--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাক-পাচলিৰ সোৱাদ বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি চালাডৰ প্লেট সজাই তোলালৈকে আপুনি নিশ্চয় বহুবাৰ বিলাহী ব্যৱহাৰ কৰিছে। কিন্তু আপুনি জানেনে যে এই বিলাহীয়ে আপোনাৰ পাৰ্লাৰৰ খৰচ আধা কৰি আপোনাৰ মুখত জিলিকনি আনিব পাৰে। 

বিলাহীত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ দৰে বহুতো গুণ থাকে, যিয়ে ছালখন টান আৰু গ্লো কৰি ৰাখে আৰু লগতে তৎক্ষণাত গ্লোও দিয়ে। বিলাহীৰ পাল্পে মুখৰ পৰা অতিৰিক্ত তেল আঁতৰাই ছালৰ বহু সমস্যা যেনে টেনিং আৰু ব্ৰণ দূৰ কৰাত সহায় কৰিব পাৰে। মুখত বিলাহী লগালে আমি কি কি সৌন্দৰ্য্য উপকাৰ পাওঁ জানো আহক।

১) শুকান ছাল কোমল হয়ঃ শৰীৰত পটাছিয়ামৰ অভাৱত ছাল শুকান হোৱাৰ লগতে একজিমা হ’ব পাৰে। এনে পৰিস্থিতিত বিলাহীয়ে প্ৰাকৃতিক ৰোগ নিৰাময়কাৰীৰ দৰে কাম কৰে আৰু ছালখনক আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে আৰু লগতে ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে। এই প্ৰতিকাৰ কৰিবলৈ ১ চামুচ বিলাহীৰ ৰসত সমান পৰিমাণৰ মৌ মিহলাই লওক। এতিয়া এই দ্ৰৱটো ব্ৰাছৰ সহায়ত মুখত লগাওক। এই প্ৰতিকাৰ কৰিলে ছালখন কোমল হৈ পৰে আৰু মুখৰ প্ৰাকৃতিক জিলিকনিও থাকে।

২) মৰা ছালৰ পৰা মুক্তি পাওকঃ ছাল পৰিষ্কাৰ কৰিবলৈও বিলাহী ব্যৱহাৰ কৰিব পাৰে। বিলাহীত প্ৰচুৰ পৰিমাণে এনজাইম থাকে, যিয়ে ছালত এক্সফ’লিয়েটৰ হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা মৃত ছালৰ পৰা সকাহ পোৱাত উপকাৰী হ’ব পাৰে। মৰা ছাল পৰিষ্কাৰ কৰিবলৈ বিলাহী পোনে পোনে মুখত লগাব লাগে আৰু কিছু সময়ৰ পিছত পানীৰে ধুব লাগে।

৪) এণ্টি এজিং গুণঃ বিলাহীত থকা এণ্টি এজিং গুণৰ বাবে ই মুখৰ দাগ, ফ্ৰেকল, বলিৰেখা আদি কমোৱাত সহায় কৰিব পাৰে। এই প্ৰতিকাৰ কৰিবলৈ বিলাহীৰ ৰস আন উপাদানৰ লগত মিহলাই ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব লাগে।

৫) ছানবাৰ্ণৰ পৰা সকাহঃ বিলাহীত থকা ভিটামিন চি আৰু ভিটামিন এয়ে ছালখনক সতেজ আৰু উজ্জ্বল ৰূপ দিব পাৰে। কেৱল এয়াই নহয়, নিয়মীয়াকৈ ব্যৱহাৰ কৰিলেও ৰ’দত পোৰা আৰোগ্য হ’ব পাৰে। এই প্ৰতিকাৰ কৰিবলৈ হ’লে বিলাহীৰ ৰসৰ লগত মাখন মিহলাই ১০ৰ পৰা ১৫ মিনিট মুখত লগাব লাগে। ইয়াৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু