--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক৷ যোৱা কিছুদিনৰ পৰা কৰোনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। সংক্ৰমণৰ ঘটনাৰ সংখ্যা প্ৰায় প্ৰতিদিনেই বাঢ়ি আহিছে। এদিনত প্ৰায় ২,০০০ লোক নতুনকৈ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত, কৰোনাৰ ১,৮৯০ গৰাকীলোক কোভিডত আক্ৰান্ত হৈছে৷   যোৱা ২১০ দিনৰ ভিতৰত এয়া সৰ্বাধিক সংক্ৰমণৰ ঘটনা। ইয়াৰ আগতে যোৱা বছৰ অক্টোবৰত শেষবাৰৰ বাবে এদিনত ইমান লোক সংক্ৰমিত হৈছিল। বৰ্তমান, দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ১০,০০০ৰো অধিক হৈছে ।


বিশেষজ্ঞসকলে দেশৰ কৰোনা পৰিস্থিতিৰ বিষয়েও চিন্তিত হৈ পৰিছে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে কোভিড-১৯ বিধিসমূহ ভালদৰে মানি চলাৰ আহ্বান জনাইছে৷  অহা মাহৰ ১০ আৰু ১১ তাৰিখে কৰোনাৰ পৰিস্থিতিৰ বিষয়ে দেশৰ বিভিন্ন চিকিৎসালয়ত পৰ্যালোচনা কৰা হ'ব।  চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত এনে সমীক্ষা  আয়োজনৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে এই সন্দৰ্ভত ৰাজ্যসমূহলৈও নিৰ্দেশনা প্ৰেৰণ কৰিছে।

পৰিসংখ্যা অনুসৰি, যোৱা এসপ্তাহত কৰোনাত ২৯ জন লোকৰ মৃত্যু হৈছে। আগৰ সপ্তাহত, সংখ্যাটো আছিল ১৯। ফলস্বৰূপে, মৃত্যুৰ পৰিসংখ্যাও কিছু চিন্তাৰ কাৰণ হৈ পৰিছে। সোমবাৰৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪  ঘণ্টাত ছয়জন লোকৰ মৃত্যু হৈছে।

যোৱা এসপ্তাহত অৰ্থাৎ ১৯ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ সমগ্ৰ দেশতে ৮,৭৮১ জন লোক কৰোনাত আক্ৰান্ত হৈছে৷  যিটো আগৰ সপ্তাহৰ পৰিসংখ্যাতকৈ ৭৮ শতাংশ বেছি। আগৰ সপ্তাহত, ৪,৯২৯  জন লোক কৰোনাত সংক্ৰমিত হৈছিল। বিশেষজ্ঞসকলে এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধান হোৱাটো প্ৰয়োজনীয় বুলি কৈ আহিছে। মৌলিক পৰিচ্ছন্নতাৰ নিয়ম যেনে মাস্ক পৰিধান কৰা , চেনিটাইজাৰ ব্যৱহাৰ কৰা  আদি  পৰামৰ্শ দিয়া হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু