--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে মানুহে ভোক অনুভৱ নকৰাকৈয়ে খায়। কেতিয়াবা বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰাৰ উদ্দেশ্যে আৰু কেতিয়াবা কেৱল প্লেটত বাকী থকা খাদ্যখিনি শেষ কৰিবলৈ। কিছুমান মানুহে ভোক নালাগিলেও ইটোৰ পাছত সিটো খাদ্য খাই থাকে। কিছুমান মানুহে কেৱল বহি বহি খাই থাকি ভাল পায়। কিন্তু যদি আপুনি ভোক নলগাকৈয়ে খাই থাকে তেন্তে ই শৰীৰৰ বাবে এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। ভোক অনুভৱ নকৰাকৈ খালে শৰীৰত কি প্ৰভাৱ পৰে জানো আহক।

শৰীৰে আমাক খাবলৈ আৰু নাখাবলৈ সংকেত দিয়ে। ইয়াৰ বাবে দুটা হৰম’ন আছে। ঘ্ৰেলিন আৰু লেপ্টিন। এই হৰম’নবোৰৰ সহায়ত শৰীৰে ভোকৰ সংকেত লাভ কৰে। ঘ্ৰেলিনে আমাক ভোক অনুভৱ কৰাৰ সংকেত দিয়ে, আনহাতে লেপ্টিনে আমাক ভৰপূৰ আৰু সন্তুষ্ট অনুভৱ কৰাৰ সংকেত দিয়ে। কিছুমান মানুহে খাদ্য খোৱাৰ প্ৰায় ২০ মিনিটৰ পিছত ভৰপূৰ অনুভৱ হোৱাটো লক্ষ্য কৰে।

ভোক নলগাকৈ খালে কি কি সমস্যা হ'ব পাৰে

১) তেজৰ ছুগাৰৰ মাত্ৰা বিঘ্নিত কৰেঃ যেতিয়া আপুনি ভোক অনুভৱ নকৰাকৈ খাদ্য গ্ৰহণ কৰে তেতিয়া ই তেজৰ চেনিৰ মাত্ৰাত নেতিবাচক প্ৰভাৱ পেলায়। বিশেষকৈ অতি প্ৰচেছড খাদ্য খোৱাৰ সময়ত। ইয়াৰ কাৰণে তেজত ছুগাৰৰ মাত্ৰা হঠাতে বাঢ়ি যায় আৰু কিছু সময়ৰ পিছত কমি যায়। যাৰ বাবে মানুহে ভাগৰুৱা আৰু খিংখিঙীয়া অনুভৱ কৰে। ফলত টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

২) ওজনত প্ৰভাৱ পেলায়ঃ অত্যধিক খাদ্য খোৱাৰ ফলত শৰীৰত কেলৰিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে শৰীৰৰ ওজনো বৃদ্ধি পায়। আচলতে আমি যেতিয়া টিভি বা মোবাইল চাই খাদ্য খাওঁ তেতিয়া আমি বেছিকৈ খাওঁ আৰু পেট ভৰা অনুভৱ নকৰো আৰু বৃহৎ পৰিমাণে খাওঁ।

৩) পাচনতন্ত্ৰৰ ওপৰত প্ৰভাৱঃ খাদ্যৰ গোন্ধ অহাৰ লগে লগে পাচন এনজাইমে কাম কৰিবলৈ আৰম্ভ কৰে। আমি যেতিয়া ভোক অনুভৱ নকৰাকৈ খাওঁ তেতিয়া মগজুৱে পাচন প্ৰক্ৰিয়াৰ সংকেত দিব নোৱাৰে আৰু পেটত থকা খাদ্যবোৰ হজম হ’বলৈ আৰম্ভ নকৰে। যাৰ বাবে বদহজমৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে আৰু পাচনতন্ত্ৰ বিঘ্নিত হয়।

৪) মেজাজত প্ৰভাৱ পেলায়ঃ আমি যি খাওঁ তাৰ প্ৰভাৱ আমাৰ মেজাজত পৰে। অতিমাত্ৰা খালে বা প্ৰিয় খাদ্য খালে ড’পামিন মুক্ত হয় আৰু আমাৰ মন ভাল লাগে। কিন্তু অলপ পিছতে মেজাজটো সলনি হৈ যায়। ২০০১ চনত কৰা এক অধ্যয়ন অনুসৰি খাদ্য এক নিচাৰ দৰে। যিয়ে আচৰণত প্ৰভাৱ পেলায়। ভোক নথকা সময়ত খাদ্য খোৱাটো বিপদজনক।

৫) টোপনিৰ ওপৰত প্ৰভাৱ পেলায়ঃ ২০১৮ চনত কৰা এক অধ্যয়ন অনুসৰি খাদ্যৰ প্ৰতি আকৰ্ষণ আৰু টোপনিৰ মানদণ্ডৰ অভাৱৰ মাজত সম্পৰ্ক আছে। একাংশ লোকৰ ওপৰত গৱেষণা কৰা হৈছিল। যিসকল অংশগ্ৰহণকাৰীৰ টোপনিৰ মানদণ্ড বেয়া আছিল, তেওঁলোকৰ প্ৰায় ৬০ শতাংশই নিশাৰ ভাগত ভোক নলগাকৈয়ে আহাৰ খাইছিল। গতিকে এই অধ্যয়নত দেখা গৈছে যে ভোক নথকা সময়তো আহাৰ খালে টোপনিৰ মানদণ্ড নষ্ট হয়।

৬) পুষ্টিৰ অভাৱঃ যেতিয়া আপুনি ভোক নলগাকৈয়ে অস্বাস্থ্যকৰ খাদ্য খাই থাকে তেতিয়া শৰীৰৰ ক্ষতি থাকে। এইবোৰত অধিক চৰ্বি আৰু চেনি থাকে। গতিকে ই পুষ্টিকৰ উপাদান কমাই শৰীৰত দুয়োটাৰে পৰিমাণ বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু