--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসেনাই  বিনায়ক দামোদৰ ছাভাৰকাৰৰ ওপৰত কোনো অপমানজনক মন্তব্য সহ্য নকৰে। বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ থাকৰেই এই সন্দৰ্ভত ৰাহুল গান্ধীক সেয়ে সতৰ্ক কৰি দিছে। তেওঁ ৱায়ানাডৰ প্ৰাক্তন সাংসদগৰাকীক বিজেপিৰ দ্বাৰা প্ৰৰোচিত নোহোৱাকৈ দেশত গণতন্ত্ৰ ৰক্ষাৰ  যুঁজত গুৰুত্ব দিবলৈ আহ্বান জনায়। চুৰাটৰ আদালতে ৰাহুল গান্ধীক মোদীৰ উপাধিকলৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড বিহিছে। 

পৰৱৰ্তী সময়ত  ৰাহুলক সাংসদ পদৰ পৰা  বৰ্খাস্ত কৰা হয়। শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, "মই ছাভাৰকাৰ নহয়, মই  গান্ধী। গান্ধীয়ে কেতিয়াও কাকো ক্ষমা নোখোজে’’।

ৰাহুল গান্ধীৰ এনে মন্তব্যৰ পিছতে  মহাৰাষ্ট্ৰৰ নাছিকত এক অনুষ্ঠানত ভাষণ দি উদ্ধৱ থাকৰেই  কয়, "ছাভাৰকাৰ আমাৰ আদৰ্শ।’’ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল  গান্ধীক সেয়ে ছাভাৰকাৰক অপমান নকৰিবলৈ সকিয়াই দিয়ে৷ থাকৰেই কয়  "ছাভাৰকাৰে ১৪ বছৰ ধৰি আন্দামানৰ চেলুলাৰ কাৰাগাৰত অকল্পনীয় অত্যাচাৰ সহ্য কৰিছিল। আমি তেওঁৰ ত্যাগ মনত ৰাখিব বিচাৰো।’’ উদ্ধৱে দাবী কৰে যে ৰাহুলে বিজেপিৰ প্ৰৰোচনাত ছাভাৰকাৰৰ বিষয়ে এনে মন্তব্য কৰিছে। উদ্ধৱে লগতে কয় যে যদি  ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত নহয়, তেন্তে দেশখনত ২০২৪ চনত শেষবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব।

উল্লেখ্য উদ্ধৱ থাকৰে নেতৃত্বাধীন অবিভক্ত শিৱসেনাই মহাৰাষ্ট্ৰৰ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিৰ পুৰণি মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু নিৰ্বাচনৰ পিছত শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰে আৰু কংগ্ৰেছ তথা  এনচিপিৰ সৈতে হাত মিলায়। ২০২২ চনৰ জুলাই মাহত শিৱসেনাৰ বিধায়ক একনাথ চিন্দেয়ে দল ত্যাগ কৰে আৰু অভিযোগ কৰে যে শিৱসেনাই হিন্দুত্ববাদী আদৰ্শৰ সৈতে আপোচ কৰিছে। ৪০ জন বিধায়কে চিন্দেৰ শিবিৰত যোগদান কৰিছিল। সংখ্যাৰ দিশটো বিবেচনা কৰি , নিৰ্বাচন আয়োগে চিন্দে শিবিৰক 'প্ৰকৃত' শিৱসেনা হিচাপে স্বীকৃতি দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু