--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসেনাই  বিনায়ক দামোদৰ ছাভাৰকাৰৰ ওপৰত কোনো অপমানজনক মন্তব্য সহ্য নকৰে। বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ থাকৰেই এই সন্দৰ্ভত ৰাহুল গান্ধীক সেয়ে সতৰ্ক কৰি দিছে। তেওঁ ৱায়ানাডৰ প্ৰাক্তন সাংসদগৰাকীক বিজেপিৰ দ্বাৰা প্ৰৰোচিত নোহোৱাকৈ দেশত গণতন্ত্ৰ ৰক্ষাৰ  যুঁজত গুৰুত্ব দিবলৈ আহ্বান জনায়। চুৰাটৰ আদালতে ৰাহুল গান্ধীক মোদীৰ উপাধিকলৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড বিহিছে। 

পৰৱৰ্তী সময়ত  ৰাহুলক সাংসদ পদৰ পৰা  বৰ্খাস্ত কৰা হয়। শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, "মই ছাভাৰকাৰ নহয়, মই  গান্ধী। গান্ধীয়ে কেতিয়াও কাকো ক্ষমা নোখোজে’’।

ৰাহুল গান্ধীৰ এনে মন্তব্যৰ পিছতে  মহাৰাষ্ট্ৰৰ নাছিকত এক অনুষ্ঠানত ভাষণ দি উদ্ধৱ থাকৰেই  কয়, "ছাভাৰকাৰ আমাৰ আদৰ্শ।’’ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল  গান্ধীক সেয়ে ছাভাৰকাৰক অপমান নকৰিবলৈ সকিয়াই দিয়ে৷ থাকৰেই কয়  "ছাভাৰকাৰে ১৪ বছৰ ধৰি আন্দামানৰ চেলুলাৰ কাৰাগাৰত অকল্পনীয় অত্যাচাৰ সহ্য কৰিছিল। আমি তেওঁৰ ত্যাগ মনত ৰাখিব বিচাৰো।’’ উদ্ধৱে দাবী কৰে যে ৰাহুলে বিজেপিৰ প্ৰৰোচনাত ছাভাৰকাৰৰ বিষয়ে এনে মন্তব্য কৰিছে। উদ্ধৱে লগতে কয় যে যদি  ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত নহয়, তেন্তে দেশখনত ২০২৪ চনত শেষবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব।

উল্লেখ্য উদ্ধৱ থাকৰে নেতৃত্বাধীন অবিভক্ত শিৱসেনাই মহাৰাষ্ট্ৰৰ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিৰ পুৰণি মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু নিৰ্বাচনৰ পিছত শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰে আৰু কংগ্ৰেছ তথা  এনচিপিৰ সৈতে হাত মিলায়। ২০২২ চনৰ জুলাই মাহত শিৱসেনাৰ বিধায়ক একনাথ চিন্দেয়ে দল ত্যাগ কৰে আৰু অভিযোগ কৰে যে শিৱসেনাই হিন্দুত্ববাদী আদৰ্শৰ সৈতে আপোচ কৰিছে। ৪০ জন বিধায়কে চিন্দেৰ শিবিৰত যোগদান কৰিছিল। সংখ্যাৰ দিশটো বিবেচনা কৰি , নিৰ্বাচন আয়োগে চিন্দে শিবিৰক 'প্ৰকৃত' শিৱসেনা হিচাপে স্বীকৃতি দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক