--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় কংগনা ৰানাৱতৰ নাম। ইয়াৰ পিছত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে বিতৰ্ক কৰে। ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লৈ এটা পোষ্ট কৰে। সেই পোষ্টটোত সুপ্ৰিয়াই ৰিভিলিং আউটফিটত কংগনাৰ এখন ছবি পোষ্ট কৰিছিল। তাৰ লগতে লিখিছে, "এতিয়া মাণ্ডিত কি দাম চলি আছে, অলপ কওকচোন? " 

ইয়াৰ পিছতে বিজেপিয়ে আপত্তি কৰে। পদ্ম শিবিৰৰ মতে, সুপ্ৰিয়াই কংগনাক আক্ৰমণ কৰি শালীনতাৰ স্তৰ অতিক্ৰম কৰিছে। অভিনেত্ৰীগৰাকীক ‘যৌন কৰ্মী’ৰ সৈতে তুলনা কৰা বুলিও দাবী কৰে বিজেপিয়ে। কংগনাই কোনো কথাতে নিজৰ মতামত প্ৰকাশ কৰিবলৈ লাজ নকৰে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ছানি লিঅ’নিক টানি লৈ যায় তেওঁৰ প্ৰতি কৰা জঘন্য মন্তব্যৰ বাবে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কংগনাই কয়, ‘যৌন কৰ্মী মন্তব্যটো একেবাৰেই অসন্মানজনক নহয়। সামাজিকভাৱে গ্ৰহণযোগ্য শব্দ। ভাৰতত পৰ্ণ ষ্টাৰে যিমান সন্মান পায়, ছানী লিয়নীক সুধিব, পৃথিৱীৰ আন কোনো দেশেই নাপায়।”

ইয়াৰ পূৰ্বে ২০২০ চনত অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে কংগ্ৰেছৰ টিকট পোৱাৰ পিছত কংগনাই কৈছিল যে, “মানুহে উৰ্মিলাক অভিনয়ৰ বাবে চিনি নাপায়, বৰঞ্চ কোমল পৰ্ণ হিৰোইন হিচাপে বেছিকৈ চিনি পায়। যদি তেওঁ কংগ্ৰেছৰ টিকট পায়, মই কিয় বিজেপিৰ টিকট পাব নোৱাৰো!''

এইবাৰ কংগনাই কংগ্ৰেছ নেতাৰ প’ষ্টৰ উত্তৰত নিজৰ এক্স (এক্স-টুইটাৰ) হেণ্ডেলত লিখিছে, ‘প্ৰিয় সুপ্ৰিয়া দেৱী, যোৱা ২০ বছৰত মই বিভিন্ন ধৰণৰ মহিলাৰ চৰিত্ৰত অভিনয় কৰিছো। যৌনকৰ্মীক নিৰ্যাতনলৈ টানি নিদিয়াটোৱেই উত্তম। সকলোৱে মৰ্যাদাৰ যোগ্য।'' 

বৃহস্পতিবাৰে সুপ্ৰিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে সুপ্ৰিয়াৰ দলেও। বিতৰ্কিত মন্তব্যৰ বাবেই কংগ্ৰেছে সুপ্ৰিয়াক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বাদ দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু