--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ লোকসভা সমষ্টি বাৰাণসীৰ মুকুটত আজি সংযোগ কৰিলে আন এক ৰত্ন। প্ৰধানমন্ত্ৰী  মোদীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মন্দিৰ চহৰ বাৰানসীৰ  পৰা এক ভাৰ্চুৱেলী  'গংগা বিলাস' নামৰ বিলাসী ক্ৰুজ খন উদ্বোধন কৰে। 

চুইজাৰলেণ্ডৰ পৰা অহা ৩২ জন পৰ্যটকক লৈ দেশতে নিৰ্মিত ক্ৰুজ জাহাজখনে গঙ্গাত যাত্ৰা আৰম্ভ কৰে। ভাষণত মোদীয়ে কয়, "গংগা বিলাসে ভাৰতৰ পৰ্যটনক এক নতুন যুগলৈ আগুৱাই লৈ যাব গৈ। গংগা বিলাসে অহা ৫১ দিনত ৩,২০০ কিলোমিটাৰ জলপথ সামৰি ল'ব। বাংলাদেশহৈ  অসমৰ ডিব্ৰুগড়ত উপস্থিত হ'ব"।উল্লেখ্য গংগা বিলাস বিলাসী ক্ৰুজ মঙলবাৰে বাৰাণসীৰ ৰামনগৰ বন্দৰত উপস্থিত হৈছে। ২২ ডিচেম্বৰত কলকাতা ত্যাগ কৰা এই ক্ৰুজখন প্ৰথমতে শনিবাৰে পবিত্ৰ চহৰখনতত উপস্থিত হোৱাৰ কথা আছিল। অৱশ্যে বেয়া বতৰৰ  বাবে জাহাজ খন পলমকৈহে বাৰাণসীত  উপস্থিত হয়।

 এমভি গংগা বিলাস ক্ৰুজ খনে  বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘল জলপথেৰে  ভ্ৰমণ কৰিব৷ চৰকাৰী বিবৃতি অনুসৰি, ক্ৰুজ খনে  ৫১ দিনীয়া যাত্ৰা কৰিব, যাৰ ভিতৰত আছে বিশ্ব ঐতিহ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট আৰু বিহাৰৰ পাটনা, পশ্চিম বংগৰ ঝাৰখণ্ডৰ চাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতাকে ধৰি ৫০ খন পৰ্যটন স্থলী ভ্ৰমণ কৰিব ৷ ক্ৰুজখনত ১৮ টা চুটৰ সৈতে ৮০ জন যাত্ৰীৰ থাকিব পাৰিব। ৫১ দিনীয়া যাত্ৰাত গংগা বিলাস ক্ৰুজ খনে বাংলাদেশৰ মাজেৰে পাৰ হ'ব৷ ইয়াৰ পিছত জাহাজ খনে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰে  ডিব্ৰুগড়লৈ যাব৷ ভাৰত আৰু বাংলাদেশৰ পাঁচখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যাবলগীয়া গংগা বিলাস ক্ৰুজে ৩,২০০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিব৷ 

এই ক্ৰুজখনে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, বাংলাদেশ আৰু অসমৰ মুঠ ২৭ খন নদীৰ মাজেৰে পাৰ হ'ব। ই তিনিখন মুখ্য নদী - গংগা, মেঘনা আৰু ব্ৰহ্মপুত্ৰকো সামৰি ল'ব। গংগা বিলাস ক্ৰুজৰ টিকট সমূহ কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে বুক কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰা মতে  ক্ৰুজত প্ৰতিজন ব্যক্তিৰ পৰা প্ৰতিদিনে ২৪,৬৯২.২৫ টকা লোৱা হ’ব।   সোণোৱালে কয় যে ভাৰতীয় আৰু বিদেশীসকলৰ বাবে ভাড়া একেই হ’ব ৷ সম্পূৰ্ণ ৫১ দিনৰ বাবে একো খন ক্ৰুজ টিকটৰ মূল্য ১২.৫৯ লাখ টকা (১৫৩০০০ ডলাৰ)তকৈও অধিক হ'ব বুলি তেওঁ কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু