--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী তাৰকা ক্ৰিকেটাৰ ছোৱেইব মালিকৰ মাজত বিবাহ বিচ্ছেদৰ বাতৰিয়ে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণৰূপে পাকিস্তানী অভিনেত্ৰী আয়েশা ওমৰৰ নাম সন্মুখত আহিছে। সামাজিক মাধ্যম আৰু বহুতো প্ৰতিবেদনে দাবী কৰিছে যে ছানিয়া আৰু ছোৱেইবে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ কৰিছে। অৱশ্যে, দম্পতীহালে বৰ্তমানলৈ এই বিষয়ে নীৰৱ হৈ আছে। তেওঁলোকৰ বিবাহত কিছু অসুবিধা চলি থকা বাতৰিৰ মাজতে এগৰাকী পাকিস্তানী অভিনেত্ৰী আয়েশা ওমৰৰ নাম চৰ্চিত হৈছে যিয়ে এই বিবাহ বিচ্ছেদৰ মূল কাৰণ বুলি অভিযোগ কৰা হৈছে। পাকিস্তানী সংবাদ মাধ্যম অনুসৰি, ছোৱেইব আৰু আয়েশাৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে আৰু সেইবাবে ছানিয়া মিৰ্জা পাকিস্তানী ক্ৰিকেটাৰ ছোয়েইবৰ পৰা পৃথক হৈছে।

শেহতীয়াকৈ টেনিছ তাৰকা ছানিয়া মিৰ্জাই তেওঁৰ ইনষ্টাগ্ৰামত এনে কিছুমান পোষ্ট শ্বেয়াৰ কৰিছিল যাৰ দ্বাৰা তেওঁৰ আৰু ছোৱেইবৰ মাজত সকলো ঠিক নথকাৰ বিষয়ে অনুমান কৰা হৈছিল। ছানিয়াই পুত্ৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল - '‘কঠিন সময়।’' ইয়াৰোপৰি ছানিয়াই ইনষ্টাগ্ৰাম ষ্ট’ৰীত '‘ভঙা হৃদয় ক'লৈ যায়? আল্লাক আপুনাক বিচাৰে নে?’' বুলি লিখিছিল। ছানিয়াৰ এই পোষ্টবোৰৰ পিছতে আয়েশা উমাৰৰ সৈতে ছোৱেইবৰ সম্পৰ্কৰ বাতৰিও ওলাব লয়।

ছোৱেইব মালিকে পুত্ৰ ইজহান মিৰ্জা মালিকৰ জন্মদিনত কিছুমান ফটো শ্বেয়াৰ কৰিছিল আৰু এটা বাৰ্তাও লিখিছিল যে '‘যেতিয়া আপোনাৰ জন্ম হৈছিল, আমি অধিক নম্ৰ হৈ পৰিছিলো আৰু জীৱনটো আমাৰ বাবে বিশেষ আছিল। আমি একেলগে নাথাকিব পাৰোঁ আৰু প্ৰতিদিনে লগ নহ’বও পাৰো, কিন্তু বাবাই প্ৰতিমুহূৰ্তত আপোনাৰ আৰু আপোনাৰ হাঁহিৰ বিষয়ে চিন্তা কৰি থাকে। আপুনি বিচৰা সকলোখিনি আল্লাই আপোনাক দিয়ক।’’

ইনষ্টাগ্ৰাম পোষ্টৰ উপৰিও, ছোৱেইব মালিকৰ সৈতে সম্পৰ্কিত এটা ঘটনাই তেওঁলোকৰ সম্পৰ্কৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰে। পাকিস্তানৰ এটা টিভি চেনেলত ক্ৰীড়া অনুষ্ঠান ‘দ্য পেভিলিয়ন’ৰ শেহতীয়া খণ্ডত মালিকক ছানিয়া মিৰ্জাৰ টেনিছ একাডেমীৰ বিষয়ে সোধাত সেই সন্দৰ্ভত মালিকে ছানিয়াৰ একাডেমী ক’ত আছে সেই সন্দৰ্ভত নাজানে বুলি কৈছিল। তেওঁ কয় যে, '‘মই কেতিয়াও সেই একাডেমীবোৰলৈ যোৱা নাই।" তেওঁৰ এই কথাষাৰে অনুষ্ঠানটোৰ পেনেলত থকা ৱাকাৰ ইউনুছক আচৰিত কৰি তুলিছিল। ইউনুছে আচৰিত হৈ সুধিছিল, ‘‘আপুনি কেনে ধৰণৰ স্বামী?’’

ছোৱেইব মালিক আৰু আয়েশা ওমৰৰ সম্পৰ্কৰ বিষয়ে ওলোৱাৰ পিছত, তেওঁলোকৰ এটা পুৰণি ফটোশ্বুটৰ ফটো ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে। প্ৰকৃততে, ছোৱেইব আৰু আয়েশাৰ এটা অতি বল্ড ফটোশ্বুট কৰিছিল আৰু সেই ফটোবোৰ আয়েশা ওমৰে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। ছোৱেইবক যেতিয়া এই ছবিবোৰৰ প্ৰতি ছানিয়াৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত হৈছিল তেতিয়া কোনো উত্তৰ দিয়া নাছিল

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকে ২০০৯ চনত জোৰণ কৰিছিল। তেওঁলোকে ২০১০ চনৰ ১২ এপ্ৰিলত হায়দৰাবাদৰ তাজকৃষ্ণ হোটেলত পৰম্পৰাগত হায়দৰাবাদী মুছলমান ৰীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল। ছানিয়া মিৰ্জাই এই বছৰৰ জানুৱাৰীত অৱসৰ লোৱা বুলি ঘোষণা কৰিছিল। ছোৱেইবে শেষবাৰৰ বাবে ২০২১ চনত বাংলাদেশৰ বিপৰীতে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। ইয়াৰ পিছত তেওঁ পাকিস্তান দলৰ পৰা বাহিৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক