--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে (৭ ডিচেম্বৰ) তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেৱন্থ ৰেড্ডীয়ে। হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত লাখ লাখ লোকৰ উপস্থিতিত ৰাজ্যপাল তামিলিছাই সুন্দৰৰাজনে ৰেৱন্থ ৰেড্ডীক শপতবাক্য পাঠ কৰাই।

ৰেৱন্থ ৰেড্ডীৰ সৈতে মল্লু ভট্টী বিক্ৰমাৰ্কাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এইবোৰৰ বাহিৰেও নলমাদা উত্তম কুমাৰ ৰেড্ডী, চি দামোদৰ ৰাজনাৰসিংহ, কমতিৰেদ্দি ভেংকটা ৰেড্ডী, এছ. দুদিল্লা শ্ৰীধৰ বাবু, পংগুলেব শ্ৰীনিবাস ৰেড্ডী, পোন্নম প্ৰভাকৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, দীপেন্দ্ৰ হুদা আদি উপস্থিত থাকে। ইয়াৰ উপৰিও এই অনুষ্ঠানত কংগ্ৰেছৰ আন বহু জ্যেষ্ঠ নেতাও উপস্থিত আছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজা ৰেৱন্থ ৰেড্ডীও উপস্থিত থাকে।

উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল অহাৰ পাছত মুখ্যমন্ত্ৰীৰ দৌৰত বহু নাম আছিল।পৰৱৰ্তী সময়ত জনা গ’ল যে ৰেৱন্থ ৰেড্ডী ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব আৰু তেওঁ সোমবাৰে সন্ধিয়া শপত গ্ৰহণ কৰিব। সূত্ৰ অনুসৰি ইয়াৰ পাছত দলৰ একাংশ নেতাই প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে আৰু শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিবলগীয়া হয়। ইয়াৰ পাছত দলটোৰ হাইকমাণ্ডে দিল্লীত ৰেৱন্থ ৰেড্ডীৰ নাম ঘোষণা কৰে। কোৱা হৈছে যে ছবাৰৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি এন. উত্তম কুমাৰ ৰেড্ডী আৰু মল্লু ভট্টি বিক্ৰমাৰ্কে ৰেৱন্থ ৰেড্ডীৰ বিৰোধিতা কৰিছিল।

অৱশ্যে ৰেৱন্থৰ বিৰোধীয়ে তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ পৰা বাধা দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁ দলৰ শীৰ্ষ নেতাৰ প্ৰথম পছন্দ হৈয়েই থাকিল। দৰাচলতে ৰেৱন্থ তেলেংগানাত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে আৰু পাছতো বি আৰ এছৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰচাৰৰ মুখ হৈয়েই থাকিল। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত ১১৯খন আসনৰ ভিতৰত ৬৪খন আসনত জয়লাভ কৰিছে কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু