--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ আনন্দৰ মাজতে কান্দোনৰ ৰোল উঠিল বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা তথা নিৰ্দেশক গিৰিশ মালিকৰ ঘৰত। মুম্বাইৰ আন্ধেৰীৰ নিৱাসী গিৰিশ মালিকৰ ঘৰত সংঘটিত হল শোকাৱহ ঘটনা। শুকুৰবাৰে নিজ অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু ঘটে গিৰিশ মালিকৰ ১৭ বছৰীয়া পুত্ৰৰ৷ পুত্ৰ মননৰ মৃত্যুত ভাগি পৰিছে গিৰিশ মালিকৰ পৰিয়ালবৰ্গ। ঘটনাটোৰ পাছত ততাতৈয়াকৈ মননক কোকিলাবেন আম্বানী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বন্ধুৰ সৈতে হোলী খেলি দুপৰীয়াৰ সময়ত ঘৰলৈ উভতি আহিছিল মনন৷ তাৰপিছত সন্ধিয়া প্ৰায় ৫ মান বজাত এই ঘটনা সংঘটিত হয়। বৰ্তমানলৈকে মননৰ মৃত্যুৰ কাৰণ স্পষ্টকৈ জানিব পৰা হোৱা নাই৷ মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে অনুসন্ধান৷ উল্লেখ্য যে সঞ্জয় দত্ত অভিনীত তোৰবাজ নামৰ ছবিখন পৰিচালনা কৰি চৰ্চিত হৈ পৰিছিল গিৰিশ মালিক। মননৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে সঞ্জয় দত্তই। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। তোৰবাজৰ প্ৰযোজক ৰাহুল মিত্ৰই মননৰ মৃত্যুত দুখ প্ৰকাশ কৰি কয় "দুৰ্ঘটনাটোৰ বিষয়ে শুনি মোৰ উশাহ বন্ধ হৈ গৈছে। অলপ আগত সঞ্জুক (সঞ্জয় দত্ত) খবৰটো দিছো। তেঁৱো গভীৰ দুখত আছে। এই দুখ প্ৰকাশ কৰিবলৈ আমাৰ ওচৰত শব্দ নাই। তোৰবাজ নিৰ্মাণ কৰোঁতে মই মননক লগ পাইছিলো, তেওঁ এজন অতি প্ৰতিভাশালী আৰু কিবা এটা কৰি দেখুৱাব পৰাকৈ উৎসাহী আছিল। ঈশ্বৰে এই সময়ত গিৰিশ আৰু তেওঁৰ পৰিয়ালক সাহস দিয়ক।" আৰু পঢ়কঃ হোলীৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ! নিহত ৮, আহত ২৫ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু