--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় কংগনা ৰানাৱতৰ নাম। ইয়াৰ পিছত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে বিতৰ্ক কৰে। ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লৈ এটা পোষ্ট কৰে। সেই পোষ্টটোত সুপ্ৰিয়াই ৰিভিলিং আউটফিটত কংগনাৰ এখন ছবি পোষ্ট কৰিছিল। তাৰ লগতে লিখিছে, "এতিয়া মাণ্ডিত কি দাম চলি আছে, অলপ কওকচোন? " 

ইয়াৰ পিছতে বিজেপিয়ে আপত্তি কৰে। পদ্ম শিবিৰৰ মতে, সুপ্ৰিয়াই কংগনাক আক্ৰমণ কৰি শালীনতাৰ স্তৰ অতিক্ৰম কৰিছে। অভিনেত্ৰীগৰাকীক ‘যৌন কৰ্মী’ৰ সৈতে তুলনা কৰা বুলিও দাবী কৰে বিজেপিয়ে। কংগনাই কোনো কথাতে নিজৰ মতামত প্ৰকাশ কৰিবলৈ লাজ নকৰে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ছানি লিঅ’নিক টানি লৈ যায় তেওঁৰ প্ৰতি কৰা জঘন্য মন্তব্যৰ বাবে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কংগনাই কয়, ‘যৌন কৰ্মী মন্তব্যটো একেবাৰেই অসন্মানজনক নহয়। সামাজিকভাৱে গ্ৰহণযোগ্য শব্দ। ভাৰতত পৰ্ণ ষ্টাৰে যিমান সন্মান পায়, ছানী লিয়নীক সুধিব, পৃথিৱীৰ আন কোনো দেশেই নাপায়।”

ইয়াৰ পূৰ্বে ২০২০ চনত অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে কংগ্ৰেছৰ টিকট পোৱাৰ পিছত কংগনাই কৈছিল যে, “মানুহে উৰ্মিলাক অভিনয়ৰ বাবে চিনি নাপায়, বৰঞ্চ কোমল পৰ্ণ হিৰোইন হিচাপে বেছিকৈ চিনি পায়। যদি তেওঁ কংগ্ৰেছৰ টিকট পায়, মই কিয় বিজেপিৰ টিকট পাব নোৱাৰো!''

এইবাৰ কংগনাই কংগ্ৰেছ নেতাৰ প’ষ্টৰ উত্তৰত নিজৰ এক্স (এক্স-টুইটাৰ) হেণ্ডেলত লিখিছে, ‘প্ৰিয় সুপ্ৰিয়া দেৱী, যোৱা ২০ বছৰত মই বিভিন্ন ধৰণৰ মহিলাৰ চৰিত্ৰত অভিনয় কৰিছো। যৌনকৰ্মীক নিৰ্যাতনলৈ টানি নিদিয়াটোৱেই উত্তম। সকলোৱে মৰ্যাদাৰ যোগ্য।'' 

বৃহস্পতিবাৰে সুপ্ৰিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে সুপ্ৰিয়াৰ দলেও। বিতৰ্কিত মন্তব্যৰ বাবেই কংগ্ৰেছে সুপ্ৰিয়াক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ