--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; ছানিয়া মিৰ্জা হ’ব ভাৰতৰ প্ৰথমগৰাকী মহিলা মুছলমান যুঁজাৰু বিমান পাইলট৷ এই ঘোষণা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ছোৱালী ছানিয়া মিৰ্জা হ’ব ভাৰতৰ প্ৰথম গৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট। 

লক্ষ্ণৌৰ ইণ্টিগ্ৰেল বিশ্ববিদ্যালয়ৰ চতুৰ্দশ সমাৱৰ্তন সমাৰোহত অংশ লৈ এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কেনেদৰে সকলোৰে বাবে সুযোগ আগবঢ়াই দিছে সেই সন্দৰ্ভত বক্তব্য ৰাখি সিঙে কয় যে আগতে কমসংখ্যক মহিলাইহে সশস্ত্ৰ বাহিনীত যোগদান কৰিছিল৷ কিন্তু এতিয়া মহিলাসকলক যুদ্ধজাহাজত আৰু চিয়াচেনৰ দৰে প্ৰতিকূল বতৰৰ অঞ্চলতো নিযুক্তি দিয়া হৈছে। 

যুঁজাৰু বিমান চলাবলৈ সাজু হোৱা কোন এই ছানিয়া মিৰ্জা ?
ছানিয়া মিৰ্জা প্ৰথমগৰাকী ভাৰতীয় মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’বলৈ গৈ আছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ বাসিন্দা মিৰ্জাই তেওঁৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এনডিএ) পৰীক্ষাত ১৪৯সংখ্যক স্থান লাভ কৰিছিল। এজন টিভি মেকানিকৰ জীয়ৰী, ছানিয়াই যুঁজাৰু পাইলট পাঠ্যক্ৰমটো বাছনি কৰিছিল। তেওঁ তেওঁৰ সকলো পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত ভাৰতীয় বায়ু সেনাৰ (আইএএফ) যুঁজাৰু পাইলট হ’ব। 

অৱনী চতুৰ্বেদীৰ দ্বাৰা অনুপ্ৰাণিত ছানিয়া
ছানিয়া মিৰ্জাৰ দেউতাক শ্বাহীদ আলীয়ে ৰাষ্ট্ৰীয় সংবাদত কৈছিল যে তেওঁৰ জীয়েকে ভাৰতৰ প্ৰথম মহিলা যুঁজাৰু বিমান পাইলট অৱনী চতুৰ্বেদীক তেওঁৰ আদৰ্শ হিচাপে ভাবে। আৰম্ভণিৰে পৰা ছানিয়াই তেওঁৰ দৰে হ’ব বিচাৰিছিল। ছানিয়া হৈছে দেশৰ দ্বিতীয়গৰাকী ছোৱালী যাক যুঁজাৰু বিমান পাইলট হিচাপে নিৰ্বাচিত কৰা হৈছে৷
  
মিৰ্জাই দশম শ্ৰেণীলৈকে তেওঁৰ গাঁৱৰ বিদ্যালয়ত পঢ়িছিল, যাৰ পাছত তেওঁ চহৰৰ গুৰু নানক ইণ্টাৰ কলেজলৈ গৈছিল। তেওঁ তেওঁৰ উত্তৰ প্ৰদেশ ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত জিলাত শীৰ্ষস্থান দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক