--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'আপুনি হয়তো চিনেমাখনত এটি শিশু দেখিছে ? সেই শিশুটিক জনতাই আৱৰি ধৰি প্ৰহাৰ কৰা হয়। সেয়া মই আছিলোঁ,'- কথাষাৰ কৈ এজন যুৱক চিঞৰি উঠিল৷ দেশত সৰ্বত্ৰে চৰ্চাৰ সমান্তৰালকৈ জনপ্ৰিয়তা লাভ কৰা এখনি ছবি৷ নাম 'দ্য কাশ্মীৰ ফাইলছ৷' এই ছবিখন উগভোগ কৰাৰ পাছত বিভিন্ন মহলে মন্তব্য ব্যক্ত কৰিছিল৷ কিন্তু অলপতে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটি ভিডিঅ'ই শোকাহত কৰি তুলিছে দেশবাসীক৷ ছবিখনত দেখুওৱা ঘটনাবোৰ আছিল এটি কঠিন বাস্তব৷ ছবিখনত দেখুওৱাৰ শিশুৰ চৰিত্ৰটো বাস্তৱত আছিল জীৱন-মৰণৰ সংগ্ৰাম৷ এই ঘটনাৰ বিৱৰণী কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এজন যুৱক৷ https://twitter.com/i/status/1504624767697047557 এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ৷ য'ত এজন কাশ্মীৰী হিন্দু ল'ৰাই 'দ্য কাশ্মীৰ ফাইলছ'ৰ আৰম্ভণিতে দৰ্শকৰ হৃদয় কপাই দিছিল৷ উপত্যকাটোত কাশ্মীৰী হিন্দু ল'ৰাই কেনেদৰে বিপৰ্যৰ সন্মুখীন হৈছিল তাৰে এটা ঘটনাৰ সৈতে সাদৃশ্যপূৰ্ণ আছিল তাৰ বিষয়ে বৰ্ণনা কৰিছে দৃশ্যটোৱে। চলচ্চিত্ৰখনৰ আৰম্ভণি দৃশ্যত শিশু অভিনেতা 'পৃথ্বীৰাজ চৰনায়ক'৷ তেওঁ 'শিৱ'ৰ চৰিত্ৰত অভিনয় কৰিছিল৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ বাবে উল্লাস কৰাৰ সময়ত ইছলামবাদীসকলৰ দ্বাৰা শিশুটিক আক্ৰমণ কৰা দেখা গৈছিল। তেওঁৰ শৈশৱৰ শ্বাসৰুদ্ধ ঘটনাবোৰ বৰ্ণনা কৰি যুৱকজনে কয়, 'আৰু মোৰ মনত আছে যে এইখন পাকিস্তান আৰু ভাৰতৰ মাজত এখন খেল আছিল। আৰু পাকিস্তানে এই খেলখনত বিজয় সাব্যস্ত কৰিছিল। মই ৰাস্তাৰ মাজেৰে গৈ আছিলো আৰু বহু লোকে মোক আগুৰি ধৰিছিল। মোৰ পকেটত কিছু টকা আছিল। তেওঁলোকে ফটকা কিনিবলৈ টকা মোৰ পৰা লৈছিল।' 'সেয়া আপুনি আছিলনে? হে ভগৱান,' ভিৰৰ মাজত থকা এগৰাকী মহিলাই যুৱকজনক প্ৰশ্ন কৰিছিল। যুৱকজনে বৰ্ণনা কৰি কয়, 'সেই সময়ত মোৰ বয়স আছিল ১০ বছৰ।' ভিডিঅ'টোত দেখা পোৱা যুৱকজনক এগৰাকী মহিলাই সান্ত্বনা দিয়া দেখা গৈছিল৷ যুৱকজনৰ কথাত মহিলাগৰাকীয়ে মন্তব্য কৰে যে, 'যি ভয়ংকৰতা ঘটিছে তাক দেখুওৱা টো সম্ভৱ নহয়। ছবিখন হৈছে কাশ্মীৰী পণ্ডিতসকলৰ সৈতে কি ঘটিছে তাক দেখুওৱাটো সম্ভৱতঃ মৃদুতম উপায় । প্ৰকৃত কাহিনীবোৰ বহুত বেছি ভয়ংকৰ। ' BFC banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ