--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬০ গৰাকীকৈ ছাত্ৰীৰ স্নান কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে উত্তপ্ত হৈ পৰা চণ্ডীগড় বিশ্ববিদ্যালয়ত আজিও অব্যাহত আছে উত্তজেনা। ভিডিঅ’ ভাইৰেল কৰাসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজিও অটল হৈ আছে বিশ্ববিদ্যালয় খনৰ ।ছাত্ৰ-ছাত্ৰীসকল। এনে পৰিস্থিতিত ছদিনৰ বাবে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

দেওবাৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ ফলত বিশ্ববিদ্যালয় চৌহদত উত্তপ্ত হৈ  পৰিছিল। অৱশ্যে কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি লোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে মাজনিশা প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। বিশ্ববিদ্যালয়খন পৰৱৰ্তী ছয় দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সংশ্লিষ্ট হোষ্টেলৰ ৱাৰ্ডেনসকলক বদলি  কৰা হৈছে আৰু হোষ্টেলত প্ৰৱেশ তথা  প্ৰস্থানৰ সময়ৰো সলনি ঘটোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে কয়, "সমগ্ৰ ঘটনা  সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু তদন্ত চলি আছে। কোনো শিক্ষাৰ্থীয়ে আত্মহত্যাৰ চেষ্টা কৰা নাই।  এয়া সকলো উৰাবাতৰি।"

 উল্লেখ্য  কমেও ৬০ জন শিক্ষাৰ্থীৰ এটা গোপন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইটোও অভিযোগ কৰা হৈছে যে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত এগৰাকী ছাত্ৰীয়ে  লাজত আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। অভিযুক্ত ছাত্ৰীগৰাকীয়ে ছোৱালীবোৰৰ গা ধোৱাৰ দৃশ্য গোপনে ৰেকৰ্ড কৰিছিল।

ভিডিঅ'বোৰ তেওঁ হিমাচল প্ৰদেশৰ চিমলাত থকা  এজন বন্ধুলৈ প্ৰেৰণ কৰিছিল। বন্ধুজনেই ভিডিঅ'বোৰ  মিম বনাই নেটত আপলোড কৰিছিল। ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হৈ পৰাত  শিক্ষাৰ্থীসকল ক্ষুব্ধ হৈ পৰিছিল। ইতিমধ্যে  পঞ্জাৱ প্ৰশাসনে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ভিডিঅ’ ৰেকৰ্ডিং কৰা ছাত্ৰীগৰাকী  আৰু তেওঁৰ বন্ধুক গোচৰটোৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু