--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশত ৰামায়ণৰ আধাৰত নিৰ্মিত ছবি ‘আদিপুৰুষ’ৰ বিতৰ্ক তুংগত আছে। ইয়াৰ মাজতে জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ৰামায়ণ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াই সংবাদ শিৰোনাম দখল কৰিছে। দীপিকা চিখলিয়াই (Dipika Chikhlia) সীতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। 

বহু বছৰৰ আগতে এই ধাৰাবাহিকখন প্ৰচাৰ হৈছিল যদিও দীপিকাৰ প্ৰতিচ্ছবি এতিয়াও মানুহৰ মনত সীতা মাৰ দৰেই আছে। ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে টিভিত সীতাৰ চৰিত্ৰত অভিনয় কৰি দীপিকা আজিও মানুহৰ মাজত সীতাৰ ৰূপতেই জীয়াই আছে। এতিয়াও তেওঁক দেখা পালে মানুহে ভৰি চুই সেৱা কৰে। 

শেহতীয়াকৈ দীপিকা চিখলিয়াই ইনষ্টাগ্ৰামত সীতাৰ লুকত এটা ৰীল শ্বেয়াৰ কৰিছে। এই ৰীলটোৰ সৈতে কেপচনত দীপিকাই লিখিছে, “এই ৰীলটো জনসাধাৰণৰ দাবীত বনালো.. সীতামাৰ ভূমিকা পালন কৰাৰ বাবে যি মৰম পাইছিলো তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম। মই ইয়াতকৈ বেছি একো বিচৰা নাছিলো।" এই পোষ্টটোৰ পিছত অনুৰাগীয়ে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মেম, আপোনাৰ এই পোষ্টটো সমগ্ৰ আদিপুৰুষৰ ওপৰত গধুৰ হ'ব।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আপোনাৰ লগত আমাৰ সকলোৰে অনুভৱ সংলগ্ন হৈ থাকে। যেতিয়াই মা সীতাৰ ৰূপৰ কথা ভাবো তেতিয়াই মোৰ মনলৈ কেৱল আপুনিহে আহে...জয় শ্ৰী ৰাম। " ইয়াৰ বাহিৰেও আন বহু ব্যৱহাৰকাৰীয়ে এই পোষ্টটো তীব্ৰভাৱে লাইক কৰি আছে আৰু দীপিকাক প্ৰশংসা কৰিছে।

উল্লেখ্য যে আদিপুৰুষ মুক্তিৰ পাছৰে পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ছবিখনৰ ভিএফএক্স, সাজপাৰ, গেটআপ লগতে ইয়াৰ সংলাপক লৈও মানুহে তীব্ৰ আপত্তি উত্থাপন কৰিছে। এই ছবিখনে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পাছত নিৰ্মাতাসকলে সংলাপ সলনি কৰাৰ সিদ্ধান্ত লয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক