--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক৷ যোৱা কিছুদিনৰ পৰা কৰোনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। সংক্ৰমণৰ ঘটনাৰ সংখ্যা প্ৰায় প্ৰতিদিনেই বাঢ়ি আহিছে। এদিনত প্ৰায় ২,০০০ লোক নতুনকৈ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত, কৰোনাৰ ১,৮৯০ গৰাকীলোক কোভিডত আক্ৰান্ত হৈছে৷   যোৱা ২১০ দিনৰ ভিতৰত এয়া সৰ্বাধিক সংক্ৰমণৰ ঘটনা। ইয়াৰ আগতে যোৱা বছৰ অক্টোবৰত শেষবাৰৰ বাবে এদিনত ইমান লোক সংক্ৰমিত হৈছিল। বৰ্তমান, দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ১০,০০০ৰো অধিক হৈছে ।


বিশেষজ্ঞসকলে দেশৰ কৰোনা পৰিস্থিতিৰ বিষয়েও চিন্তিত হৈ পৰিছে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে কোভিড-১৯ বিধিসমূহ ভালদৰে মানি চলাৰ আহ্বান জনাইছে৷  অহা মাহৰ ১০ আৰু ১১ তাৰিখে কৰোনাৰ পৰিস্থিতিৰ বিষয়ে দেশৰ বিভিন্ন চিকিৎসালয়ত পৰ্যালোচনা কৰা হ'ব।  চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত এনে সমীক্ষা  আয়োজনৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে এই সন্দৰ্ভত ৰাজ্যসমূহলৈও নিৰ্দেশনা প্ৰেৰণ কৰিছে।

পৰিসংখ্যা অনুসৰি, যোৱা এসপ্তাহত কৰোনাত ২৯ জন লোকৰ মৃত্যু হৈছে। আগৰ সপ্তাহত, সংখ্যাটো আছিল ১৯। ফলস্বৰূপে, মৃত্যুৰ পৰিসংখ্যাও কিছু চিন্তাৰ কাৰণ হৈ পৰিছে। সোমবাৰৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪  ঘণ্টাত ছয়জন লোকৰ মৃত্যু হৈছে।

যোৱা এসপ্তাহত অৰ্থাৎ ১৯ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ সমগ্ৰ দেশতে ৮,৭৮১ জন লোক কৰোনাত আক্ৰান্ত হৈছে৷  যিটো আগৰ সপ্তাহৰ পৰিসংখ্যাতকৈ ৭৮ শতাংশ বেছি। আগৰ সপ্তাহত, ৪,৯২৯  জন লোক কৰোনাত সংক্ৰমিত হৈছিল। বিশেষজ্ঞসকলে এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধান হোৱাটো প্ৰয়োজনীয় বুলি কৈ আহিছে। মৌলিক পৰিচ্ছন্নতাৰ নিয়ম যেনে মাস্ক পৰিধান কৰা , চেনিটাইজাৰ ব্যৱহাৰ কৰা  আদি  পৰামৰ্শ দিয়া হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক