--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু নিতেশ তিৱাৰীয়ে ৰামায়ণৰ  দৃশ্যগ্ৰহণ কৰিবলৈ সাজু হৈছে। যদিও প্ৰকল্পটোৰ কথা  এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, এই বছৰতে  ৰামায়ণৰ  চিত্ৰগ্ৰহণ আৰম্ভ হ’ব  বুলি খবৰ পোৱা গৈছিল। ছবিখনত সাই পল্লৱীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিব  বুলি জানিব পৰা গৈছে।  পিংকভিলাৰ এক শেহতীয়া প্ৰতিবেদনে ইংগিত দিছে যে নিতেশ তিৱাৰীয়ে এপ্ৰিলত ছবিখনৰ দৃশ্যগ্ৰহণৰ কথা ভাবিছে।  

পৰ্টেলটোৰ খবৰ অনুসৰি, নিতেশ তিৱাৰীৰ নেতৃত্বত প্ৰযোজনা দলটোৱে মুম্বাইৰ ফিল্ম চিটিত চিত্ৰগ্ৰহণ আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰথম অনুসূচীত ভগৱান ৰাম, লক্ষ্মণ আৰু ভৰতৰ শৈশৱকালৰ বিষয়ত  গুৰুত্ব দিয়া হ'ব, য'ত শিশু শিল্পীসকলে এই চৰিত্ৰবোৰ চিত্ৰিত কৰিব। সূত্ৰটোৱে কয়, "নিতেশ তিৱাৰী আৰু তেওঁৰ দলে  মুম্বাইত ২ এপ্ৰিলৰ পৰা ৰামায়ণৰ শ্বুটিং আৰম্ভ কৰিবলৈ সাজু হৈছে। ফিল্ম চিটিত এটা ছেট তৈয়াৰ  কৰা হৈছে আৰু তাতেই এই  ছবিখনৰ যাত্ৰা আৰম্ভ হ’ব।  সূত্ৰটোৱে  কয়, "নীতেশ তিৱাৰীয়ে ভগৱান ৰামৰ শৈশৱকালৰ দিনবোৰৰ  দৃশ্যগ্ৰহণ কৰিব, য'ত গুৰু বশিষ্ঠই ভগৱান ৰাম আৰু তেওঁৰ ভাতৃসকলক জীৱনৰ পাঠ দিয়ে। শিশিৰ শৰ্মাই গুৰু বশিষ্ঠৰ চৰিত্ৰত অভিনয় কৰিব।  আনহাতে শিশু শিল্পীসকলৰ নাম এতিয়াও  গোপনে ৰখা হৈছে।"  উল্লেখ্য 'এনিমেল' ছবিত কৰা অপূৰ্ব  অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰা ৰণবীৰ কাপুৰ এইবাৰ সাজু হৈছে তেওঁৰ নতুন ছবি  'ৰামায়ণ' ৰ শ্বুটিঙৰ বাবে।  কাপুৰে  'ৰামায়ণ' ছবিখনৰ বাবে কঠোৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য। কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই  তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে। 

ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ   ১২০  দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নীতিশ তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা  বিতৰ্কৰ পৰা  বহু কথাই শিকিছে। 
নীতিশৰ ছবি  'ৰামায়ণ'ৰ বেছিভাগ  দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ'ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে  লণ্ডনলৈ উৰা মাৰিব।  দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব।  দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।ৰণবীৰে স্বেচ্ছাই এই ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ ৰামৰ অৱতাৰত অভিনয় কৰাৰ বাবে বিশেষ ধ্যানো কৰি আছে। বাতৰি অনুসৰি ছবি খনত বিজয় সেতুপতিক বিভীষণ,  ছানী দেওলক হনুমান, ববি দেওলক কুম্ভকৰ্ণ, সাই পল্লৱীক সীতাৰ চৰিত্ৰত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ