--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী তাৰকা ক্ৰিকেটাৰ ছোৱেইব মালিকৰ মাজত বিবাহ বিচ্ছেদৰ বাতৰিয়ে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণৰূপে পাকিস্তানী অভিনেত্ৰী আয়েশা ওমৰৰ নাম সন্মুখত আহিছে। সামাজিক মাধ্যম আৰু বহুতো প্ৰতিবেদনে দাবী কৰিছে যে ছানিয়া আৰু ছোৱেইবে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ কৰিছে। অৱশ্যে, দম্পতীহালে বৰ্তমানলৈ এই বিষয়ে নীৰৱ হৈ আছে। তেওঁলোকৰ বিবাহত কিছু অসুবিধা চলি থকা বাতৰিৰ মাজতে এগৰাকী পাকিস্তানী অভিনেত্ৰী আয়েশা ওমৰৰ নাম চৰ্চিত হৈছে যিয়ে এই বিবাহ বিচ্ছেদৰ মূল কাৰণ বুলি অভিযোগ কৰা হৈছে। পাকিস্তানী সংবাদ মাধ্যম অনুসৰি, ছোৱেইব আৰু আয়েশাৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে আৰু সেইবাবে ছানিয়া মিৰ্জা পাকিস্তানী ক্ৰিকেটাৰ ছোয়েইবৰ পৰা পৃথক হৈছে।

শেহতীয়াকৈ টেনিছ তাৰকা ছানিয়া মিৰ্জাই তেওঁৰ ইনষ্টাগ্ৰামত এনে কিছুমান পোষ্ট শ্বেয়াৰ কৰিছিল যাৰ দ্বাৰা তেওঁৰ আৰু ছোৱেইবৰ মাজত সকলো ঠিক নথকাৰ বিষয়ে অনুমান কৰা হৈছিল। ছানিয়াই পুত্ৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল - '‘কঠিন সময়।’' ইয়াৰোপৰি ছানিয়াই ইনষ্টাগ্ৰাম ষ্ট’ৰীত '‘ভঙা হৃদয় ক'লৈ যায়? আল্লাক আপুনাক বিচাৰে নে?’' বুলি লিখিছিল। ছানিয়াৰ এই পোষ্টবোৰৰ পিছতে আয়েশা উমাৰৰ সৈতে ছোৱেইবৰ সম্পৰ্কৰ বাতৰিও ওলাব লয়।

ছোৱেইব মালিকে পুত্ৰ ইজহান মিৰ্জা মালিকৰ জন্মদিনত কিছুমান ফটো শ্বেয়াৰ কৰিছিল আৰু এটা বাৰ্তাও লিখিছিল যে '‘যেতিয়া আপোনাৰ জন্ম হৈছিল, আমি অধিক নম্ৰ হৈ পৰিছিলো আৰু জীৱনটো আমাৰ বাবে বিশেষ আছিল। আমি একেলগে নাথাকিব পাৰোঁ আৰু প্ৰতিদিনে লগ নহ’বও পাৰো, কিন্তু বাবাই প্ৰতিমুহূৰ্তত আপোনাৰ আৰু আপোনাৰ হাঁহিৰ বিষয়ে চিন্তা কৰি থাকে। আপুনি বিচৰা সকলোখিনি আল্লাই আপোনাক দিয়ক।’’

ইনষ্টাগ্ৰাম পোষ্টৰ উপৰিও, ছোৱেইব মালিকৰ সৈতে সম্পৰ্কিত এটা ঘটনাই তেওঁলোকৰ সম্পৰ্কৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰে। পাকিস্তানৰ এটা টিভি চেনেলত ক্ৰীড়া অনুষ্ঠান ‘দ্য পেভিলিয়ন’ৰ শেহতীয়া খণ্ডত মালিকক ছানিয়া মিৰ্জাৰ টেনিছ একাডেমীৰ বিষয়ে সোধাত সেই সন্দৰ্ভত মালিকে ছানিয়াৰ একাডেমী ক’ত আছে সেই সন্দৰ্ভত নাজানে বুলি কৈছিল। তেওঁ কয় যে, '‘মই কেতিয়াও সেই একাডেমীবোৰলৈ যোৱা নাই।" তেওঁৰ এই কথাষাৰে অনুষ্ঠানটোৰ পেনেলত থকা ৱাকাৰ ইউনুছক আচৰিত কৰি তুলিছিল। ইউনুছে আচৰিত হৈ সুধিছিল, ‘‘আপুনি কেনে ধৰণৰ স্বামী?’’

ছোৱেইব মালিক আৰু আয়েশা ওমৰৰ সম্পৰ্কৰ বিষয়ে ওলোৱাৰ পিছত, তেওঁলোকৰ এটা পুৰণি ফটোশ্বুটৰ ফটো ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে। প্ৰকৃততে, ছোৱেইব আৰু আয়েশাৰ এটা অতি বল্ড ফটোশ্বুট কৰিছিল আৰু সেই ফটোবোৰ আয়েশা ওমৰে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। ছোৱেইবক যেতিয়া এই ছবিবোৰৰ প্ৰতি ছানিয়াৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত হৈছিল তেতিয়া কোনো উত্তৰ দিয়া নাছিল

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকে ২০০৯ চনত জোৰণ কৰিছিল। তেওঁলোকে ২০১০ চনৰ ১২ এপ্ৰিলত হায়দৰাবাদৰ তাজকৃষ্ণ হোটেলত পৰম্পৰাগত হায়দৰাবাদী মুছলমান ৰীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল। ছানিয়া মিৰ্জাই এই বছৰৰ জানুৱাৰীত অৱসৰ লোৱা বুলি ঘোষণা কৰিছিল। ছোৱেইবে শেষবাৰৰ বাবে ২০২১ চনত বাংলাদেশৰ বিপৰীতে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। ইয়াৰ পিছত তেওঁ পাকিস্তান দলৰ পৰা বাহিৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ