--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাক-পাচলিৰ সোৱাদ বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি চালাডৰ প্লেট সজাই তোলালৈকে আপুনি নিশ্চয় বহুবাৰ বিলাহী ব্যৱহাৰ কৰিছে। কিন্তু আপুনি জানেনে যে এই বিলাহীয়ে আপোনাৰ পাৰ্লাৰৰ খৰচ আধা কৰি আপোনাৰ মুখত জিলিকনি আনিব পাৰে। 

বিলাহীত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ দৰে বহুতো গুণ থাকে, যিয়ে ছালখন টান আৰু গ্লো কৰি ৰাখে আৰু লগতে তৎক্ষণাত গ্লোও দিয়ে। বিলাহীৰ পাল্পে মুখৰ পৰা অতিৰিক্ত তেল আঁতৰাই ছালৰ বহু সমস্যা যেনে টেনিং আৰু ব্ৰণ দূৰ কৰাত সহায় কৰিব পাৰে। মুখত বিলাহী লগালে আমি কি কি সৌন্দৰ্য্য উপকাৰ পাওঁ জানো আহক।

১) শুকান ছাল কোমল হয়ঃ শৰীৰত পটাছিয়ামৰ অভাৱত ছাল শুকান হোৱাৰ লগতে একজিমা হ’ব পাৰে। এনে পৰিস্থিতিত বিলাহীয়ে প্ৰাকৃতিক ৰোগ নিৰাময়কাৰীৰ দৰে কাম কৰে আৰু ছালখনক আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে আৰু লগতে ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে। এই প্ৰতিকাৰ কৰিবলৈ ১ চামুচ বিলাহীৰ ৰসত সমান পৰিমাণৰ মৌ মিহলাই লওক। এতিয়া এই দ্ৰৱটো ব্ৰাছৰ সহায়ত মুখত লগাওক। এই প্ৰতিকাৰ কৰিলে ছালখন কোমল হৈ পৰে আৰু মুখৰ প্ৰাকৃতিক জিলিকনিও থাকে।

২) মৰা ছালৰ পৰা মুক্তি পাওকঃ ছাল পৰিষ্কাৰ কৰিবলৈও বিলাহী ব্যৱহাৰ কৰিব পাৰে। বিলাহীত প্ৰচুৰ পৰিমাণে এনজাইম থাকে, যিয়ে ছালত এক্সফ’লিয়েটৰ হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা মৃত ছালৰ পৰা সকাহ পোৱাত উপকাৰী হ’ব পাৰে। মৰা ছাল পৰিষ্কাৰ কৰিবলৈ বিলাহী পোনে পোনে মুখত লগাব লাগে আৰু কিছু সময়ৰ পিছত পানীৰে ধুব লাগে।

৪) এণ্টি এজিং গুণঃ বিলাহীত থকা এণ্টি এজিং গুণৰ বাবে ই মুখৰ দাগ, ফ্ৰেকল, বলিৰেখা আদি কমোৱাত সহায় কৰিব পাৰে। এই প্ৰতিকাৰ কৰিবলৈ বিলাহীৰ ৰস আন উপাদানৰ লগত মিহলাই ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব লাগে।

৫) ছানবাৰ্ণৰ পৰা সকাহঃ বিলাহীত থকা ভিটামিন চি আৰু ভিটামিন এয়ে ছালখনক সতেজ আৰু উজ্জ্বল ৰূপ দিব পাৰে। কেৱল এয়াই নহয়, নিয়মীয়াকৈ ব্যৱহাৰ কৰিলেও ৰ’দত পোৰা আৰোগ্য হ’ব পাৰে। এই প্ৰতিকাৰ কৰিবলৈ হ’লে বিলাহীৰ ৰসৰ লগত মাখন মিহলাই ১০ৰ পৰা ১৫ মিনিট মুখত লগাব লাগে। ইয়াৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ