--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা ধৰ্মেন্দ্ৰ নাতি তথা ছানি দেউলৰ পুত্ৰ কৰণ দেউলৰ বিয়া মহা ধুম-ধামেৰে আয়োজন কৰা হ’ল। কিন্তু সকলোকে আচৰিত কৰি সেই বিয়াত উপস্থিত নাথাকিল ছানি দেউলৰ সতীয়া মাতৃ হেমা মালিনী। কেৱল হেমৈা মালিনীয়েই নহয়, হেমাৰ নিজৰ কন্যাদ্বয় ঈশা-আহানাও সেই বিয়াত উপস্থিত নাথাকিল। ১৬ জুনত কৰণ দেউল আৰু দ্ৰিশা আচাৰ্য বিবাহপাশত আৱদ্ধ হৈছে। ১৮ জুনত আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। কিন্তু কোনো এটা অনুষ্ঠানতে দেখা নগ’ল হেমা মালিনী আৰু তেওঁৰ দুই কন্যাক।  

সেই বিয়ালৈ  আমন্ত্ৰণ জনোৱা স্বত্বেও হেমা মালিনী আৰু  ঈশা-আহানা অনুপস্থিত থাকিল।
 কৰণ দেউলৰ বিয়াৰ খবৰে সংবাদমাধ্যমৰ  শিৰোনাম দখল কৰিছিল। মেহেন্দিৰ পৰা বিয়ালৈ, দেউল পৰিয়ালৰ  বহুতো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে।বিয়া খনত ধৰ্মেন্দ্ৰৰ গোটেই পৰিয়ালটোৱে যথেষ্ট আনন্দ কৰিছে। কিন্তু সকলো ক্ষেত্ৰতে হেমা মালিনী অনুপস্থিত। 

উল্লেখ্য ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰৰ বাবে হেমা মালিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এনে পৰিস্থিতিত,ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে হেমাই  আৰম্ভনিৰে পৰাই দূৰত্ব বজাই ৰাখিছে। অৱশ্যে, কোনেও ভবা নাছিল যে এই দূৰত্ব ৪২  বছৰৰ পাছতো শেষ নহ'ব।ধৰ্মেন্দ্ৰই ১৯৮০ চনত হেমা মালিনীক বিয়া কৰাইছিল। বিবাহৰ পিছৰে পৰা, হেমাই ধৰ্মেন্দ্ৰৰ প্ৰথমা  পত্নী প্ৰকাশ কৌৰ আৰু তেওঁলোকৰ সন্তানৰ পৰা এক সন্মানজনক দূৰত্ব বজাই ৰাখিছে। প্ৰকাশ কৌৰেও এই দূৰত্ব বজাই ৰাখিছিল।  প্ৰকাশ কৌৰেও ঈশা আৰু আহানাৰ বিয়ালৈ যোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?