--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মনোহৰন (৩৬) আৰু তেওঁৰ পত্নী সুকন্যা (৩২) তিৰুৱন্নমলাই বাসিন্দা। এই দুগৰাকী স্বামী-স্ত্ৰীয়ে যি কাৰ্যই কৰিছে এই কাৰ্যই আপোনাক ক্ষন্তেক সময়ৰ বাবে আচৰিত কৰি তুলিব। লগতে ছ’চিয়েল মিডিয়া সন্দৰ্ভত আপোনাৰ মনলৈ বহু প্ৰশ্ন আহিবলৈ আৰম্ভ কৰিব। কুন্দ্ৰথুৰৰ সমীপৰ নন্দমবক্কমত ঘৰতে সন্তান জন্ম দিয়ে দম্পতীয়ে। আটাইতকৈ আচৰিত কথাটো হ’ল, হোৱাটছএপ গ্ৰুপৰ নিৰ্দেশ অনুসৰি তেওঁ ঘৰতে সন্তানটো জন্ম দিলে।

এই হোৱাটছএপ গ্ৰুপত ১০০০ৰো অধিক সদস্য আছে। এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে স্বাস্থ্য বিষয়াসকলে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। এই ঘটনাৰ পিছত আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে এতিয়ালৈকে পোৱা খবৰ অনুসৰি এই দম্পতীয়ে ৮ আৰু ৪ বছৰীয়া কন্যা দুগৰাকীৰ সৈতে ভাড়াঘৰত থাকে।

উল্লেখ্য যে মনোহৰণ ‘হোম বাৰ্থ এক্সপিৰিয়েন্স’ নামৰ হোৱাটছএপ গ্ৰুপৰ সদস্য । এই গ্ৰুপত অন্তৰ্ভুক্ত লোকসকল প্ৰসৱৰ বিষৰ বিষয়ে আৰু ইয়াৰ সৈতে জড়িত তথ্য আহৰণৰ ক্ষেত্ৰত অতি সক্ৰিয়। তৃতীয় সন্তানৰ সৈতে সুকন্যা গৰ্ভৱতী হোৱাত গৰ্ভাৱস্থাত কোনো ধৰণৰ চিকিৎসা পৰীক্ষা নকৰাৰ সিদ্ধান্ত লয়। ইমানেই যে ১৭ নৱেম্বৰত যেতিয়া সুকন্যা প্ৰসৱত সোমাইছিল, তেতিয়া দম্পতীহালে চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে হোৱাটছএপ গ্ৰুপৰ পৰা নিৰ্দেশনা আৰু টিপছ লোৱাৰ সিদ্ধান্ত লয়। খবৰ অনুসৰি মনোহৰনে নিজেই প্ৰসৱৰ যত্ন লয়।

অঞ্চলটোৰ জনস্বাস্থ্য বিষয়াগৰাকীয়ে শিশুটিৰ জন্মৰ পিছতে দম্পতীৰ বিৰুদ্ধে কুন্দ্ৰথুৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ আছে যে মনোহৰণৰ এই কাৰ্যই নিৰ্ধাৰিত চিকিৎসা সুৰক্ষাৰ নিয়ম উলংঘা কৰিছে। অভিযোগৰ পিছতে আৰক্ষীয়ে মনোহৰনক জেৰা কৰি তদন্তৰ সময়ত হোৱাটছএপ গ্ৰুপৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ পায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু