--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ ৰতন টাটা। নামেই তেওঁৰ পৰিচয়। ৰতন টাটা  দেশৰ অন্যতম বিখ্যাত উদ্যোগপতি। তেওঁৰ উদ্যোগতে  টাটা গ্ৰুপে এক নতু মাত্ৰা লাভ কৰিছে। ব্যৱসায়ৰ লগতে তেওঁ দেশৰ মৰ্যাদাকো এক নতুন শিখৰলৈ লৈ গৈছে।  ৰতন টাটা দেশৰ  প্ৰতিগৰাকী লোকৰেই সন্মানীয় ব্যক্তি ।

 সমাজসেৱাৰ ক্ষেত্ৰতো তেওঁৰ আছে অনবদ্য অৱদান। তেনে অৱদানৰ বাবেই ভাৰত চৰকাৰে তেওঁক দেশৰ  দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ বঁটা প্ৰদান কৰিছে।টাটা চন্সৰ অধ্যক্ষ ৮৫ বছৰীয়া ৰতন টাটা এতিয়াও ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে। তেওঁ তেওঁৰ জীৱনৰ বহু  মুহূৰ্ত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আহিছ। তেওঁ তেওঁৰ জীৱনৰ স্মৃতি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নিজৰ মনৰ ভাব মানুহৰ মাজত বিলাই দিছে। তেওঁ তেওঁৰ অনুগামীসকলৰ সৈতে এই সাফল্যৰ কথা বিনিময় কৰি আহিছে।

ছ’চিয়েল মিডিয়াত  ৰতন টাটাৰ  ৮.৫ নিযুত ফলোৱাৰ আছে।  কিন্তু আপুনি জানি  হয়তো  আচৰিত হ'ব যে ৰতন টাটাই নিজে কেৱল এজন ব্যক্তিকহে অনুসৰণ কৰে। আচৰিত নহয়নে বাৰু?আপুনি নিশ্চয় ভাবিছে সেই বিশেষ ব্যক্তিজন কোন? অৱশ্যে আমোদজনক কথাটো হ'ল এয়াই যে ৰতন টাটাই যাক  অনুসৰণ কৰে তেওঁ কোনো ব্যক্তি নহয়। সেয়া হৈছে টাটা ট্ৰাষ্ট। 

টাটা ট্ৰাষ্ট হৈছে ৰতন টাটাৰ মালিকানাধীন এটা কোম্পানী।টাটা ট্ৰাষ্ট ১৯১৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। টাটা ট্ৰাষ্ট বৰ্তমান দেশৰ আটাইতকৈ পুৰণি অনুদান প্ৰদানকাৰী কোম্পানীবোৰৰ ভিতৰৰেএটা। এই ট্ৰাষ্ট্ৰে যোৱা এক শতিকা ধৰি দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ট্ৰাষ্ট্ৰৰ  কাৰ্যকলাপ নিয়মীয়াকৈ ইনষ্টাগ্ৰামত প্ৰকাশ পাই আহিছে। ৰতন টাটাই কেৱল ইনষ্টাগ্ৰামত এই কোম্পানীটোকহে অনুসৰণ কৰে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ