--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা অভিনেতা এজাজ খানে ভাৰ্চোভা আসনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। নগিনা সাংসদ চন্দ্ৰশেখৰ আজাদৰ দল আজাদ সমাজ পাৰ্টি (কাংশীৰাম)ৰ টিকটত মনোনয়ন দাখিল কৰিছিল এজাজ খানে। 

ছচিয়েল মিডিয়াত ৫৬ লাখ ফল’ৱাৰ্চ থকা এজাজ খানে মাত্ৰ ১৫৩টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। এই ঘটনাই ইয়াকে প্ৰমাণ কৰিলে যে ছচিয়েল মিডিয়াত অপাৰ জনপ্ৰিয়তা লাভ কৰিলেও ৰাজনৈতিক ক্ষেত্ৰখনত একো প্ৰভাৱ পেলাব নোৱাৰে। ৫৬ লাখ ফলৱাৰ্চ থকা এজাজ খানে ১০০০ নালাগে ৫০০ভোটো নাপালে। সঁচাই বৰ বিড়ম্বনা নহয়নে? 

মহাৰাষ্ট্ৰত শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট মহাযুতিয়ে আগভাগ লৈছে। ধাৰা অনুসৰি দলটোৱে মিত্ৰতাৰ সীমা অতিক্ৰম কৰিছে। ইফালে মহাৰাষ্ট্ৰৰ এখন আসনৰ সন্দৰ্ভত চৰ্চা চলি আছে। এই আসনখন হৈছে ভাৰ্চোভা। নিজকে মুম্বাইৰ ভাইজান বুলি অভিহিত কৰা এজাজ খানে ভোট লাভ কৰাত সম্পূৰ্ণ অসফল হৈ পৰিল। 

৫৬ লাখতকৈ অধিক ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ থকা অভিনেতা এজাজ খানে নিৰ্বাচনত বেয়াকৈ পৰাস্ত হ’ল। মন কৰিব যে এই আসনৰ পৰা মুঠ ১৬ জন প্ৰাৰ্থীয়ে খেলপথাৰত নামিছিল। এই আসনখনক পৰম্পৰাগতভাৱে কংগ্ৰেছৰ দুৰ্গ হিচাপে গণ্য কৰা হয়। ইয়াৰ পৰাই অভিনেতাজনে আজাদ সমাজ পাৰ্টি (কাংশী ৰাম)ৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি বেয়াকৈ পৰাজিত হয়।

অভিনেতা এজাজৰ বিতৰ্কৰ সৈতে গভীৰ সম্পৰ্ক আছে। ড্ৰাগছ ৰখাৰ অপৰাধত জে’ললৈ গৈছে এজাজ খান। ‘বিগ বছ ৭’ত অংশগ্ৰহণ কৰা এজাজ খান শ্ব’টোত থকাৰ সময়তো বিতৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু