--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত সম্বিত ঘূৰাই পালে বিজেপি সাংসদ ৰমেশ মুণ্ডাই৷বিএছপি সাংসদ দানিশ আলীক লৈ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে। সংবাদ সংস্থা পিটিআইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বিজেপি সাংসদগৰাকীয়ে সংসদীয় সমিতিৰ আগত কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দানিশ আলীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰিছে।

সূত্ৰসমূহে জনোৱা মতে, বিধুৰীয়ে দুখ প্ৰকাশ কৰাৰ লগে লগে সমিতিখনে বিষয়টো শেষ কৰি অধ্যক্ষলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব পাৰে। সূত্ৰই জনোৱা মতে, দনিশ আলীয়েও কমিটীৰ সন্মুখত হাজিৰ হৈ ঘটনা সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ নাকচ কৰে।


লোকসভাত ভাষণ দি থকাৰ সময়তে ৰমেশ বিধুৰীয়ে বিএছপিৰ সাংসদ দানিশ আলীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল, তাৰ পাছতে ৰাজনীতি উত্তপ্ত হৈ পৰিছিল। পৰৱৰ্তীসময়ত লোকসভাৰ অধ্যক্ষই ৰমেশ বিধুৰীৰ বক্তব্য কার্যসূচীৰ পৰা আঁতৰাই পেলায়৷ ৰমেশ বিধুৰীৰ মন্তব্যক লৈ বিৰোধী নেতাই লোকসভাত হুলস্থুলৰ সৃষ্টি কৰি বিধুৰীক নিলম্বন কৰাৰ দাবী উত্থাপন কৰে।


বিতৰ্কিত মন্তব্যৰ পাছতে সাংসদ দানিশ আলী আৰু বিজেপি সাংসদ ৰমেশ বিধুৰীৰ মাজত হোৱা বিতৰ্কক লৈ লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। সংসদৰ বিশেষ অধিৱেশনত চন্দ্ৰযান-৩ৰ সফলতা আৰু মহাকাশ খণ্ডত ভাৰতৰ সাফল্য সন্দৰ্ভত আলোচনাৰ সময়ত বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে ২১ ছেপ্টেম্বৰত দানিশ আলীৰ বাবে আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ সভাপতি জে পি নাড্ডায়ো বিধুৰীক কাৰণ দেখুৱাৰ জাননী জাৰি কৰে।


ইয়াৰ পাছত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, এন চি পিৰ সাংসদ সুপ্ৰিয়া চুলেকে ধৰি বহু বিৰোধী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ বিধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এখন পত্ৰ লিখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক