--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মনোহৰন (৩৬) আৰু তেওঁৰ পত্নী সুকন্যা (৩২) তিৰুৱন্নমলাই বাসিন্দা। এই দুগৰাকী স্বামী-স্ত্ৰীয়ে যি কাৰ্যই কৰিছে এই কাৰ্যই আপোনাক ক্ষন্তেক সময়ৰ বাবে আচৰিত কৰি তুলিব। লগতে ছ’চিয়েল মিডিয়া সন্দৰ্ভত আপোনাৰ মনলৈ বহু প্ৰশ্ন আহিবলৈ আৰম্ভ কৰিব। কুন্দ্ৰথুৰৰ সমীপৰ নন্দমবক্কমত ঘৰতে সন্তান জন্ম দিয়ে দম্পতীয়ে। আটাইতকৈ আচৰিত কথাটো হ’ল, হোৱাটছএপ গ্ৰুপৰ নিৰ্দেশ অনুসৰি তেওঁ ঘৰতে সন্তানটো জন্ম দিলে।

এই হোৱাটছএপ গ্ৰুপত ১০০০ৰো অধিক সদস্য আছে। এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে স্বাস্থ্য বিষয়াসকলে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। এই ঘটনাৰ পিছত আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে এতিয়ালৈকে পোৱা খবৰ অনুসৰি এই দম্পতীয়ে ৮ আৰু ৪ বছৰীয়া কন্যা দুগৰাকীৰ সৈতে ভাড়াঘৰত থাকে।

উল্লেখ্য যে মনোহৰণ ‘হোম বাৰ্থ এক্সপিৰিয়েন্স’ নামৰ হোৱাটছএপ গ্ৰুপৰ সদস্য । এই গ্ৰুপত অন্তৰ্ভুক্ত লোকসকল প্ৰসৱৰ বিষৰ বিষয়ে আৰু ইয়াৰ সৈতে জড়িত তথ্য আহৰণৰ ক্ষেত্ৰত অতি সক্ৰিয়। তৃতীয় সন্তানৰ সৈতে সুকন্যা গৰ্ভৱতী হোৱাত গৰ্ভাৱস্থাত কোনো ধৰণৰ চিকিৎসা পৰীক্ষা নকৰাৰ সিদ্ধান্ত লয়। ইমানেই যে ১৭ নৱেম্বৰত যেতিয়া সুকন্যা প্ৰসৱত সোমাইছিল, তেতিয়া দম্পতীহালে চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে হোৱাটছএপ গ্ৰুপৰ পৰা নিৰ্দেশনা আৰু টিপছ লোৱাৰ সিদ্ধান্ত লয়। খবৰ অনুসৰি মনোহৰনে নিজেই প্ৰসৱৰ যত্ন লয়।

অঞ্চলটোৰ জনস্বাস্থ্য বিষয়াগৰাকীয়ে শিশুটিৰ জন্মৰ পিছতে দম্পতীৰ বিৰুদ্ধে কুন্দ্ৰথুৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ আছে যে মনোহৰণৰ এই কাৰ্যই নিৰ্ধাৰিত চিকিৎসা সুৰক্ষাৰ নিয়ম উলংঘা কৰিছে। অভিযোগৰ পিছতে আৰক্ষীয়ে মনোহৰনক জেৰা কৰি তদন্তৰ সময়ত হোৱাটছএপ গ্ৰুপৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ পায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ