--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬০ গৰাকীকৈ ছাত্ৰীৰ স্নান কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে উত্তপ্ত হৈ পৰা চণ্ডীগড় বিশ্ববিদ্যালয়ত আজিও অব্যাহত আছে উত্তজেনা। ভিডিঅ’ ভাইৰেল কৰাসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজিও অটল হৈ আছে বিশ্ববিদ্যালয় খনৰ ।ছাত্ৰ-ছাত্ৰীসকল। এনে পৰিস্থিতিত ছদিনৰ বাবে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

দেওবাৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ ফলত বিশ্ববিদ্যালয় চৌহদত উত্তপ্ত হৈ  পৰিছিল। অৱশ্যে কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি লোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে মাজনিশা প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। বিশ্ববিদ্যালয়খন পৰৱৰ্তী ছয় দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সংশ্লিষ্ট হোষ্টেলৰ ৱাৰ্ডেনসকলক বদলি  কৰা হৈছে আৰু হোষ্টেলত প্ৰৱেশ তথা  প্ৰস্থানৰ সময়ৰো সলনি ঘটোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে কয়, "সমগ্ৰ ঘটনা  সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু তদন্ত চলি আছে। কোনো শিক্ষাৰ্থীয়ে আত্মহত্যাৰ চেষ্টা কৰা নাই।  এয়া সকলো উৰাবাতৰি।"

 উল্লেখ্য  কমেও ৬০ জন শিক্ষাৰ্থীৰ এটা গোপন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইটোও অভিযোগ কৰা হৈছে যে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত এগৰাকী ছাত্ৰীয়ে  লাজত আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। অভিযুক্ত ছাত্ৰীগৰাকীয়ে ছোৱালীবোৰৰ গা ধোৱাৰ দৃশ্য গোপনে ৰেকৰ্ড কৰিছিল।

ভিডিঅ'বোৰ তেওঁ হিমাচল প্ৰদেশৰ চিমলাত থকা  এজন বন্ধুলৈ প্ৰেৰণ কৰিছিল। বন্ধুজনেই ভিডিঅ'বোৰ  মিম বনাই নেটত আপলোড কৰিছিল। ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হৈ পৰাত  শিক্ষাৰ্থীসকল ক্ষুব্ধ হৈ পৰিছিল। ইতিমধ্যে  পঞ্জাৱ প্ৰশাসনে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ভিডিঅ’ ৰেকৰ্ডিং কৰা ছাত্ৰীগৰাকী  আৰু তেওঁৰ বন্ধুক গোচৰটোৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ