--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ আনন্দৰ মাজতে কান্দোনৰ ৰোল উঠিল বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা তথা নিৰ্দেশক গিৰিশ মালিকৰ ঘৰত। মুম্বাইৰ আন্ধেৰীৰ নিৱাসী গিৰিশ মালিকৰ ঘৰত সংঘটিত হল শোকাৱহ ঘটনা। শুকুৰবাৰে নিজ অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু ঘটে গিৰিশ মালিকৰ ১৭ বছৰীয়া পুত্ৰৰ৷ পুত্ৰ মননৰ মৃত্যুত ভাগি পৰিছে গিৰিশ মালিকৰ পৰিয়ালবৰ্গ। ঘটনাটোৰ পাছত ততাতৈয়াকৈ মননক কোকিলাবেন আম্বানী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বন্ধুৰ সৈতে হোলী খেলি দুপৰীয়াৰ সময়ত ঘৰলৈ উভতি আহিছিল মনন৷ তাৰপিছত সন্ধিয়া প্ৰায় ৫ মান বজাত এই ঘটনা সংঘটিত হয়। বৰ্তমানলৈকে মননৰ মৃত্যুৰ কাৰণ স্পষ্টকৈ জানিব পৰা হোৱা নাই৷ মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে অনুসন্ধান৷ উল্লেখ্য যে সঞ্জয় দত্ত অভিনীত তোৰবাজ নামৰ ছবিখন পৰিচালনা কৰি চৰ্চিত হৈ পৰিছিল গিৰিশ মালিক। মননৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে সঞ্জয় দত্তই। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। তোৰবাজৰ প্ৰযোজক ৰাহুল মিত্ৰই মননৰ মৃত্যুত দুখ প্ৰকাশ কৰি কয় "দুৰ্ঘটনাটোৰ বিষয়ে শুনি মোৰ উশাহ বন্ধ হৈ গৈছে। অলপ আগত সঞ্জুক (সঞ্জয় দত্ত) খবৰটো দিছো। তেঁৱো গভীৰ দুখত আছে। এই দুখ প্ৰকাশ কৰিবলৈ আমাৰ ওচৰত শব্দ নাই। তোৰবাজ নিৰ্মাণ কৰোঁতে মই মননক লগ পাইছিলো, তেওঁ এজন অতি প্ৰতিভাশালী আৰু কিবা এটা কৰি দেখুৱাব পৰাকৈ উৎসাহী আছিল। ঈশ্বৰে এই সময়ত গিৰিশ আৰু তেওঁৰ পৰিয়ালক সাহস দিয়ক।" আৰু পঢ়কঃ হোলীৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ! নিহত ৮, আহত ২৫ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক