--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে (৭ ডিচেম্বৰ) তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেৱন্থ ৰেড্ডীয়ে। হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত লাখ লাখ লোকৰ উপস্থিতিত ৰাজ্যপাল তামিলিছাই সুন্দৰৰাজনে ৰেৱন্থ ৰেড্ডীক শপতবাক্য পাঠ কৰাই।

ৰেৱন্থ ৰেড্ডীৰ সৈতে মল্লু ভট্টী বিক্ৰমাৰ্কাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এইবোৰৰ বাহিৰেও নলমাদা উত্তম কুমাৰ ৰেড্ডী, চি দামোদৰ ৰাজনাৰসিংহ, কমতিৰেদ্দি ভেংকটা ৰেড্ডী, এছ. দুদিল্লা শ্ৰীধৰ বাবু, পংগুলেব শ্ৰীনিবাস ৰেড্ডী, পোন্নম প্ৰভাকৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, দীপেন্দ্ৰ হুদা আদি উপস্থিত থাকে। ইয়াৰ উপৰিও এই অনুষ্ঠানত কংগ্ৰেছৰ আন বহু জ্যেষ্ঠ নেতাও উপস্থিত আছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজা ৰেৱন্থ ৰেড্ডীও উপস্থিত থাকে।

উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল অহাৰ পাছত মুখ্যমন্ত্ৰীৰ দৌৰত বহু নাম আছিল।পৰৱৰ্তী সময়ত জনা গ’ল যে ৰেৱন্থ ৰেড্ডী ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব আৰু তেওঁ সোমবাৰে সন্ধিয়া শপত গ্ৰহণ কৰিব। সূত্ৰ অনুসৰি ইয়াৰ পাছত দলৰ একাংশ নেতাই প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে আৰু শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিবলগীয়া হয়। ইয়াৰ পাছত দলটোৰ হাইকমাণ্ডে দিল্লীত ৰেৱন্থ ৰেড্ডীৰ নাম ঘোষণা কৰে। কোৱা হৈছে যে ছবাৰৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি এন. উত্তম কুমাৰ ৰেড্ডী আৰু মল্লু ভট্টি বিক্ৰমাৰ্কে ৰেৱন্থ ৰেড্ডীৰ বিৰোধিতা কৰিছিল।

অৱশ্যে ৰেৱন্থৰ বিৰোধীয়ে তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ পৰা বাধা দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁ দলৰ শীৰ্ষ নেতাৰ প্ৰথম পছন্দ হৈয়েই থাকিল। দৰাচলতে ৰেৱন্থ তেলেংগানাত নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে আৰু পাছতো বি আৰ এছৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰচাৰৰ মুখ হৈয়েই থাকিল। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত ১১৯খন আসনৰ ভিতৰত ৬৪খন আসনত জয়লাভ কৰিছে কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক