৬) কাণত তেল লগালে কাণৰ ভিতৰত খজুৱতি আৰু বিষ হ’ব পাৰে। ইয়াৰ উপৰিও কাণৰ পৰ্দাৰ ক্ষতি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ