--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা অভিনেতা এজাজ খানে ভাৰ্চোভা আসনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। নগিনা সাংসদ চন্দ্ৰশেখৰ আজাদৰ দল আজাদ সমাজ পাৰ্টি (কাংশীৰাম)ৰ টিকটত মনোনয়ন দাখিল কৰিছিল এজাজ খানে। 

ছচিয়েল মিডিয়াত ৫৬ লাখ ফল’ৱাৰ্চ থকা এজাজ খানে মাত্ৰ ১৫৩টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। এই ঘটনাই ইয়াকে প্ৰমাণ কৰিলে যে ছচিয়েল মিডিয়াত অপাৰ জনপ্ৰিয়তা লাভ কৰিলেও ৰাজনৈতিক ক্ষেত্ৰখনত একো প্ৰভাৱ পেলাব নোৱাৰে। ৫৬ লাখ ফলৱাৰ্চ থকা এজাজ খানে ১০০০ নালাগে ৫০০ভোটো নাপালে। সঁচাই বৰ বিড়ম্বনা নহয়নে? 

মহাৰাষ্ট্ৰত শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট মহাযুতিয়ে আগভাগ লৈছে। ধাৰা অনুসৰি দলটোৱে মিত্ৰতাৰ সীমা অতিক্ৰম কৰিছে। ইফালে মহাৰাষ্ট্ৰৰ এখন আসনৰ সন্দৰ্ভত চৰ্চা চলি আছে। এই আসনখন হৈছে ভাৰ্চোভা। নিজকে মুম্বাইৰ ভাইজান বুলি অভিহিত কৰা এজাজ খানে ভোট লাভ কৰাত সম্পূৰ্ণ অসফল হৈ পৰিল। 

৫৬ লাখতকৈ অধিক ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ থকা অভিনেতা এজাজ খানে নিৰ্বাচনত বেয়াকৈ পৰাস্ত হ’ল। মন কৰিব যে এই আসনৰ পৰা মুঠ ১৬ জন প্ৰাৰ্থীয়ে খেলপথাৰত নামিছিল। এই আসনখনক পৰম্পৰাগতভাৱে কংগ্ৰেছৰ দুৰ্গ হিচাপে গণ্য কৰা হয়। ইয়াৰ পৰাই অভিনেতাজনে আজাদ সমাজ পাৰ্টি (কাংশী ৰাম)ৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি বেয়াকৈ পৰাজিত হয়।

অভিনেতা এজাজৰ বিতৰ্কৰ সৈতে গভীৰ সম্পৰ্ক আছে। ড্ৰাগছ ৰখাৰ অপৰাধত জে’ললৈ গৈছে এজাজ খান। ‘বিগ বছ ৭’ত অংশগ্ৰহণ কৰা এজাজ খান শ্ব’টোত থকাৰ সময়তো বিতৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ