--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত সম্বিত ঘূৰাই পালে বিজেপি সাংসদ ৰমেশ মুণ্ডাই৷বিএছপি সাংসদ দানিশ আলীক লৈ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে। সংবাদ সংস্থা পিটিআইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বিজেপি সাংসদগৰাকীয়ে সংসদীয় সমিতিৰ আগত কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দানিশ আলীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰিছে।

সূত্ৰসমূহে জনোৱা মতে, বিধুৰীয়ে দুখ প্ৰকাশ কৰাৰ লগে লগে সমিতিখনে বিষয়টো শেষ কৰি অধ্যক্ষলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব পাৰে। সূত্ৰই জনোৱা মতে, দনিশ আলীয়েও কমিটীৰ সন্মুখত হাজিৰ হৈ ঘটনা সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ নাকচ কৰে।


লোকসভাত ভাষণ দি থকাৰ সময়তে ৰমেশ বিধুৰীয়ে বিএছপিৰ সাংসদ দানিশ আলীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল, তাৰ পাছতে ৰাজনীতি উত্তপ্ত হৈ পৰিছিল। পৰৱৰ্তীসময়ত লোকসভাৰ অধ্যক্ষই ৰমেশ বিধুৰীৰ বক্তব্য কার্যসূচীৰ পৰা আঁতৰাই পেলায়৷ ৰমেশ বিধুৰীৰ মন্তব্যক লৈ বিৰোধী নেতাই লোকসভাত হুলস্থুলৰ সৃষ্টি কৰি বিধুৰীক নিলম্বন কৰাৰ দাবী উত্থাপন কৰে।


বিতৰ্কিত মন্তব্যৰ পাছতে সাংসদ দানিশ আলী আৰু বিজেপি সাংসদ ৰমেশ বিধুৰীৰ মাজত হোৱা বিতৰ্কক লৈ লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। সংসদৰ বিশেষ অধিৱেশনত চন্দ্ৰযান-৩ৰ সফলতা আৰু মহাকাশ খণ্ডত ভাৰতৰ সাফল্য সন্দৰ্ভত আলোচনাৰ সময়ত বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে ২১ ছেপ্টেম্বৰত দানিশ আলীৰ বাবে আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ সভাপতি জে পি নাড্ডায়ো বিধুৰীক কাৰণ দেখুৱাৰ জাননী জাৰি কৰে।


ইয়াৰ পাছত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, এন চি পিৰ সাংসদ সুপ্ৰিয়া চুলেকে ধৰি বহু বিৰোধী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ বিধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এখন পত্ৰ লিখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু